উজনি অসমৰ সুবিধাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নতুন সচিবালয়

সচিবালয় মুকলিৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ' পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে,"অসমৰ জনসাধাৰণৰ একেবাৰে ওচৰত মই থাকিব বিচাৰোঁ৷ তাৰেই এক অংশ হিচাপে কিছু সময় পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় ৰাইজৰ বাবে উছৰ্গা কৰিম। আপোনালোকে জানি সুখী হ'ব যে ইয়ে আমাৰ উজনি অসমৰ জনসাধাৰণৰ সেৱাৰ সম্প্ৰসাৰণ ঘটাব আৰু সেই জিলাসমূহৰ বাবে আমি কৰা উন্নয়নী প্ৰচেষ্টাক অধিক সুচল কৰিব৷"

উজনি অসমৰ সুবিধাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নতুন সচিবালয়

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নতুন সচিবালয়

Updated On: 

06 Sep 2024 13:56 PM

ৰাজ্যত উদ্বোধন কৰা হ’ল ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়। উজনি অসমৰ জনসাধাৰণৰ বাবে প্ৰতি মাহৰ চাৰিটা দিন ডিব্ৰুগড়ত থাকিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।উজনি অসমৰ জিলাসমূহৰ জনসাধাৰণ তথা জিলাসমূহৰ উন্নয়নী যাত্ৰাক অধিক ত্বৰান্বিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে সচিবালয়৷ উজনি অসমৰ ৯খন জিলাৰ ৭৯ লাখ লোকৰ নিৰীক্ষণ, দ্ৰুত অভিযোগ নিষ্পত্তিকে ধৰি বিভিন্ন সুবিধা এই সচিবালয়ৰ পৰাই লাভ কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ সৈতে দিশপুৰৰ পাছত, ডিব্ৰুগড় অসমৰ দ্বিতীয়টো স্থানত পৰিণত হয় য’ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰা হৈছে । উত্তৰ আৰু উজনি অসম অঞ্চলত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে, ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মাহত কমেও চাৰিদিন কাম কৰিব । নতুন মুখ্যমন্ত্ৰী কাৰ্যালয় স্থাপনৰ মুখ্য উদ্দেশ্য হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা আৰু প্ৰশাসনিক কাৰ্যকলাপৰ সন্দৰ্ভত অঞ্চলটোৰ লোকসকলে ৰাজ্যৰ আনটো মূৰত অৱস্থিত দিশপুৰলৈ ভ্ৰমণ নকৰাকৈ তেওঁলোকৰ সম্পৰ্কিত সমস্যাবোৰ সমাধান কৰা ।

ৰাজধানী দিশপুৰত অৱস্থিত বৰ্তমানৰ অসম সচিবালয়ৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰা হয় । নতুন মুখ্যমন্ত্ৰী কাৰ্যালয়ে উজনি অসমৰ ৯ খন জিলা- ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ আৰু ধেমাজিৰ সকলো প্ৰশাসনিক কাম-কাজ চোৱাচিতা কৰিব ।

 

সচিবালয় মুকলিৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ’ পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে,”অসমৰ জনসাধাৰণৰ একেবাৰে ওচৰত মই থাকিব বিচাৰোঁ৷ তাৰেই এক অংশ হিচাপে কিছু সময় পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় ৰাইজৰ বাবে উছৰ্গা কৰিম। আপোনালোকে জানি সুখী হ’ব যে ইয়ে আমাৰ উজনি অসমৰ জনসাধাৰণৰ সেৱাৰ সম্প্ৰসাৰণ ঘটাব আৰু সেই জিলাসমূহৰ বাবে আমি কৰা উন্নয়নী প্ৰচেষ্টাক অধিক সুচল কৰিব৷”

লগতে মুখ্যমন্ত্ৰী শৰ্মাই এক্সযোগে এই সিদ্ধান্তক প্ৰশংসা কৰি কয় যে এই পদক্ষেপে চৰকাৰ আৰু ৰাইজৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰিব । তেওঁ কয়, “প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আংশিকভাৱে ৰাজধানীৰ পৰা আঁতৰি যাব আৰু প্ৰশাসনৰ বিকেন্দ্ৰীকৰণ আৰু চৰকাৰক মানুহৰ ওচৰলৈ অনাৰ প্ৰচেষ্টাৰ সৈতে সামঞ্জস্য আনিব ।”

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰে । এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি কেইবাজনো মন্ত্ৰী আৰু বিধায়কৰ লগতে বিশিষ্ট ব্যক্তি।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...