কি আছে BTR ৰ ভিজন ডকুমেণ্টত ? পৰিচয়, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষিত কৰাৰ এক ৰোডমেপ : প্ৰমোদ বড়ো

ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰা পাছতে ভিজন ডকুমেণ্টৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে, ভিজন ডকুমেণ্টত এই বিশেষকৈ ন্যায়, সমতা আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কি আছে BTR ৰ ভিজন ডকুমেণ্টত ? পৰিচয়, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষিত কৰাৰ এক ৰোডমেপ : প্ৰমোদ বড়ো

প্ৰমোদ বড়ো

Published: 

31 Dec 2024 | 02:47 PM

বড়োলেণ্ড অঞ্চলৰ সামগ্ৰিক বিকাশ আৰু স্বকীয় পৰিচয় সুৰক্ষিত কৰা লক্ষৰে বিটিআৰে প্ৰকাশ কৰিলে ভিজন ডকুমেণ্ট । ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰা পাছতে ভিজন ডকুমেণ্টৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে, ভিজন ডকুমেণ্টত এই বিশেষকৈ ন্যায়, সমতা আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে, প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ পৰিচয়, সংস্কৃতি, ভাষা আৰু পৰম্পৰাক জীয়াই ৰাখিব বিচাৰে । কিন্তু সততে প্ৰশ্ন উত্থাপন হয়, বহু লোকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত অনুভৱ কৰে । এইলৈ সৃষ্টি হোৱা উদ্বেগসমূহৰ সমাধানৰ বাবে বিটিআৰ প্ৰশাসনে এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

তেওঁ ব্যাখ্যা কৰে যে, ‘এই পদক্ষেপৰ জৰিয়তে প্ৰতিজন লোকৰ ন্যায় আৰু সমতা নিশ্চিত কৰাৰ লগতে চৰকাৰী কৰ্মীসকলৰ বাবে কাৰ্যকৰী কৌশলৰ পৰিকল্পনা কৰাতো গুৰুত্ব আৰোপ কৰা হৈছে ।’ লগতে এই ভিজন ডকুমেণ্ট সকলো সম্প্ৰদায়ৰ পৰিচয়, সংস্কৃতি, অধিকাৰ ৰক্ষাৰ আৰু প্ৰশাসনিক প্ৰচেষ্টাৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে বুলি কয় প্ৰমোদ বড়োৱে ।

তেওঁ কয় যে, এই ভিজন ডকুমেণ্টে প্ৰান্তীয় কণ্ঠক শক্তিশালী কৰাৰ লগতে সুসম সহাৱস্থান গঢ়ি তোলাৰ প্ৰতি প্ৰশাসনৰ নিষ্ঠাক প্ৰতিফলিত কৰিছে । লগতে তেওঁ কয় যে, “ভিজন ডকুমেণ্ট বড়োলেণ্ড অঞ্চলৰ জনসাধাৰণৰ বাবে নতুন বছৰৰ উপহাৰ আৰু তেওঁলোকে এটা ভাল ভিজন ডকুমেণ্ট লাভ কৰিছে।”

“মই যেতিয়া বিটিআৰ অঞ্চলৰ লগতে অসম, উত্তৰ-পূব আৰু দেশৰ কিছু অংশত ঘূৰিছিলো, সেই সময়ত মই উপলব্ধি কৰিছিলো যে, আমোলাতন্ত্ৰ আৰু জনপ্ৰতিনিধিয়ে বহু কাৰণত দেশৰ বহু লোকৰ অভিযোগৰ সমাধানৰ বাবে হাত আগবঢ়াব পৰা নাছিল । যাৰ ফলস্বৰূপে তেওঁলোকে অধিকাৰ পৰা বঞ্চিত অনুভৱ কৰিছিল আৰু তেওঁলোকে আন্দোলনৰ পথ বাছি লৈছিল ।” এইদৰে কয় প্ৰমোদ বড়োৱে ।

তেওঁ কয় যে, অসম আৰু উত্তৰ-পূব ভাৰতত আমি অতি সৰু জনগোষ্ঠী । যেতিয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰৰ কথা বুজা নাযায়, তেতিয়া কিছুমান মানুহৰ হাতত অস্ত্ৰ-শস্ত্ৰ থাকে আৰু সেয়াই হৈছে দেশৰ উত্তৰ-পূব প্ৰান্তত সশস্ত্ৰ বিপ্লৱৰ কাহিনী ।” প্ৰমোদ বড়োৱে লগতে উল্লেখ কৰে । বিটিচিৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে, এই ভিজন ডকুমেণ্টৰ জৰিয়তে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে । আন্তঃগাঁথনি উন্নয়নৰ কামো ক্ষিপ্ৰতাৰে কৰি থকা হৈছে বুলি কয় প্ৰমোদ বড়োৱে ।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