অসুস্থ অখিল গগৈক GMCHত সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ উপযুক্ত চিকিৎসা প্ৰদানৰ নিৰ্দেশনা

বিগত চাৰি দিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। চিকিৎসাধীন বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱোৰ উদ্দেশ্যে আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা GMCHত উপস্থিত হয়।

অসুস্থ অখিল গগৈক GMCHত সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ উপযুক্ত চিকিৎসা প্ৰদানৰ নিৰ্দেশনা

GMCHত অখিল গগৈক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Published: 

01 Sep 2024 | 11:29 PM

ৰাজ্যৰ ৰাজনীতিত সততে পৰস্পৰ বিৰোধী মুখ হিচাপে সদায়ে পৰিচিত হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। পিছে এই ৰাজনৈতিক দ্বন্দ আজি অসুস্থ অখিল গগৈৰ কাষত থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত চাৰি দিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। চিকিৎসাধীন বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱোৰ উদ্দেশ্যে আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা GMCHত উপস্থিত হয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈক সাক্ষাৎ কৰি চিকিৎসকৰ সৈতে বিধায়কগৰাকীৰ ৰোগ সম্পৰ্কে আলোচনা কৰে আৰু তৎপৰতাৰে উপযুক্ত চিকিৎসা প্ৰদানৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ GMCH কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে বিধায়ক অখিল গগৈৰ আশু আৰোগ্য কামনা কৰে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে তেওঁ এই সাক্ষাতৰ এক দৃশ্যও শ্বেয়াৰ কৰে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ত সাক্ষাৎ কৰাৰ পিছতে অখিল গগৈয়েও সামাজিক মাধ্যম যোগে এই সাক্ষাতৰ ছবি প্ৰচাৰ কৰিছে। চিকিৎসালয়ত তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায় অখিল গগৈয়ে। উল্লেখ্য যে বিধানসভা অধিৱেশনৰ মাজতে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰি চাৰিদিন পূৰ্বে GMCHত ভৰ্তি হৈছিল বিৰোধী বিধায়কগৰাকী।

এই অধিৱেশনত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰিছিল অখিল গগৈয়ে। ধিং কাণ্ডৰ পিছতে ৰাজ্যৰ পৰিস্থিতিৰ বিষয়ত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি যোগাব পৰা মন্তব্য কৰা বুলি অভিযোগ কৰিছিল। ৰাজ্যত আইন শৃংখলাৰ অৱনতিৰ অভিযোগ তুলি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰো দাবী কৰিছিল বিধানসভাত।

লক্ষণীয়ভাৱে আজি হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ পূৰ্বে অখিল গগৈয়ে চিকিৎসালয়ৰ পৰাই সামাজিক মাধ্যম যোগে এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’ বাৰ্তাটোত তেওঁ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ নেতা তেজস্বী যাদৱে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কৰা এক মন্তব্যৰ বিৰোধিতা কৰিছিল। অখিল গগৈয়ে লগতে তেজস্বী যাদৱক এই মন্তব্য উঠাই ল’বলৈয়ো দাবী জনাইছিল।

উল্লেখ্য যে শেহতীয়াকৈ অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে মুছলমানসকলক লৈ গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজস্বী যাদৱে ‘হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্য নাথৰ চাইনিজ ভাৰ্চন হ’বলৈ চেষ্টা কৰিছে’ বুলি মন্তব্য কৰিছিল। তেজস্বী যাদৱৰ এই মন্তব্যই অসমৰ জনসাধাৰণৰ আৱেগত আঘাত কৰা বুলি উল্লেখ কৰি এই মন্তব্য উঠাই ল’বলৈ দাবী জনাইছিল।

অৱশ্যে বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ সতীৰ্থ নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক বিশ্বৰ আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তি বুলি কৰা মন্তব্যক সমৰ্থন জনাইছিল অখিল গগৈয়ে। সামাজিক মাধ্যম যোগে বিধায়কগৰাকীয়ে এই বাৰ্তাটো প্ৰচাৰ কৰাৰ পিছতে অসম প্ৰদেশ বিজেপিয়ে অখিল গগৈক এই বিষয়ত ধন্যবাদ জ্ঞাপন কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব