ৰাজ্যত বাজিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা! মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থীৰ হেতা-ওপৰা

Assam panchayat elections 2025: পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত হেতা-ওপৰা লগাইছে প্ৰাৰ্থীয়ে। ক’ৰবাত যদি মনোনয়ন পত্ৰ সংগ্ৰহত বাধা, ক’ৰবাত হতাহতি-নেতাৰ ঘৰ ঘেৰাও। মুঠৰ ওপৰত উত্তাল, উত্তেজনাৰে আৰম্ভ হৈছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। পিছে নিৰ্বাচন কেন্দ্ৰ কৰি ঠায়ে ঠায়ে চলিছে টিকট কেন্দ্ৰিক সংঘাত।

ৰাজ্যত বাজিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা! মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থীৰ হেতা-ওপৰা

নিৰ্বাচন

Updated On: 

10 Apr 2025 | 01:41 PM

ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ। আগন্তুত মে’ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনী  ৰণত নামিবলৈ সাজু শাসক-বিৰোধী। এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ’ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নামনি অসমত। ইয়াৰোপৰি এইবাৰ বেলট পেপাৰৰ যোগেদি সম্পন্ন হ’ব ভোটদান প্ৰক্ৰিয়া।

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত হেতা-ওপৰা লগাইছে প্ৰাৰ্থীয়ে। ক’ৰবাত যদি মনোনয়ন পত্ৰ সংগ্ৰহত বাধা, ক’ৰবাত হতাহতি-নেতাৰ ঘৰ ঘেৰাও। মুঠৰ ওপৰত উত্তাল, উত্তেজনাৰে আৰম্ভ হৈছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। পিছে নিৰ্বাচন কেন্দ্ৰ কৰি ঠায়ে ঠায়ে চলিছে টিকট কেন্দ্ৰিক সংঘাত। মানকাচৰত কংগ্ৰেছৰ টিকটকেন্দ্ৰিক সংঘাত৷ পদত্যাগ কৰে ৬গৰাকীকৈ জিলা পৰ্যায়ৰ নেতাই। কংগ্ৰেছৰ টিকটকেন্দ্ৰিক সংঘাত সন্দৰ্ভত ঘোঁৰামাৰাস্থিত বাসভৱনত সংবাদমেল সম্বোধন  APCCৰ সভাপতি ভূপেন বৰাৰ । পঞ্চায়ত নির্বাচনত আন বিৰোধী দলৰ সৈতে মিত্রতা হ’ব বুলি উল্লেখ কৰে ভূপেন বৰাই। তেওঁ কয়, “বিহুৰ মাজতে হীৰেন গোঁহাইৰ সৈতে আলোচনা কৰি কাৰ কাৰ সৈতে মিত্ৰতা কৰিব লাগে এইক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব”।

ইফালে বুধবাৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী তথা দলৰ পঞ্চায়ত নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ ৰাজ্যিক আহ্বায়ক শ্ৰীযুত পীযুষ হাজৰীকাসহ  আন আন সদস্যসকল। পঞ্চায়ত নিৰ্বাচনৰ বাবে বুধবাৰে নিজা প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিয়ে। ৭৩টা জিলা পৰিষদ দিয়া হৈছে অগপক। বাকী থকা ৬ জিলা পৰিষদত অগপই খেলিবনে নাই তাক লৈ চলি আছে চৰ্চা।

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ লখিমপুৰত কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দেখা গৈছে প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰ। ছৈখোৱা উন্নয়ন খণ্ড কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী-সমৰ্থকৰ ভিৰ৷ ভিৰ কৰিছে কাকপথাৰ, ফিল’বাৰী, ডিৰাক অঞ্চলৰ ৰাইজে৷

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে, ২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আৱেলি  ৩.৩০ বজালৈ  অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।  এই নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে ৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল  কৰিব পাৰিব। ১১ এপ্ৰিলত পৰীক্ষা কৰা হ’ব মনোনয়ন পত্ৰ । প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰকাশ কৰা তাৰিখ হৈছে ১২ এপ্ৰিল ২০২৫।  মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা তাৰিখ হৈছে ১৭ এপ্ৰিল ২০২৫। তাৰ পাছতে অনুষ্ঠিত হ’ব নিৰ্বাচন। ১১ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোট গণনা । এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা প্ৰায় ৯০ লাখ আৰু মহিলা ভোটাৰ আছে প্ৰায় ৮৯ লাখ। এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনাই নিৰ্বাচনী আয়োগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব