Assam: কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪ জনে…

Assam: কাছাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৫ জনলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Assam: কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪ জনে...

পথ দুৰ্ঘটনা

Published: 

11 Nov 2024 | 02:43 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। চালকৰ ভুল, গাড়ীৰ তীব্ৰ বেগ, মদ্যপান আদি বিভিন্ন কাৰণ হোৱা পথ দুৰ্ঘটনাত প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্ত বহুলোকে প্ৰাণ হেৰুৱাৰ লগতে বহু ঘূণীয়া হৈ ৰয়। ইয়াৰ মাজতে কাছাৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৫ জনকৈলোক। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে কাছাৰ ৰাণীঘাটত আজি পুৱাৰ ভাগত এই পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি ব’লেৰ পিকআপ বাহন আৰু যাত্ৰীবাহী অটৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে ৫ জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱায়। শিলচৰ কালাইন ৰোডৰ ৰাণীঘাটত সংঘটিত এই পথ দুৰ্ঘটনাত মৃত্যু হোৱা আটাইকেইজনে অটোখনৰ যাত্ৰী আছিল।

দুৰ্ঘটনাত মৃত্যু হোৱা ৪ জনকৈ লোক এটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। অৱশ্যে এই কথা এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু ৩ জনকৈ পুৰুষ।

স্থানীয় ৰাইজে জনোৱা মতে তীব্ৰ বেগত আছিল বলেৰ পিকআপ বাহনখন, যাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে ঘটনাস্থলীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্তত জানিবলৈ পৰা যাব কেনেকৈ সংঘটিত হল এই পথ দুৰ্ঘটনা।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে