“কিশোৰীসকলে যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰিব লাগে” কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল উচ্চতম ন্যায়ালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে কিশোৰীসকলে নিজৰ যৌন ইচ্ছাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে আৰু দুই মিনিট সুখৰ বলি হ'ব নালাগে। ইয়াৰোপৰি কৈছিল, কিশোৰসকলে কিশোৰী, যুৱতী, মহিলাক সন্মান কৰিব লাগে

কিশোৰীসকলে যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰিব লাগে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়

Updated On: 

20 Aug 2024 12:26 PM

কিশোৰীৰ ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত এটা গোচৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।  কলকাতা উচ্চ ন্যায়ালয়ৰ ২০২৩ চনৰ এক বিতৰ্কিত ৰায় বাতিল কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। কলকাতা উচ্চ ন্যায়ালয়ে বিতৰ্কিত ৰায়ত কৈছিল যে “কিশোৰীসকলে যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰিব লাগে”। ইয়াৰ লগতে ন্যায়ালয় ধৰ্ষণৰ অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। এই ৰায় প্ৰদানৰ পাছতেই এক বিবাদৰ সূত্ৰপাত হৈছিল। এই গোচৰটোত আজি শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায় বাতিল কৰাৰ লগতে দোষীক শাস্তি দিয়াৰ নিৰ্দেশ দিয়ে।

ইয়াৰ লগতে ন্যায়ালয়ে কিশোৰ-কিশোৰীৰ সৈতে জড়িত গোচৰৰ সিদ্ধান্ত লিখাৰ পদ্ধতি সম্পৰ্কেও ন্যায়াধীশসকলৰ বাবে নিৰ্দেশনা জাৰি কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ন্যায়াধীশ ওকাই কয় যে আমি অভিযুক্তক ৩৭৬ ধাৰাৰ অধীনত পুনৰ দোষী সাব্যস্ত কৰিছো। শাস্তি সন্দৰ্ভত কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।

তেওঁ কয়,  জুবেনিয়েল জাষ্টিছ বোৰ্ডক আমি কৈছো যে এটা সিদ্ধান্ত কেনেকৈ লিখিব লাগে। কিশোৰ- কিশোৰীৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত লিখোতে  সংবেদনশীল হ’ব লাগে। সকলো ৰাজ্যকে জে জে আইনৰ ১৯ ​​(৬) ধাৰা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰোপৰি তিনিজন বিশেষজ্ঞক লৈ এখন বিশেষজ্ঞ সমিতিও গঠন কৰিছে বুলি কয় ন্যায়ালয়ে। আৰু কয় যে, “আমি ৩৭৬ নং ধাৰাৰ অধীনত অভিযুক্তক পুনৰ দোষী সাব্যস্ত কৰা হৈছে। বিশেষজ্ঞৰ কমিটীয়ে তেওঁৰ শাস্তিৰ সিদ্ধান্ত ল’ব”।

তথ্য অনুসৰি কলকাতা উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে বিবাদ আৰম্ভ হোৱাৰ পাছতেই এই ৰায় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিষয়টোত চুঅ’ মটো (নিজাববীয়াকৈ গোচৰ ৰুজু) কৰিছিল। ইয়াৰ লগতে কলকাতা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক আপত্তিজনক আৰু অবাঞ্চিত বুলি ইয়াৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল।

ঘটনাটো কি আছিল

২০২৩ বৰ্ষৰ ১৮ অক্টোবৰত কলকাতা উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছিল। কলকাতা উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি কৈছিল যে কিশোৰীসকলে নিজৰ যৌন ইচ্ছাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে আৰু দুই মিনিট সুখৰ বলি হ’ব নালাগে। ইয়াৰোপৰি কৈছিল, কিশোৰসকলে কিশোৰী, যুৱতী, মহিলাক সন্মান কৰিব লাগে। এই বিতৰ্কিত ৰায় প্ৰদানৰ পাছতেই কিশোৰী ধৰ্ষণৰ অভিযুক্তক কলকাতা উচ্চ ন্যয়ালয়ে দোষমুক্ত ঘোষণা কৰিছিল।

 

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?