“অসমত স্থাপন কৰা হৈছে ‘জুমলা’ৰ কাৰখানা”, বিজেপিক কটাক্ষ মল্লিকাৰ্জুন খৰ্গেৰ

খৰ্গেয়ে এক্সত হিন্দীত দিয়া এটা পোষ্টত কয়, প্ৰধানমন্ত্ৰী মোদী জীয়ে অসমত 'জুমলা (rhetoric)'ৰ এটা কাৰখানা স্থাপন কৰিছে । যাৰ মাষ্টাৰমাইণ্ড হৈছে বিজেপিৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী।

অসমত স্থাপন কৰা হৈছে জুমলা’ৰ কাৰখানা, বিজেপিক কটাক্ষ মল্লিকাৰ্জুন খৰ্গেৰ

মল্লিকাৰ্জুন খৰ্গে

Updated On: 

24 Feb 2025 | 06:22 PM

অসমৰ মুখ্য়মন্ত্ৰীক ‘মাষ্টাৰমাইণ্ড’ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ‘জুমলা’ৰ কাৰখানা স্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে । তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “মাষ্টাৰমাইণ্ড” হিচাপে লৈ উত্তৰ-পূবৰ ৰাজ্যখনত ‘জুমলা’ৰ কাৰখানা স্থাপন কৰিছে।”

তেওঁ দাবী কৰে যে, অসমৰ জনসাধাৰণে বিজেপিৰ এই কাৰ্যত ক্ষুব্ধ হৈ এবছৰৰ পাছত কংগ্ৰেছক ক্ষমতালৈ নির্বাচিত কৰিব ৷ খৰ্গেয়ে এক্সত হিন্দীত দিয়া এটা পোষ্টত কয়,”প্ৰধানমন্ত্ৰী মোদী জীয়ে অসমত ‘জুমলা (rhetoric)’ৰ এটা কাৰখানা স্থাপন কৰিছে । যাৰ মাষ্টাৰমাইণ্ড হৈছে বিজেপিৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী।”

“শেহতীয়াকৈ অসমৰ কংগ্ৰেছ নেতাসকলক ৰাজনৈতিক আৰু শাৰীৰিকভাৱে দুয়োটা দিশতে আক্ৰমণ কৰা হৈছে । এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ জনসাধাৰণে এবছৰৰ পাছত চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছক নিৰ্বাচিত কৰিব।” সামাজিক মাধ্যমত এইদৰে বিজেপি চৰকাৰক আক্ৰমণ কৰে মল্লিকাৰ্জুন খৰ্গেয়ে ।

উল্লেখ্য যে, ২০২৬ চনত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনক লৈ প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ দলৰ মাজত কৌশল ৰচনা কৰিছে । ইয়াৰ মাজতে আজি এইদৰে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

এই নিৰ্বাচন অনুষ্ঠিত হ’বলৈ প্ৰায় এবছৰ বাকী থকা পূৰ্বেই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে, “অসমে বিজেপিৰ ভূমি মাফিয়াৰ দুৰ্নীতি, ঘৃণা আৰু অপশাসনৰ পৰিণতি ভোগ কৰি আছে।” যুৱ নিবনুৱা সমস্যা, চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা, অবৈধ বিদেশীৰ বিষয়ত বিজেপিৰ মনোভাৱ সকলোৱে জানে বুলি দাবী কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

তদুপৰি তেওঁ অভিযোগ কৰে যে, ৰাজ্যখন উন্নয়ন আৰু অৰ্থনীতি দুয়োটা দিশতে পিছ পৰি আছে । তেওঁ কয়. “অসমৰ ৩.৫ কোটি জনসাধাৰণ অত্যন্ত ক্ষুব্ধ, মোদী জীৰ কোনো শ্লোগানে এতিয়া তেওঁলোকক শান্ত কৰিব নোৱাৰে।” একেসময়তে আগন্তুক সময়ত অসম আৰু উত্তৰ-পূবত ৰাজনৈতিক পৰিৱৰ্তন নিশ্চিত বুলি এক প্ৰকাৰে দাবী কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...