৫ অক্টোবৰত বিটিচিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ, প্ৰস্তুতি তুংগত…

বিটিচিৰ নৱনিৰ্বাচিত সদস্যসকলৰ সৈতে মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

৫ অক্টোবৰত বিটিচিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ, প্ৰস্তুতি তুংগত...
Published: 

03 Oct 2025 | 06:33 PM

অহা ৫ অক্টোবৰত বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিব বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। ইতিমধ্যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৫ অক্টোবৰত বিটিচি সচিবালয় খেলপথাৰত অনুষ্ঠিত হ’ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ।

স্বায়ত্তশাসিত অঞ্চলটোৰ বাবে নতুন পৰিষদৰ কাৰ্যকাল আনুষ্ঠানিকভাৱে আৰম্ভ কৰি নৱনিৰ্বাচিত সদস্যসকলৰ সৈতে মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, বিটিচি জিলাৰ বিভিন্ন প্ৰান্তত এই কাৰ্য্যবিধি লাইভ ষ্ট্ৰীম কৰা হ’ব।

অসমৰ মুখ্য সচিব ৰবি কোটাৰ তত্বাৱধানত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী। মহিলাৰীক শপত গ্ৰহণ কৰাব বিটিচি বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে।

চি ই এমৰ দ্বাৰা জাতীয় পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পিছতে বডোফা ইউএন ব্ৰহ্ম স্মৃতিসৌধ, দেৱৰগাঁৱৰ বড়োলেণ্ড শ্বহীদ স্মৃতিসৌধ, বিটিচি বিধানসভা ভৱনৰ সমীপৰ বডোফা ইউএন ব্ৰহ্মৰ মূৰ্তিকে ধৰি গুৰুত্বপূৰ্ণ স্মৃতিসৌধত ফুলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...