শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাজপেয়ী ভৱনত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচন, ৰাইজৰ বাবে আছে ১৫টা বিশেষ সংকল্প…

আজি বাজপেয়ী ভৱনত উন্মোচন কৰা হয় বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ। শক্তিশালী পঞ্চায়তৰাজ, সমৃদ্ধিশালী অসমৰ লক্ষ্য আগত লৈয়ে উন্মোচন কৰা হ’ল সংকল্প পত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত সংকল্প পত্ৰ উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰঞ্জিত দাস। 

বাজপেয়ী ভৱনত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচন, ৰাইজৰ বাবে আছে ১৫টা বিশেষ সংকল্প…
বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচনImage Credit source: social media
trishna-kalita
Trishna Kalita | Updated On: 26 Apr 2025 15:09 PM

অসমৰ ইতিমধ্যে আৰম্ভ হৈছে  পঞ্চায়ত নিৰ্বাচনৰ আখৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। য’ত জনতাৰ পক্ষে কেইবাটাওৰ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ মাজতে আজি বাজপেয়ী ভৱনত উন্মোচন কৰা হয় বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ। শক্তিশালী পঞ্চায়তৰাজ, সমৃদ্ধিশালী অসমৰ লক্ষ্য আগত লৈয়ে উন্মোচন কৰা হ’ল সংকল্প পত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত সংকল্প পত্ৰ উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰঞ্জিত দাস।

অনুষ্ঠানটোত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ ৰাজ্যৰ শিক্ষা খণ্ডক লৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংকল্প পত্ৰ উন্মোচনক লৈ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,  “ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংকল্প পত্ৰই ৰাজ্যৰ তৃণমূলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে আমাৰ দৃষ্টিভংগীক প্ৰকাশি তুলিছে।” লগতে মুখ্যমন্ত্ৰীয়ে কয়,  “আমাৰ সংকল্প পত্ৰৰ প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ৷ আমাৰ এই প্ৰতিশ্ৰুতিসমূহৰ কাৰ্যকৰীকৰণে অসমক নতুন দিগন্তলৈ লৈ যোৱাৰ আমাৰ স্বপ্নক বাস্তৱিক কৰাৰ পথ প্ৰশস্ত কৰিব৷”

বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচন অনুষ্ঠানত ভাষণ প্ৰদান কৰি  ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়,  ‘গ্ৰাম্য অঞ্চলৰ উন্নয়ন হ’লেহে দেশৰ উন্নয়ন হ’ব। এই সংকল্প লৈয়ে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমি আখৰে-আখৰে ১৫টা সংকল্প কাৰ্যকাৰী কৰিম।’

১৫টা সংকল্প কি কি?

