প্ৰসংগ গো-মাংস ! ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগৰ ওচৰত এজাহাৰ বিজেপিৰ বিধায়কৰ…

ৰকিবুল হুছেইনৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যিক বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰে । বিধায়ক জিতু গোস্বামীয়ে অভিযোগ উত্থাপন কৰিছে যে,নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাংসদ ৰকিবুল হুছেইনে বাৰে বাৰে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে ।

প্ৰসংগ গো-মাংস ! ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগৰ ওচৰত এজাহাৰ বিজেপিৰ বিধায়কৰ...

ৰকিবুল হুছেইন আৰু জিতু গোস্বামী

Updated On: 

27 Oct 2024 06:53 AM

কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যিক বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰে । বিধায়ক জিতু গোস্বামীয়ে অভিযোগ উত্থাপন কৰিছে যে,নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাংসদ ৰকিবুল হুছেইনে বাৰে বাৰে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে । উল্লেখ্য যে, সাংসদ ৰকিবুল হুছেইনে কৈছিল যে, ২৩ অক্টোবৰ বিয়লি চামগুৰি সমষ্টিৰ অন্তৰ্গত তেৰ মাইলত বিজেপিয়ে আয়োজন কৰা এখন বৈঠকৰ সময়ত এগৰাকী বিজেপি নেতাৰ বাসগৃহত গো-মাংসৰ ভোজ-ভাতৰ আয়োজন কৰে ।

সাংসদ গৰাকীৰ এই মন্তব্যৰ পাছতে বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে নগাঁও জিলা ৰিটাৰ্নিং অফিচাৰৰ জৰিয়তে দাখিল কৰা এজাহাৰত সাংসদ ৰকিবুল হুছেইনে প্ৰচাৰৰ সময়ত এটা ধৰ্মীয় আৱেগ-অনুভূতিত আঘাত কৰা মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰে। লগতে বিধায়ক গৰাকীয়ে অভিযোগ কৰে যে, এনে মন্তব্যই নিৰ্বাচনী আদৰ্শ আচৰণ বিধি উলংঘা কৰে আৰু সাংসদ গৰাকীয়ে প্ৰকাশ কৰা এই ধৰণৰ কথা বতৰাবোৰে বিভিন্ন সম্প্ৰদায়ৰ মাজত বিবাদ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, বিজেপিৰ বিধায়ক গৰাকীয়ে অভিযোগৰ সমৰ্থনত প্ৰমাণ সংলগ্ন কৰি এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । মনকৰিবলগীয়া যে, ২৩ অক্টোবৰত সমষ্টিটোৰ ১৩ মাইল এলেকাত বিজেপিয়ে আয়োজন কৰা এখন বৈঠকৰ সময়ত গো-মাংস পৰিবেশন কৰা বুলি দাবী কৰিছিল সাংসদ ৰকিবুল ৰকিবুল হুছেইনে। লগতে তেওঁ কৈছিল যে, শাসকীয় দলৰ সদস্যসকলৰ মাজত এই বিষয়টোক লৈ সভাস্থলীত তৰ্ক-বিতৰ্কও সৃষ্টি হৈছিল ।

তেওঁ কয়, “গৰু হত্যাৰ বিৰুদ্ধে কথা কোৱা বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বলৈ এই পৰ্যায়লৈ গৈছে।” ইফালে হুছেইনে নিজৰ দাবী সন্দৰ্ভত নিৰ্বাচন আয়োগৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বুলি উল্লেখ কৰি আৰ এছ এছক এই বিষয়ত নিজাববীয়াকৈ তদন্ত কৰিবলৈও আহ্বান জনায় ।

“আমাৰ আৰ এছ এছৰ সৈতে কোনো মতাদৰ্শগত সাদৃশ্য নাই, কিন্তু আমাৰ এটা ধাৰণা আছে যে তেওঁলোকে কিছুমান নিৰ্দিষ্ট আদৰ্শ মানি চলে। আমি বিচাৰো যে আৰ এছ এছে মই কোৱা কথাখিনিৰ সত্যতাৰ ওপৰত নিজাববীয়াকৈ তদন্ত কৰক। যদি মোৰ দাবী ভুল প্ৰমাণিত হয়, তেন্তে মই কেৱল সাংসদ পদৰ পৰা পদত্যাগ কৰাই নহয়, জনজীৱন ত্যাগ কৰিম।’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় সাংসদ ৰকিবুল হুছেইনে ।

উল্লেখ্য যে,চামগুৰি বিধানসভা সমষ্টিত ২৩ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আহিছে সাংসদ ৰকিবুল হুছেইনে । যোৱা লোকসভা নিৰ্বাচনত তেওঁ ধুবুৰী সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত এই বিধানসভা আসনখন খালী হৈ পৰে । চামগুৰি উপ-নিৰ্বাচনৰ কংগ্ৰেছে প্ৰাৰ্থীত্ব দিছে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক । পুত্ৰ তাঞ্জিলৰ হৈ ৰকিবুল হুছেইনে চামগুৰিত ব্যাপক প্ৰচাৰ চলাই আহিছে।

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...