যুদ্ধ হ’ব মৰমৰ…বিজেপিৰ কোনো শত্ৰু নাই বিটিআৰত, মুখ্যমন্ত্ৰীৰ মতে দুৰ্গা পূজাৰ পূৰ্বেই সম্পন্ন হ’ব বিটিচি নিৰ্বাচন

BTC Election: পূজাৰ পূৰ্বেই সম্পন্ন হ'ব বিটিচি নিৰ্বাচন। বিটিআৰত কোনো শত্ৰু নাই বিজেপিৰ, গতিকে এইবাৰ এখন মৰমৰ যুঁজ হ'ব। জনাদেশ অনুসৰি সিদ্ধান্ত লোৱা হ'ব চৰকাৰ গঠনত কোন দল থাকিব। দোতমাত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

যুদ্ধ হব মৰমৰ...বিজেপিৰ কোনো শত্ৰু নাই বিটিআৰত, মুখ্যমন্ত্ৰীৰ মতে দুৰ্গা পূজাৰ পূৰ্বেই সম্পন্ন হব বিটিচি নিৰ্বাচন

দোতমাত মুখ্যমন্ত্ৰীৰ জনসভা

Updated On: 

07 Aug 2025 | 06:49 PM

বিটিচি নিৰ্বাচনৰ সাম্ভাৱ্য সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে আজি কোকৰাঝাৰৰ দোতমাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ শৰ্মা। এখন জনসভা সম্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত নিৰ্বাচনৰ সাম্ভাব্য সময়ৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে, পূজাৰ আগতেই অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। যদি কৰ’বাত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হয়, তেন্তে সেয়াও পূজাৰ পূৰ্বেই হ’ব আৰু পূজাৰ পূৰ্বেই এখন নতুন বিটিচি দেখা পাব বড়ো ভূমিৰ ৰাইজে।

জনসভাত ডিঙিত খ্ৰাম লৈ মুখ্যমন্ত্ৰী

ইফালে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰত বিজেপিৰ কোনো শত্ৰু নাই। ইউপিপিএল, বিপিএফ সকলোৱেই বিজেপিৰ মিত্ৰ। বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে যিদৰে যুঁজ হয়, বিটিআৰত সেয়া দেখা নাযাব। কংগ্ৰেছ বিজেপিৰ শত্ৰু যদিও বিটিচিৰ দুই মুখ্য দল ইউপিপিএল, বিপিএফৰ সৈতে বিজেপিৰ শত্ৰুতা নাই। গতিকে ইয়াত এখন মৰমৰ যুঁজ হ’ব।

অৱশ্যে বিটিআৰত চৰকাৰ গঠন সন্দৰ্ভত এক কৌশলী মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সাংবাদিকে চৰকাৰ গঠনত বিজেপিৰ সৈতে কোন থাকিব পাৰে বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজৰ সিদ্ধান্তৰ ওপৰতেই এই বিষয়টো নিৰ্ভৰ কৰিব। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পৰা এটা কথা অতি স্পষ্ট হৈ পৰিছে যে, এইবাৰ প্ৰমোদ বড়োৰ ইউপিপিএল বা হাগ্ৰামা মহিলাৰীৰ বিপিএফ যিকোনো এটা দলক নিৰ্বাচনী ফলাফলৰ ভিত্তিত বিজেপিয়ে নিজৰ লগত ৰাখিব।

হাতত ধাল-তৰোৱাল লৈ মুখ্যমন্ত্ৰী

মুখ্য়মন্ত্ৰীয়ে লগতে কয় যে অহা ২০ আগষ্টৰ ভিতৰত তেওঁ আটাইকেইটা পৰিষদীয় সমষ্টি ভ্ৰমণ কৰিব। ২১ আগষ্টত বিজেপি দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়ে আলোচনাৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। অৱশ্যে ইতিপূৰ্বে বিজেপিয়ে ৪০ খন আসনতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি এক চৰ্চা চলিছিল। মুখ্যমন্ত্ৰী বা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বক্তব্যতো এই কথা পৰিস্কাৰ হৈ পৰিছিল।

