ৰংমহলত সংহত ন্যায়িক আদালত কমপ্লেক্সৰ আধাৰশিলা, উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ

উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় মুখ্য ন্যায়াধীশগৰাকী।

ৰংমহলত সংহত ন্যায়িক আদালত কমপ্লেক্সৰ আধাৰশিলা, উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ
Published: 

11 Jan 2026 | 11:52 AM

আজি দেওবাৰে উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় মুখ্য ন্যায়াধীশগৰাকী। ইয়াৰ পাছতে তেওঁৰ সন্মানত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰু ৰাতিৰ আহাৰ গ্ৰহণত অংশগ্ৰহণ কৰে। সেই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিও উপস্থিত আছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

বিষয়াসকলে জনোৱা মতে, আধুনিক ন্যায়িক চহৰ হিচাপে কল্পনা কৰা এই নতুন কমপ্লেক্সটো ১৪৮ বিঘা (৪৮ একৰ) ভূমিত নিৰ্মাণ কৰা হ’ব, প্ৰথম পৰ্যায়ত প্ৰায় ৪৭৯ কোটি টকা খৰচ হ’ব। নতুন কমপ্লেক্সটোত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু জিলা আদালতৰ ভৱনসমূহৰ লগতে দ্ৰুত আৰু অধিক সুলভ ন্যায় প্ৰদানৰ বাবে সংহত সুবিধা থাকিব বুলি বিষয়াসকলে জনায়।

অৱশ্যে নতুন স্থানলৈ স্থানান্তৰিত হোৱাৰ প্ৰস্তাৱৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু দেওবাৰে পুৱা ১০ বজাৰ পৰা চাৰি ঘণ্টীয়া অনশন কাৰ্যসূচী ঘোষণা কৰিছে উকিল সন্থাই।

ৰাজ্যিক অধিবক্তা মহাধিবক্তা দেৱজিৎ শইকীয়াই সংগঠনটোক সমালোচনা কৰি প্ৰতিবাদৰ আঁৰত “ৰাজনৈতিক দলৰ সৈতে সংযোগ” আছে বুলি দাবী কৰে। সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত মহানগৰীৰ মধ্য অংশৰ উজান বজাৰ অঞ্চলত অৱস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়। ইয়াৰ এটা ঐতিহাসিক ভৱন আছে আৰু কেইবছৰমানৰ আগতে এটা আধুনিক বহুমহলীয়া ভৱন নিৰ্মাণ আৰু উদ্বোধন কৰা হৈছিল।

মহাত্মা গান্ধী পথৰ দুয়োকাষে বিপৰীতে বিপৰীতে অৱস্থিত এই অট্টালিকা দুটাক এস্কেলেটৰৰ সুবিধাৰে ভূগৰ্ভস্থ সুৰংগেৰে সংযোগ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...