আত্মবলিদান দিৱস: ‘কা’ বিৰোধী আন্দোলনত নিহতক সুঁৱৰিলে অসম জাতীয় পৰিষদে

অজাপৰ গুৱাহাটীৰ জু-ৰোডস্থিত মুখ্য কাৰ্যালয়ত অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰে আত্মবলিদান দিৱস৷ অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ৷

আত্মবলিদান দিৱস: ‘কা’ বিৰোধী আন্দোলনত নিহতক সুঁৱৰিলে অসম জাতীয় পৰিষদে

লুৰীণজ্যোতি গগৈ

Published: 

12 Dec 2025 20:19 PM

‘কা’ বিৰোধী গণ সংগ্ৰামত আত্মবলিদান দিয়া পাঁচগৰাকী জাতীয় বীৰ শ্বহীদক সুঁৱৰি আজি ৰাজ্যজুৰি আত্মবলিদান দিৱস পালন কৰে অসম জাতীয় পৰিষদে । কা আন্দোলনত আত্মবলিদান দিয়া পাঁচগৰাকী জাতীয় বীৰ শ্বহীদক সুঁৱৰি পালন কৰা হয় এই দিৱস। এই উপলক্ষে অজাপৰ গুৱাহাটীৰ জু-ৰোডস্থিত মুখ্য কাৰ্যালয়ত অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰে আত্মবলিদান দিৱস৷ অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ৷

কা আন্দোলনত  প্ৰাণ হেৰুওৱা ৫ যুৱকৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে লুৰীণজ্যোতি গগৈয়ে ৷ কা আন্দোলনৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘কেতিয়াবা একোটা দিন এটা জাতিৰ বাবেই অভিশপ্ত হৈ ৰৈ যায়৷ ১২ ডিচেম্বৰ, তেনে এটি অভিশপ্ত দিন অসমীয়া জাতিৰ বাবে৷ বৰ্বৰ, ক্ষমতালিপ্সু, নিৰ্দয় শাসকৰ নিৰ্দেশত পাঁচগৰাকী অসমসন্তানক গুলীবিদ্ধ কৰা হৈছিল ২০১৯ৰ আজিৰ দিনটোতে৷ ভাষা-জননীৰ সুৰক্ষাৰ বাবে, অসমখনক হিয়া উজাৰি ভাল পাই বাবে ‘কা’ বিৰোধিতা কৰিবলৈ আহি প্ৰাণ আহুতি দি শ্বহীদবৰণ কৰিছিল পাঁচগৰাকী অসমীয়া ডেকাই৷ কোনো স্বাভিমানী অসমীয়াই পঞ্চশ্বহীদৰ বিৰল ত্যাগ আৰু মহানতাক পাহৰিব নোৱাৰে৷ আজিৰ দিনটোত পাঁচগৰাকী জাতীয় শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ৷’’

সভাপতিগৰাকীয়ে পুনৰ কয়, ‘‘অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ছেম, দীপাঞ্জল, আব্দুল, ঈশ্বৰ আৰু বীজেন্দ্ৰৰ আত্মত্যাগে আমাক আপোচবিহীনতাৰ পাঠ শিকাই প্ৰতিনিয়ত৷ মূৰ তুলি কথা ক’বলৈ পঞ্চশ্বহীদৰ ত্যাগৰ ইতিহাস আমাৰ সাহসৰ সৌধ৷ এই পাঁচগৰাকী অসম তনয়ক শ্বহীদ বুলি স্বীকৃতি দিবলৈও চৰকাৰৰ ন্যূনতম সদিচ্ছাৰ অভাৱ৷ আজিপৰ্যন্ত এবাৰলৈও চৰকাৰে পঞ্চ শ্বহীদৰ ত্যাগৰ বাবে ক্ষমা নুখুজিলে৷ আক্ষেপ প্ৰকাশ নকৰিলে। এবাৰলৈ তেওঁলোকৰ অহংকাৰৰ চূড়া লজ্জাত তললৈ নামি নাহিল।’’

তেওঁ কয়, ‘‘শাসকৰ এই অহংকাৰ, অত্যাচাৰক, এই ধৃষ্টতাক ৰাইজে মনত ৰাখিব। সময় সাক্ষী হৈ ৰ’ব সেই নিদাৰুণ সময়ৰ৷ পঞ্চশ্বহীদৰ আত্মত্যাগ আৰু অনন্য অসমপ্ৰেমৰ নিদৰ্শনৰ সাহস আৰু প্ৰেৰণাতে আমি আগত সময়ত খোজ দিম৷ অসমৰ বুকুৱেদি বৰলুইত বৈ থকালৈ আকাশে-বতাহে নিনাদিত হৈ থাকিব শ্বহীদৰ জয়গান৷’’

‘কা’ কোনোকাৰণতে কোনো স্বাভিমানী অসমীয়াই মানি নলয় বুলি দৃঢ়তাৰে সভাপতি গগৈয়ে লগতে কয়, ‘‘কা বলবৎ কৰি বিজেপি চৰকাৰে অসম চুক্তিৰ মূল আত্মাটোকে হত্যা কৰিছে৷ কা বলবৎ কৰি অসমত অবৈধ বিদেশীৰ অতিৰিক্ত ৫৩ বছৰৰ বোজা জাপি দিয়া হৈছে৷ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব৷’’ উল্লেখ্য যে, আজিৰ পৰা প্ৰায় ৫ বছৰ পূৰ্বে অসমৰ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি কা (CAA) (নাগৰিকত্ব সংশোধনী আইন)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। য’ত আজিৰ দিনটোতে প্ৰাণ হেৰুৱাইছিল ৫ যুৱকে। তেওঁলোক আছিল দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু দ্বীপাঞ্জল দাস

পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
পেটত বাৰে বাৰে গেছ হোৱাৰ কাৰণ কি? জানক সকলো...
প্ৰতিদিনে নহৰু খালে কি কি ৰোগৰ আশংকা কমে? জানক...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...