BTC Election 2025 : প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা BPF ৰ, দেবৰগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে

এক সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ২২ জন প্ৰাৰ্থী নাম ঘোষণা কৰিছে দলটোৱে।

BTC Election 2025 : প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা BPF ৰ, দেবৰগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে

হাগ্ৰামা মহিলাৰী

Published: 

04 Aug 2025 18:22 PM

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বড়োলেণ্ড পিপলছ ফ্ৰণ্টে । এক সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ২২ জন প্ৰাৰ্থী নাম ঘোষণা কৰিছে দলটোৱে। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত বিটিচিৰ মূল সমষ্টিসমূহ সামৰি লৈছে। ইফালে, তালিকাত দেখা গৈছে যে, দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে।

বিপিএফৰ প্ৰথমখন তালিকা এই ধৰণৰ:

১)পৰ্বতঝোৰা – মুন মুন ব্ৰহ্ম
২) গুমা – অন্তাজ আলী
৩) শ্ৰীৰামপুৰ – মুক্লেশ্বৰ আহমেদ
৪) চৰাইবিল – মৃত্যুঞ্জয় নাৰ্জাৰী
৫) জামদুৱাৰ – উইলিয়াম নাৰ্জাৰী
৬) দেবৰগাঁও – হাগ্ৰামা মহিলাৰী
৭) দোৎমা – প্ৰকাশ বসুমতাৰী
৮) কচুগাঁও – ৰবিৰাম নাৰ্জাৰী
৯) বাওখুংৰি – ধনেশ্বৰ গৌৰী
১০) ছালাকাটি – দেৰহাসত বসুমতাৰী
১১) নিচিমা – জেমছ বসুমতাৰী
১২) কাজলগাঁও – পানীৰাম ব্ৰহ্ম
১৩) ১৩ চিৰাং – চুকুৰসিং মুচাহাৰী
১৪) চবাইঝাৰ – ধীৰাজ বৰগোয়াৰী
১৫) মথাংগুৰি – বেগম আখতাৰা আহমেদ
১৬) দিহিৰা – অগাষ্টুছ টিগ্গা
১৭) দৰংগাজুলি – ইমানুৱেল মুচাহাৰী
১৮) গোৰেশ্বৰ – মহেশ্বৰ বসুমতাৰী
১৯) চোক্লাই চেৰফাং – গণেশ কছাৰী
২০) খৈৰাবাৰী – লৱমছৰাও দৈমাৰী
২১) ধ্বনশিৰি – ফ্ৰেছ মুছাহাৰী
২২) ভৈৰবকুণ্ড – ৰিহন দৈমাৰী

উল্লেখ্য যে, প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি অধিক আস্থা প্ৰকাশ কৰিছে দলটোৰ মৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

বহু চেষ্টাৰ পিছতো হাতত ধন নাথাকে নেকি আপোনাৰ? আঁৰত থাকিব পাৰে বাস্তুৰ এই দোষ
নিশা কৰক এই কাম! হাতলৈ আহিব ধন, খোল খাব ভাগ্যৰ দুৱাৰ...
ৰাতিৰ আহাৰ সোনকালে খোৱাটো কিয় প্ৰয়োজন? ৰোধ কৰিব পাৰিব এইসমূহ সমস্যা
ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! এনেকৈ ব্যৱহাৰ কৰক দৈ আৰু বিলাহী...