ভাৰতেই পাকিস্তানক পাৰমাণৱিক শক্তি হোৱাৰ সুযোগ দিলে: কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি সামজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ ঐতিহাসিক ভুল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ভাৰতেই পাকিস্তানক এক পাৰমাণৱিক শক্তি হোৱাৰ সুযোগ দিলে।" শৰ্মাই উল্লেখ কৰে যে ভাৰতে ১৯৮০ চনত পাকিস্তানৰ পাৰমাণৱিক ভাবুকি দূৰ কৰাৰ সুযোগ পাইছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পুনৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল’লে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি সামজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ ঐতিহাসিক ভুল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতেই পাকিস্তানক এক পাৰমাণৱিক শক্তি হোৱাৰ সুযোগ দিলে। সাম্প্ৰতিক সময়ত যিদৰে বহু দেশে পাৰমাণৱিক ভাবুকিৰ সন্মুখীন হ’লে সেই ভাবুকি মষিমূৰ কৰিবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে, ১৯৮০ৰ দশকত ভাৰতৰ নীৰৱতা আৰু হোঁহকা-পিছলা নীতিৰ পৰিণতি আজিও সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এক চৰম দুৰ্ভাগ্যজনক অধ্যায় হৈ ৰ’ল — কি কৰিব পৰা গ’লহেঁতেন আৰু কি কৰা নহ’ল!”
হেৰুওৱা সুযোগ বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয়, “ৰ’ৱে নিশ্চিত তথ্য লাভ কৰিছিল যে পাকিস্তানে গোপন গৱেষণা কেন্দ্ৰ কাহুটাত ইউৰেনিয়াম সমৃদ্ধিকৰণৰ কাম আৰম্ভ কৰিছে।” তেওঁ কয়, সেই সময়তে ইজৰাইলে ভাৰতলৈ প্ৰস্তাৱ আগবঢ়াইছিল — চোৰাংচোৱাৰ তথ্য বিনিময়ৰ পৰা পাক পৰমাণু কেন্দ্ৰত যৌথ আক্ৰমণৰ পৰিকল্পনালৈ৷ জামনগৰ বিমানঘাটিক মূল আধাৰকেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছিল।”
🇮🇳💣 Congress’s Historic Blunder: How India Let Pakistan Become a Nuclear State
At a time when nations today act decisively to neutralize nuclear threats, India’s tragic inaction during the 1980s remains a cautionary tale of what could have been—and what wasn’t.
🔍 The Missed…
— Himanta Biswa Sarma (@himantabiswa) June 14, 2025
পোষ্টটোত তেওঁ লিখিছে, ভাৰতীয় সেনাই কাহুটাত পূৰ্ণ পৰ্যায়ৰ বিমান আক্ৰমণ কৰাৰ প্ৰস্তুতিও চলাইছিল। ভাৰতৰ হাতত আছিল পৰ্যাপ্ত সামৰিক শক্তি আৰু ৰাজনৈতিক সমৰ্থন — য’ত পাকিস্তানৰ পাৰমাণৱিক পৰিকল্পনা আৰম্ভ হোৱাৰ আগতেই শেষ কৰাৰ পূৰ্ণ সুযোগ আছিল। কিন্তু অন্তিম মুহূর্তত: ইন্দিৰা গান্ধীয়ে আন্তৰ্জাতিক ছাপৰ আশংকাত পিছহোঁহকা দিলে। ৰাজীৱ গান্ধীয়ে বৈদেশিক হেঁচা আৰু শিথিল কূটনীতিৰ কৌশল লৈ এই পৰিকল্পনা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে।”
মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি, “১৯৮৮ চনত ৰাজীৱ গান্ধীয়ে বেনজিৰ ভুট্টোৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে, য’ত ভাৰত-পাকিস্তানে পৰস্পৰে পৰমাণৱিক ক্ষেত্ৰত আক্ৰমণ নকৰে বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়।এটা দশকৰ পাছত ১৯৯৮ চনত পাকিস্তানে নিজৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ পাছতেই বিগত সময়ত ভাৰত এক ব্যয়বহুল পৰমাণু অস্ত্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লগা হ’ল।” তেওঁ লিখিছে, কাৰ্গিল যুদ্ধ, পাক পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদ আৰু সীমান্তৰ ধাৰাবাহিক সংঘাত — এই সকলোবোৰ পাকিস্তানৰ পৰমাণৱিক ঢালৰ অধীনত সংঘটিত হ’বলৈ ধৰিলে।”
তেওঁ কয় ,” পাকিস্তানে আজিও পৰমাণু বোমাৰ ভয় দেখুৱাই আন্তৰ্জাতিক মহলত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰয়াস চলাই আহিছে। আশ্চৰ্যজনকভাৱে ইয়াৰ মাজতে INDI-গোটৰ অন্যতম সহযোগী দল CPI(M)-এ নিজৰ ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত ভাৰতৰ নিউক্লীয়াৰ নীতি বাতিল কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে।”
নেতৃত্বৰ পাঠ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “যেতিয়া নেতৃত্বৰ সাহস আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন হয়, সেই সময়তে কংগ্ৰেছে আপোচ আৰু বিলম্বিতকৰণৰ পথ বাছি লয়। প্ৰকৃততে দেশৰ দীৰ্ঘম্যাদী সুৰক্ষাৰ এক সুবৰ্ণ সুযোগ হ্ৰস্বম্যাদী কূটনৈতিক বিলাসিতাৰ মোহত অথলে যাবলৈ দিয়া হ’ল। কংগ্ৰেছৰ এই ব্যৰ্থতাৰ মূল্য ভাৰত আৰু দক্ষিণ এছিয়া অঞ্চলে আজিও অহৰহ বহন কৰি থাকিবলগীয়া হৈছে।”