ইফালে বিজেপিয়ে এইবাৰ অকলে নিৰ্বাচন খেলিব বুলি নিশ্চিত কৰাৰ পাছতেই ইউপিপিএলৰ একাংশ নেতাৰ মাজত ক্ষোভ দেখা গৈছিল। হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সৈতে ইউপিপিএলে মিত্ৰতা কৰিব নেকি বুলিও এক প্ৰশ্ন উত্থাপন হৈছিল। এই সন্দৰ্ভত ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই মন্তব্য কৰিছিল যে যদি হাগ্ৰামা মহিলাৰী বিনাচৰ্তে আগবাঢ়ি আহে তেন্তে ইউপিপিএল মিত্ৰতাৰ বাবে সাজু।

কোকৰাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আনহাতে, মঙলবাৰে ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত দলটোৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিক তীব্ৰ সমালোচনা কৰা দেখা যায়। বড়ো ভূমিত সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ দুয়োগৰাকী নেতাক সকীয়াই দিয়ে নাৰ্জাৰীয়ে।

তেওঁ কয় যে বিজেপিয়ে দিল্লী-দিছপুৰৰ পৰা বিটিচি দখলৰ চিন্তা কৰিব নালাগে। নিৰ্বাচনৰ সময়তহে বিজেপিৰ বিটিচিলৈ মনত পৰে বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে নিৰ্বাচন শেষ হোৱাৰ পাছত তেওঁলোক ক’ত অন্তৰ্ধান হয়?

কোকৰাঝাৰত ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ

বিপিএফ-ইউপিপিএলৰ মিত্ৰতাক লৈ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য

বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বি পি এফ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল)ৰ মাজত সম্ভাৱ্য মিত্ৰতাৰ জল্পনা-কল্পনাৰ প্ৰতি সঁহাৰি জনাই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ইয়াৰ সম্ভাৱনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে। “আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে বিপিএফে ইতিমধ্যে ২২ জন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। এই প্ৰেক্ষাপটত সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যিকোনো একত্ৰীকৰণ আলোচনাৰ প্ৰাসংগিকতা কি?” দৈমাৰীয়ে প্ৰশ্ন কৰে।

বিটিআৰত শান্তিৰ বিষয়ত ভাষণ দি দৈমাৰীয়ে বিটিআৰ শান্তি চুক্তিৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবি আৰু ইয়াৰ মুৰব্বী ৰঞ্জন দৈমাৰীক কৃতিত্ব প্ৰদান কৰে। শান্তি প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব দাবী কৰা জনপ্ৰিয় চৰকাৰী আখ্যানক প্ৰতিহত কৰি তেওঁ কয়, “ৰঞ্জন দৈমাৰীৰ বাবেই বিটিআৰ চুক্তি বাস্তৱত পৰিণত হয়। সেয়েহে অঞ্চলটোৰ শান্তিৰ প্ৰকৃত কৃতিত্ব এনডিএফবি আৰু ৰঞ্জন দৈমাৰীলৈ যায়।”

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

একে সময়তে বিশ্বজিৎ দৈমাৰীয়ে স্বীকাৰ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্ব আৰু বিজেপি চৰকাৰৰ উন্নয়নমূলক পদক্ষেপে বিটিআৰৰ ৰাইজৰ মাজত যথেষ্ট টান লাভ কৰিছে। বিজেপিৰ উন্নয়নমুখী নীতিৰ বাবেই অঞ্চলটোত পৰম্পৰাগত বড়োকেন্দ্ৰিক ৰাজনীতি ক্ৰমান্বয়ে ম্লান হৈ পৰিছে।

উল্লেখ্য যে যোৱাটো নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে সৰহ সংখ্যক (১৭ খন) আসন লাভ কৰিছিল যদিও সংখ্যা গৰিষ্ঠতা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত ক্ষমতা দখল কৰিব নোৱাৰিলে আৰু হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ ওৰ পৰে বিটিআৰত।

বিজেপিয়ে ইউপিপিএল আৰু নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীৰ সৈতে লগ হৈ চৰকাৰ গঠন কৰে বিটিআৰত। কিন্তু জিএছপিৰ সৈতে আধাতেই মিত্ৰতাৰ অন্ত পৰে। এইবাৰ যিহেতু বিজেপিয়ে অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে গতিকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ‘মৰমৰ যুঁজ’খন কেনেকুৱা হয় সেয়া অৱশ্যেই লক্ষণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...