বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম…

বৰাকৰ নেতা কণাদ পুৰকায়স্থক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে । বিজেপিয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে পুৰকায়স্থৰ প্ৰাৰ্থীত্বত অনুমোদন জনাইছে।

বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম...

কণাদ পুৰকায়স্থ

Updated On: 

07 Jun 2025 | 05:27 PM

অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে । উল্লেখ্য যে, নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ এখন আসন বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছে । বাকী থকা এখন আসনৰ বাবে বিজেপিৰ কেইবাগৰাকী নেতাই প্ৰাৰ্থীত্ব বিচাৰিছিল যদিও বৰাকৰ এজন নেতাক দলটোৱে টিকট দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শনিবাৰে বৰাকৰ নেতা কণাদ পুৰকায়স্থক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে । বিজেপিয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে পুৰকায়স্থৰ প্ৰাৰ্থীত্বত অনুমোদন জনাইছে। কণাদ পুৰকায়স্থ হৈছে বিজেপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ দুখন ৰাজ্যসভা আসনৰ এখন অগপৰ দখলত থকাৰ বিপৰীতে এখন বিজেপিৰ হাতত আছে । বৰ্তমানেও এই দুয়োখন আসনত নিজৰ দখলত ৰাখিবৰ বাবে এখন আসন অগপ আৰু এখন বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কৰিবলগীয়া যে, বিজেপিয়ে কেইবাগৰাকী জ্য়েষ্ঠ নেতাই ৰাজ্যসভাৰ বাবে টিকট বিচাৰিছিল । ইয়াৰ ভিতৰত বিশেষভাৱে চৰ্চাত আছিল ৰাজেন গোঁহাইৰ নাম ।

উল্লেখ্য যে,অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন, মুঠ ৮ খন ৰাজ্যসভা আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৯ জুন। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই ঘোষণা কৰা হ’ব ফলাফল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...