ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰিছে আতংক…

নদীখনৰ জলস্তৰ হঠাতে প্ৰায় চাৰিৰ পৰা সাড়ে চাৰি ফুট বৃদ্ধি পাইছিল। ইয়াৰ ফলত গাঁৱৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰিছে আতংক...
Updated On: 

03 Nov 2025 19:39 PM

ডিব্ৰুগড়ত হঠাতে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। এইলৈ আতংকৰ সৃষ্টি হৈছে নদীপৰীয়া ৰাইজৰ মাজত। সূত্ৰৰ খবৰ অনুসৰি, হঠাতে জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ডিব্ৰুগড়ৰ মাইজান বৰ শইকীয়া গাঁৱৰ সমীপৰ প্ৰায় ১৫ মিটাৰ মাটি খহনীয়াৰ ফলত জাহ যোৱা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হয় ৩ নৱেম্বৰৰ পুৱা ভাগত। জানিব পৰা মতে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ প্ৰায় ১৫ মিটাৰ ভূমি খহনীয়াত জাহ যোৱাৰ ফলত ডিব্ৰুগড়ৰ মাইজান বৰ শইকীয়া গাঁৱৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল।

স্থানীয় সূত্ৰই জনোৱা মতে, নদীখনৰ জলস্তৰ হঠাতে প্ৰায় চাৰিৰ পৰা সাড়ে চাৰি ফুট বৃদ্ধি পাইছিল। ইয়াৰ ফলত গাঁৱৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়। জলসম্পদ বিভাগৰ বিষয়াসকলে কয় যে, তেওঁলোকে কেন্দ্ৰীয় জল আয়োগৰ পৰা হঠাতে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ কোনো পূৰ্ব সতৰ্কবাণী লাভ কৰা নাছিল। যিটোৱে উদ্বেগৰ সৃষ্টি কৰিছে।

সম্প্ৰসাৰিত হোৱা খহনীয়া ৰোধ কৰিবলৈ বিভাগটোৱে ক্ষতিগ্ৰস্ত অংশত এ টাইপ আৰু চি টাইপৰ জিঅ’-বেগ পেলাই জৰুৰীকালীন কাম আৰম্ভ কৰিছে। কিন্তু এই পৰিস্থিতিয়ে কেৱল গাঁওখনলৈকে নহয়, অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি চহৰখনৰ ১৯০ বছৰীয়া ঐতিহ্য ক্ষেত্ৰকে ধৰি ডিব্ৰুগড় চহৰৰ ওচৰৰ অঞ্চলসমূহকো ভাবুকি কঢ়িয়াই আনিছে। এইলৈ উদ্বিগ্ন হৈ পৰিছে বাসিন্দাসকল।

স্থানীয় ৰাইজে প্ৰশাসনক অস্থায়ী খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে স্থায়ী, সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে যে, বিভাগী কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰৰ ডিব্ৰুগড়ৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰেখা বিপন্ন হ’ব পাৰে।

কেতিয়া হাতলৈ আহিব ধন? তাৰ পূৰ্বে দেখা পাব এই লক্ষণ...
আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...