BTC Election 2025: বিজেপিৰ লগতেই মূল যুঁজ হ’ব, বিপিএফেই বিটিচি দখল কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ

বিটিচিত বিপিএফৰ প্ৰধান যুঁজ বিজেপিৰ সৈতে হ'ব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে বিজেপি ভিতৰি বহুত শক্তিশালী হৈছে। ইউপিপিএলে বিটিচিত যোৱা পাঁচ বছৰত কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰে বিপিএফৰ মুৰব্বীগৰাকীয়ে।

BTC Election 2025: বিজেপিৰ লগতেই মূল যুঁজ হব, বিপিএফেই বিটিচি দখল কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ

হাগ্ৰামা মহিলাৰী

Published: 

12 Aug 2025 | 07:35 PM

অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা দুৰ্গা পূজাৰ পূৰ্বেই সম্পূৰ্ণ হ’ব বিটিচি নিৰ্বাচন। এইবাৰ বিটিচিত অকলেই যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ বহুকেইটা পৰিষদীয় সমষ্টি ভ্ৰমণ কৰি ৰাইজক আহ্বান জনাইছে বিটিচিৰ শাসনৰ জৰী বিজেপিক অৰ্পনৰ বাবে ভোটদান কৰিবলৈ। ২১ আগষ্টৰ ভিতৰত আটাইকেইটা পৰিষদীয় সমষ্টি ভ্ৰমণ কৰিব বুলি ইতিমধ্যেই জনাইছে মুখ্যমন্ত্ৰীয়ে।

ইফালে বিটিচিত বিজেপিৰ কোনো শত্ৰু নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ইউপিপিএল বা বিপিএফ যিকোনো এটা দল বিজেপিৰ সৈতে শাসনত থাকিব। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাবী কৰা মতে বিজেপিয়ে এইবাৰ বিটিচি নিৰ্বাচনত ১৮ খন আসন পাব। বাকী ২২ খন আসন বিপিএফ আৰু ইউপিপিএলে দখল কৰিব। ইফালে নিখিল বড়ো ছাত্ৰসন্থা চমুকৈ এবছুৰ নেতৃত্বত বিপিএফ আৰু ইউপিপিএলৰ মাজত মিত্ৰতা স্থাপনৰ বাবেও প্ৰচেষ্টা চলি থকাৰ খবৰ প্ৰকাশ পাইছে। কিন্তু সেই মিত্ৰতা সম্ভৱৰ হয় নে নহয় সেয়া সন্দিহানত।

ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে যদি বিনাচৰ্তে হাগ্ৰামা মহিলাৰী মিত্ৰতাৰ বাবে আগুৱাই আহে, তেন্তে ইউপিপিএলে মিত্ৰতা কৰিব। কিন্তু তাৰ পূৰ্বেই ২২ খন আসনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে প্ৰাৰ্থী ঘোষণা কৰে।

আজি পুনৰ বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। বাক্সাৰ বৰমাত বিপিএফ দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হাগ্ৰামা মহিলাৰী। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিটিচি নিৰ্বাচনত অংশ লোৱাৰ অধিকাৰ সকলো দলৰে আছে।

বিটিচিত বিপিএফৰ প্ৰধান যুঁজ বিজেপিৰ সৈতে হ’ব বুলি দাবী কৰি মহিলাৰীয়ে কয় যে বিজেপি ভিতৰি বহুত শক্তিশালী হৈছে। ইউপিপিএলে বিটিচিত যোৱা পাঁচ বছৰত কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰে বিপিএফৰ মুৰব্বীগৰাকীয়ে। ইফালে বিটিচি প্ৰধান কোন হ’ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত কৌশলী মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে বিপিএফেই বিটিচি নিৰ্বাচনত জয়লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...