কোচিং ল’ব পৰা শিক্ষাৰ্থীসকলে চৰকাৰৰ বিনামূলীয়া স্কুটীখনলৈ লোভ কৰিব নালাগে: বাণীকান্ত কাকতি বঁটাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

কোনোৱে উচ্চতৰ মাধ্যমিকৰ পাছত বাহিৰৰ ৰাজ্যৰ কলেজত নামভৰ্তি কৰে বা কোচিং কৰি থাকে সেই সকলে ল'ৰা- ছোৱালীয়ে নাপাব বাণীকান্ত কাকতি বঁটা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। সামজিক মাধ্যযোগে বহু শিক্ষাৰ্থীয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল। এই  সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহয় বুলি জনাই মুখ্যমন্ত্ৰীয়ে।

কোচিং লব পৰা শিক্ষাৰ্থীসকলে চৰকাৰৰ বিনামূলীয়া স্কুটীখনলৈ লোভ কৰিব নালাগে: বাণীকান্ত কাকতি বঁটাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

বাণীকান্ত কাকতি বঁটাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

Updated On: 

15 Dec 2024 20:41 PM

বাণীকান্ত কাকতি বঁটাক লৈ হৈ থকা বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই  সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহয় বুলি জনাই মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে যে, স্কুটী পাবলৈ কলেজত পঢ়িব লাগিব। বিষয়টোক লৈ জেদ কৰি থাকি লাভ নাই বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

বিষয়টো সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাৰ অসমত মানুহে কিছুমান কথাত জেদ কৰে। আমি স্কুটীখন কিয় দিও? আমি স্কুটীখন কলেজত যাব বাবে দিও। যাতে ৩ বছৰ তেওঁ কলেজত পঢ়িব পাৰে, কিন্তু তেওঁ যদি কোটাত কোচিং কৰি থাকে। এইখন আমি পুৰস্কাৰ হিচাপে নিদিও। কলেজত যোৱাৰ সুবিধাৰ বাবে দিও। যদি তেওঁ কলেজ নপঢ়ে স্কুটীখন কেনেকৈ দিব পাৰিম। আমি টেক্স লৈ এইবোৰ কৰো। মোৰ ঘৰৰ পইচা নিদিও। গতিকে যদি কলেজত নপঢ়ে , পিতৃ-মাতৃয়ে যদি এবছৰ কোচিং দিব পাৰে, তেওঁলোকে চৰকাৰৰ বিনামূলীয়া স্কুটীখন কিয় লোভ কৰিব লাগে?”

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, “ইয়াক লৈ বিতৰ্ক হ’ব নোৱাৰে। তেওঁলোকে নিজেই ক’ব পাৰে, ডেৰ লাখ টকা দি দেউতাই কোটাত কোচিং কৰাই আছে। গতিকে দুখীয়া মানুহৰ স্কুটীখন নালাগে বুলি ক’ব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে চৰকাৰে সকলোৰে কথা শুনি নাথাকে। স্কুটীৰ আচঁনি ছাত্ৰ-ছাত্ৰীয়ে কলেজলৈ যোৱাৰ সুবিধাৰ বাবে দিয়া আচঁনি। কলেজলৈ নগৈ কোচিঙলৈ গৈছে। এতিয়া সেই কোচিং সচাই নে মিছা কোনে জানিব?”

মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ স্পষ্ট কৰি কয় যে, স্কুটী পাবলৈ কলেজত পঢ়িব লাগিব। আৰু যিসকলৰ পিতৃ-মাতৃয়ে কোচিং দিব পাৰে তেওঁলোকে দুখীয়াক দিয়া স্কুটীখনত উঠি ভাল নাপাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, “শিক্ষাৰ্থীগৰাকীয়ে নিজে কষ্ট পাব এইখনত উঠি কষ্ট পাব সেইখনত উঠি। এয়া পুৰস্কাৰ নহয়। আচঁনিখনত লিখা আছে- কলেজলৈ যোৱাৰ সুবিধাৰ বাবে দিয়াৰ বাবে এই ব্যৱস্থা কৰা হৈছে। চাইকেলখনো স্কুলত যাবলৈ দিছোঁ। এই বিষয়বোৰত জেদ কৰি থাকি লাভ নাই। যি সিদ্ধান্ত লোৱা হৈছে , সেয়ে হ’ব। কোনো পৰিৱৰ্তন নহয়।”

উল্লেখ্য যে, বাণীকান্ত কাকতি বঁটা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিছে কিছু নিয়ম। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শৰ্মাই কয় যে, বাণীকান্ত কাকতি বঁটাৰ সুবিধা লাভ কৰিবলৈ ছাত্ৰই ৭৫ শতাংশ আৰু ছাত্ৰীয়ে ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। ইয়াৰ উপৰিও শিক্ষাৰ্থীগৰাকী ৰাজ্যৰ কোনো কলেজত নামভৰ্তি কৰা হ’ব লাগিব। যদি কোনোৱে উচ্চতৰ মাধ্যমিকৰ পাছত বাহিৰৰ ৰাজ্যৰ কলেজত নামভৰ্তি কৰে বা কোচিং কৰি থাকে সেই সকলে ল’ৰা- ছোৱালীয়ে এই সুবিধাৰ লাভ নাপায়।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। সামজিক মাধ্যযোগে বহু শিক্ষাৰ্থীয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল। ইয়াৰ বাবে বহু মেধাৱী শিক্ষাৰ্থী বঞ্চিত হোৱা অভিযোগ উত্থাপন কৰা হৈছিল। এই ক্ষেত্ৰত ৰাজপথলৈ ওলাই আহে ভিন্ন উচ্চ শিক্ষাৰ বাবে Coaching কৰি থকা ছাত্ৰ-ছাত্ৰীসকল। নিজৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ অনুৰোধ জনালে চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক।

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !