গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিট, সতীৰ্থৰ প্ৰহাৰত মূৰ ফালিল সভাপতি প্ৰাৰ্থীৰ!
গুৱাহাটীৰ ৰাজীৱ ভৱনত দুই ফৈদৰ ভয়ংকৰ মাৰপিট সংঘটিত হয়। জিন্স বৰা নামৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীক মাৰপিটৰ অভিযোগ। সতীৰ্থৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱ কংগ্ৰেছৰ নেতাগৰাকী। আহত জিন্স বৰাক ভৰ্তি কৰোৱা হয় GMCHত।

গুৱাহাটীৰ ৰাজীৱ ভৱনত মাৰপিট
ৰাজীৱ ভৱনত নিৰ্বাচনী ৰণ! তেজেৰে ৰাঙলী হ’ল গুৱাহাটীৰ ৰাজীৱ ভৱন। জিন্স বৰা নামৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীক মাৰপিটৰ অভিযোগ। সতীৰ্থৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱ কংগ্ৰেছৰ নেতাগৰাকী। আহত জিন্স বৰাক ভৰ্তি কৰোৱা হয় GMCHত। ঘটনা সন্দৰ্ভত আটক কৰা হৈছে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিথু আহমেদক ।
জানিব পৰা মতে m গুৱাহাটীৰ ৰাজীৱ ভৱনত দুই ফৈদৰ ভয়ংকৰ মাৰপিট সংঘটিত হয়। NSUIৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে । জিন্স বৰা নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। ইতিমধ্যে আটক কৰা হৈছে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিথু আহমেদক। জিন্স বৰা নামৰ সভাপতি প্ৰাৰ্থীগৰাকীক মাৰধৰ কৰাৰ অভিযোগ। NSUIৰ ২ সদস্যই মাৰপিট কৰাৰ অভিযোগ একাংশৰ।
আক্ৰমণকাৰীয়ে জিন্স বৰাৰ মূৰত বেয়াকৈ প্ৰহাৰ কৰে। চকীৰে মৰিয়াই মৰিয়াই জিন্স বৰাক আক্ৰমণ কৰাৰ অভিযোগ। যাৰ বাবে সভাপতি প্ৰাৰ্থীগৰাকীৰ মূৰৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হয়। তথ্য অনুসৰি আক্ৰমণকাৰী দুই অভিযুক্তৰ নাম মিঠু আহমেদ আৰু প্ৰিন্স বৰা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিন্স বৰাক লগে লগে GMCHৰ জৰুৰীকালিন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। বন্ধ কোঠাত জিন্স বৰা উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ দুই অভিযুক্তৰ বিৰুদ্ধে। ইফালে ঘটনা সন্দৰ্ভত অভিযুক্ত মিঠু আহমেদ আৰু প্ৰিন্সক আটক কৰিছে আৰক্ষীয়ে।
ইফালে মাৰপিটৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞাই। যুৱ কংগ্ৰেছৰ নেতা মিঠু আহমেদ আৰু প্ৰিন্স বৰাই প্ৰহাৰ কৰাৰ কথা উল্লেখ। সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ঘটনা উচিত তদন্তৰ আহ্বান প্ৰিন্স বৰাৰ মাতৃৰ। আজি তদন্তৰ বাবে ৰাজীৱ ভৱনলৈ যাব আৰক্ষী। ইফালে দুই আক্ৰমণকাৰী অভিযুক্তৰ নাম মিঠু আহমেদ আৰু প্ৰিন্স বৰাক আটক কৰি ভঙাগড় থানা সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এতিয়া পুনৰ উত্থাপন হৈছে এটা প্ৰশ্নৰ। কিয় দিন দিনে অনুশাসন হেৰুৱাইছে কংগ্ৰেছে। নিৰ্বাচনী ৰণ বুলি ক’লে এতিয়া প্ৰথমতে আহে কংগ্ৰেছৰ নাম। য’ত কেৱল বাক-বিতণ্ডাতে সমাপ্ত নাথাকি হিংসাত্মক পৰ্যায় পাইগৈ। যাৰ পৰিণতিতে উদ্ভৱ হয় এনে পৰিস্থিতিৰ।