আজি বিজেপিৰ মহা সদস্যতা ভৰ্তি অভিযান, অসমত ৪৩ লাখ অতিক্ৰম কৰিলে সদস্য ভৰ্তিয়ে…

অসম ৰাজ্যিক বিজেপিয়েও সমষ্টিয়ে সমষ্টিয়ে সদস্যভৰ্তি অভিযান অব্যাহত ৰাখিছে । দেশজুৰি চলি থকা সদস্যভৰ্তি অভিযানৰ অংশ হিচাপে অসম ৰাজ্যিক বিজেপিৰ সদস্যৰ সংখ্যাই ইতিমধ্যে ৪৩ লাখ অতিক্ৰম কৰিছে আৰু দলটোৱে ৫০ লাখৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি সাংবাদিকৰ আগত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আজি বিজেপিৰ মহা সদস্যতা ভৰ্তি অভিযান, অসমত ৪৩ লাখ অতিক্ৰম কৰিলে সদস্য ভৰ্তিয়ে...
Updated On: 

25 Sep 2024 13:52 PM

দেশজুৰি বিজেপিৰ সদস্যভৰ্তি অভিযান অব্যাহত আছে । ইয়াৰ সমান্তৰালভাৱে অসম ৰাজ্যিক বিজেপিয়েও সমষ্টিয়ে সমষ্টিয়ে সদস্যভৰ্তি অভিযান অব্যাহত ৰাখিছে । দেশজুৰি চলি থকা সদস্যভৰ্তি অভিযানৰ অংশ হিচাপে অসম ৰাজ্যিক বিজেপিৰ সদস্যৰ সংখ্যাই ইতিমধ্যে ৪৩ লাখ অতিক্ৰম কৰিছে আৰু দলটোৱে ৫০ লাখৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি সাংবাদিকৰ আগত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ ১২৬টা বিধানসভাৰ সমষ্টিৰ আটাইকেইটা খণ্ডতে সদস্যভৰ্তি অভিযান চলি আছে আৰু দুৰ্গা পূজাৰ উৎসৱ আৰম্ভ হোৱাৰ এদিন পূৰ্বে ৰাজ্যজুৰি এই অভিযান সমাপ্ত হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই মালিগাঁৱত মহা সদস্যতা ভৰ্তি অভিযানত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপিয়ে প্ৰতিটো সমষ্টিৰ বাবে ৪০ হাজাৰ সদস্য ভৰ্তিৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । যদি কোনো সমষ্টিয়ে এই লক্ষ্যত উপনীত হ’ব নোৱাৰে,তেন্তে দুৰ্গা পূজাৰ পাছত সেই সমষ্টিত পুনৰ সদস্যভৰ্তি অভিযান আৰম্ভ হ’ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই ।

তেওঁ কয়, ‘যোৱা নিশালৈকে ৪৩,৬৭,০০০ৰো অধিক লোক বিজেপিৰ সদস্য হৈছে । দেশজুৰি যিমান সংখ্যক লোক বিজেপিৰ সদস্য হৈছে তাৰ ১০ শতাংশ অসমে অৰিহণা যোগাইছে । মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰ সমষ্টিসমূহতো বিজেপিৰ সদস্যভৰ্তি অভিযান অতি উৎসাহজনক। কিন্তু সেই সমষ্টিসমূহৰ সদস্য সকলে মিত্ৰ দলসমূহকে ভোট দিব ।’ এই দৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে, উজনি অসমৰ সমষ্টিসমূহৰ ১০টা ছেগমেণ্টেৰ সদস্যভৰ্তি অভিযানে ইতিমধ্যে প্ৰায় ৪০ হাজাৰৰ লক্ষ্যত উপনীত হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । নেটৱৰ্ক সমস্যাৰ বাবে অনলাইন সদস্যভৰ্তি অভিযান সম্ভৱ নোহোৱা কিছুমান অঞ্চলত অফলাইন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও  জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!