পৰকীয়া প্ৰেমৰ বাবে স্বামীক নিৰ্মমভাৱে হত্যা! আৰক্ষীৰ জেৰাত হত্যাকাৰী পত্নীৰ স্বীকাৰোক্তি…

পৰকীয়া প্ৰেমৰ বাবেই স্বামী মাধুৰ্য্য বৰুৱাক পত্নী প্ৰহেলিকা বৰুৱাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাধুৰ্য্য গগৈৰ অভিযুক্ত পত্নী প্ৰহেলিকা বৰুৱা আৰু ময়ুন্ত গগৈ নামৰ লোকজনক। ময়ুন্ত গগৈ মাধুৰ্য্যৰ পত্নী প্ৰহেলিকা বৰুৱাৰ পৰকীয়া প্ৰেমিক বুলি ধাৰণা কৰা হৈছে।

পৰকীয়া প্ৰেমৰ বাবে স্বামীক নিৰ্মমভাৱে হত্যা! আৰক্ষীৰ জেৰাত হত্যাকাৰী পত্নীৰ স্বীকাৰোক্তি...

পৰকীয়া প্ৰেমৰ বাবে নিৰ্মমভাৱে হত্যা কৰিলে স্বামীক!

Published: 

14 Sep 2024 15:04 PM

চাবুৱাৰ মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। পত্নী প্রহেলিকা বৰুৱাই হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক। হত্যাত পত্নীক সহযোগ কৰিছিল ময়ূন্ত গগৈ নামৰ এজন যুৱকে। সহযোগ কৰা যুৱকজনকো গ্ৰেপ্তাৰ আৰক্ষীৰ। দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত দুয়ো স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। পত্নী প্রহেলিকা বৰুৱাক গ্ৰেপ্তাৰৰ পাছতে চাবুৱা থানাৰ সন্মুখত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চাবুৱা আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

জলসম্পদ বিভাগৰ কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা। ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। অতি নৃশংসভাৱে হত্যা কৰা হৈছিল মাধুৰ্য বৰুৱাক। পত্নীয়ে প্ৰথমে নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰাইছিল মাধুৰ্যক। তাৰ পাছত চোকা অস্ত্ৰ আৰু ধুমুচেৰে মৰিয়াই হত্যা কৰিছিল মাধুৰ্যক। ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ।

উল্লেখ্য যে, যোৱা সোমবাৰে নিশা চাবুৱাত সংঘটিত হৈছিল মাধুৰ্য্য বৰুৱাৰ নৃশংস হত্যাকাণ্ড। সোমবাৰে নিশা ঘৰৰ চৌহদতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক। নিশা প্ৰায় ডেৰ মান বজাত চাবুৱাৰ জেৰাই গাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰত হত্যা কৰে। জানিব পৰা মতে, ঘৰত শুই থকা অৱস্থাতে মাধুৰ্য বৰুৱাক কোনো অচিনাক্ত দুৰ্বৃত্ত‌ই মাধুৰ্যক শুৱাপাটিৰ পৰা জগাই তোলে আৰু চৌহদৰ ভিতৰতে চোকা অস্ত্ৰৰে হানি-খুচি অতি নিৰ্মমভাৱে হত্যা কৰে। মাধুৰ্য বৰুৱা ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল।

পৰকীয়া প্ৰেমৰ বাবেই স্বামী মাধুৰ্য্য বৰুৱাক পত্নী প্ৰহেলিকা বৰুৱাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাধুৰ্য্য গগৈৰ অভিযুক্ত পত্নী প্ৰহেলিকা বৰুৱা আৰু ময়ুন্ত গগৈ নামৰ লোকজনক। ময়ুন্ত গগৈ মাধুৰ্য্যৰ পত্নী প্ৰহেলিকা বৰুৱাৰ পৰকীয়া প্ৰেমিক বুলি ধাৰণা কৰা হৈছে। এই মুহূৰ্তলৈকে আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য সদৰী কৰা নাই যদিও যোৱা সোমবাৰে সংঘটিত এই হত্যাকাণ্ডৰ লগত জড়িত চাবুৱাৰ ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক আটক কৰা পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...