  1. আগন্তুক ৫ বছৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্রতিটো বিধানসভা সমষ্টিত ৫ হাজাৰ যুৱক-যুৱতীক বছৰি ২ লাখ টকা প্রদানৰ জৰিয়তে কর্ম-সংস্থাপনমুখী সম্প্ৰসাৰণ কৰা হ’ব।
  2. প্রাথমিকতাৰ আধাৰত প্ৰতিটো জিলা পৰিষদীয় সমষ্টিত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। শিক্ষা সামৰি কৰ্ম-সংস্থাপন বিচৰা স্নাতকসকলক সহায়ৰ বাবে বিজেপি নেতৃত্বাধীন এন.ডি.এ. চৰকাৰে এবছৰৰ বাবে প্রতি মাহে ২,৫০০ টকাকৈ অথবা জিলা আয়ুক্তৰ পৰামৰ্শমতে প্রতি মাহৰ পৰিৱৰ্তে এককালীনভাৱে প্ৰদান কৰা হ’ব।
  3. মেট্রিক পৰীক্ষাত অবতীর্ণ হ’বলগীয়া ছাত্র-ছাত্রীসকলে যাতে ভাল ফলাফল কৰিব পাৰে তাৰ বাবে আমাৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক প্রতি মাহে ৩০০ টকাকৈ আর্থিক অনুদান প্রদান কৰিব।
  4. দৰিদ্ৰ সীমাৰেখাৰ (বিপিএল) তলত বসবাস কৰা লগতে প্রতিটো যোগ্য পৰিয়ালক ১০০ শতাংশই ৰেচন কার্ড প্ৰদান কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে লগতে আগন্তুক দিনত ৰাইজক আর্থিকভাবে সকাহ দিয়াৰ বাৰে প্রতিটো বন্ধন গেছ চিলিণ্ডাৰত অতিৰিক্ত ৰাজসাহায্য প্ৰদান কৰা হ’ব।
  5. আমাৰ চৰকাৰে বিহালী সমষ্টিত যোৱা ১ জুলাই ২০২৫ চনত শুভাৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সৰ্বমুঠ ৩০ লাখ মহিলাক ১০,০০০ টকাৰ এককালীন সাহায্য (লাখপতি বাইদেউ) প্রদান কৰিছে আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনৰ প্রতিটো সমষ্টিতে অতি শীঘ্রে এই আঁচনি সম্প্ৰসাৰণ কৰা হ’ব।
  6. প্রায় ২০০ বছৰীয়া বর্ণিল ইতিহাসেৰে সমৃদ্ধ চাহ উদ্যোগৰ মুখ্য অংশীদাৰ ৭ লাখ চাহ শ্রমিকক ৫০০০ টকাৰ এককালীন আর্থিক অনুদান প্রদান কৰা হৈছে। চাহ বাগিছা অঞ্চলত ১১৮ খন আদর্শ বিদ্যালয় ইতিমধ্যে স্থাপনৰ উপৰিও ১০০ খন নতুন আদর্শ বিদ্যালয় নির্মিয়মান হৈ আছে। ইয়াৰ উপৰিও চাহ বাগান অধ্যুষিত অঞ্চলত আলি-পদুলি আৰু স্বাস্থ্য সেৱাৰ উন্নীতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।
  7. ক্ষুদ্র কৃষক আৰু দুগ্ধ পালকক ২০২৫ চনৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ হাট বজাৰৰ ‘বজাৰ খাজনা’ সম্পূর্ণরূপে উঠাই লোৱা হ’ব বুলি ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত সম্পূর্ণরূপে কার্যকৰী কৰা হ’ব।
  8.  কৃষকৰ সামৰ্থ আৰু উপার্জন বৃদ্ধিৰ বাবে উন্নতমানৰ বীজ আৰু সাৰ প্ৰদান কৰাৰ লগতে সৌৰশক্তি চালিত পাৱাৰ পাম্প আৰু ক্ষুদ্র ক্ষুদ্র জলসিঞ্চন বান্ধ নির্মাণ কৰা হ’ব।
  9.  প্রতিখন গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰে সংযোগ কৰি গ্রামাঞ্চলত হাইস্পিড ইন্টাৰনেট সেৱা উপলব্ধ কৰা হ’ব।
  10.  আগন্তুক দিনত প্রতিখন গাঁও পঞ্চায়তত অতিৰিক্ত ১০ খন উপাসনাস্থলী নৱ ৰূপত নিৰ্মাণৰ বাবে আর্থিক সাহায্য প্ৰদান কৰা হ’ব আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্রতিখন গাঁও পঞ্চায়তত একোখনকৈ সকলো সা-সুবিধাযুক্ত শ্মশান নিৰ্মাণ কৰা হ’ব।
  11.  গ্রামাঞ্চলৰ যাতায়তৰ সুবিধা হোৱাকৈ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা আৰু ৰাজ্যিক চৰকাৰৰ পুঁজিৰ জৰিয়তে যাতায়তৰ অনুপযোগী হৈ থকা বাট-পথ, কালভার্ট আৰু সৰু-সৰু দলং নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰিও এম.জি.এনৰেগা আঁচনিক পি.ডব্লিঅ’ ডি. আৰু এছ.অ’.পি.ডি.ৰ সৈতে সংলগ্ন কৰি অধিক সুবিধা প্ৰদান কৰা হ’ব।
  12.  প্রতিখন জিলা পৰিষদৰ অধীনত এখনকৈ সামূহিক সেৱা কেন্দ্র (Community Survice Centre) স্থাপনৰ জৰিয়তে ভাৰত তথা অসম চৰকাৰৰ সকলো জনকল্যাণমূখী আঁচনিক সফল সফলতাৰে ৰূপায়ন আৰু যোগ্যজনক আঁচনিসমূহৰ লাভ প্রদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰা হ’ব।
  13.  ৰাজ্যখনত বান আৰু গৰাখহনীয়াৰ দ্বাৰা ক্ষতিগ্রস্ত পৰিয়ালক চৰকাৰৰ দ্বাৰা নিৰ্দ্ধাৰিত খাদ্যসামগ্রী (বেচন)ৰ যোগান, সম্পত্তিৰ আংশিক বা সম্পূর্ণ ক্ষতিৰ বাবদ তৎকালীনভাৱে চৰকাৰে নিৰ্ধাৰণ কৰা ক্ষতিপূৰণ প্ৰদান সুনিশ্চিত কৰা হ’ব।
  14.  কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্যৰ চানেকি বহন কৰা অসমৰ গ্ৰামাঞ্চলৰ আপুৰুগীয়া ঐতিহাসিক সম্পদৰাজিৰ সংৰক্ষণ-সংবৰ্দ্ধনৰ ব্যৱস্থা কৰা হ’ব আৰু সম্ভৱনাপূর্ণ এই স্থানসমূহক পর্যটন মানচিত্রত সংযোগ কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব।
  15. মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপুত্ৰসকলৰ ‘মোৰ মাটি মোৰ অধিকাৰ’ তথা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা হ’ব।