গুৱাহাটী উচ্চ ন্য়ায়ালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি…আঁৰত কোন ?

গুৱাহাটী উচ্চ ন্য়ায়ালয়লৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি । প্ৰকাশিত খবৰ অনুসৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইমেইলৰ জৰিয়তে লাভ কৰে এই বোমা বিস্ফোৰণৰ ভাবুকি ।

গুৱাহাটী উচ্চ ন্য়ায়ালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি...আঁৰত কোন ?

গুৱাহাটী উচ্চ ন্যায়ালয়

Published: 

22 Apr 2025 15:44 PM

ৰাজ্যবাসীৰ বাবে ভয়ংকৰ খবৰ । গুৱাহাটী উচ্চ ন্য়ায়ালয়লৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি । প্ৰকাশিত খবৰ অনুসৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইমেইলৰ জৰিয়তে লাভ কৰে এই বোমা বিস্ফোৰণৰ ভাবুকি । ইতিমধ্য়ে আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । লগতে উচ্চ ন্যায়ালৰ চৌহদৰ প্ৰতিটো এলেকাত তালাচী চলাইছে আৰক্ষীয়ে ।

আৰক্ষীয়ে সদৰী কৰা মতে, ২২ এপ্ৰিলৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইমেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে। এটা অচিনাক্ত মেইলৰ পৰা অট্টালিকাটোত বিস্ফোৰণ হ’ব বুলি ভাবুকি লাভ কৰে উচ্চ ন্য়ায়ালয়ে ।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই পিটিআইক জনাইছে যে,” আমি ভাবুকিৰ বাৰ্তা পোৱাৰ পিছত তৎক্ষণাত এটা দলক উচ্চ ন্য়ায়ালয়লৈ লৈ যোৱা হয় । আমাৰ বিশেষজ্ঞসকলে চৌহদৰ প্ৰতিটো চুক পৰীক্ষা কৰি আছে আৰু এতিয়ালৈকে বোমা সদৃশ কোনো সামগ্ৰী লাভ কৰা নাই । আমি বিশ্বাস কৰোঁ যে, এইটো এটা ভুৱা বাৰ্তা ।” তেওঁ কয় যে, অনুসন্ধান অভিযান শেষ হোৱাৰ পিছতহে এই সন্দৰ্ভত সবিশেষ জানিব পৰা যাব।

ইফালে, উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, এই ইমেইলটো ‘মাদ্ৰাছ টাইগাৰ্ছ’ নামৰ এটা অজ্ঞাত সংস্থাৰ পৰা লাভ কৰিছিল । এই মেইলৰ জৰিয়তে সমগ্ৰ অট্টালিকাটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল। ” আৰক্ষী উপস্থিত হৈছে আৰু তেওঁলোকে তালাচী অভিযান চলাই আছে। বিল্ডিংটো চেনিটাইজ কৰিবলৈ বিভিন্ন সঁজুলি আনিছে।”

বিষয়াগৰাকীয়ে কয় যে, এই ভাবুকিয়ে আদালতৰ কাম-কাজত বাধাৰ সৃষ্টি কৰা নাই । লগতে ন্যায়াধীশসকলে নিৰ্ধাৰিত সময়ত গোচৰৰ শুনানি গ্ৰহণ কৰি আছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে ।

এইসকল লোকে ভুলতো খালী পেটত নাখাব চাহ! কাৰণ জানক...
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়