সাহস আছে যদি গৰিহণা দিয়ক, প্ৰিয়ংক খৰ্গেৰ মন্তব্যক লৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান বিজেপিৰ
বিজেপিয়ে প্ৰত্যাহ্বান জনাইছে যে,গৌৰৱ গগৈৰ সাহস আছে যদি প্ৰিয়ংক খৰ্গেৰ অসম বিৰোধী বক্তব্যৰ বাবে গৰিহণা দিয়ক। উল্লেখ্য যে, কংগ্ৰেছৰ নেতা প্রিয়ংক খর্গেয়ে কিছুদিন পূৰ্বে অসমত উদ্যোগ প্রতিষ্ঠাৰ বাবে মেধা সম্পন্ন অসমীয়া লোক নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল।

প্ৰিয়ংক খৰ্গেৰ মন্তব্যই পুনৰ অসমৰ ৰাজনীতিত স্থান লাভ কৰিছে ! এইলৈ এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে ৰাজ্য বিজেপিয়ে। বিজেপিয়ে প্ৰত্যাহ্বান জনাইছে যে,গৌৰৱ গগৈৰ সাহস আছে যদি প্ৰিয়ংক খৰ্গেৰ অসম বিৰোধী বক্তব্যৰ বাবে গৰিহণা দিয়ক। উল্লেখ্য যে, কংগ্ৰেছৰ নেতা প্রিয়ংক খর্গেয়ে কিছুদিন পূৰ্বে অসমত উদ্যোগ প্রতিষ্ঠাৰ বাবে মেধা সম্পন্ন অসমীয়া লোক নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল।
প্রিয়ংক খর্গে হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খৰ্গেৰ পুত্ৰ আৰু কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী। বিজেপিয়ে দাবী কৰিছে যে,অসমত উদ্যোগ প্রতিষ্ঠাৰ বাবে মেধা সম্পন্ন অসমীয়া লোক নাই বুলি প্রিয়ংক খর্গেয়ে কৰা মন্তব্যই অসমীয়া মানুহক ইতিকিং কৰিছে আৰু জাতীয় স্বাভিমানত আঘাত সানিছে।
সোমবাৰে বিজেপিৰ ৰাজ্যিক কার্যালয় বশিষ্ঠস্থিত বাজপেয়ী ভৱনত ৰাজ্যিক মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত তেওঁ প্ৰত্যাহ্বান জনাই কয়,”অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সাহস আছে যদি মল্লিকার্জুন খৰ্গেৰ পুত্ৰৰ অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে অসম কংগ্ৰেছে গৰিহণা প্রস্তাৱ লৈ দেখুৱাওক।”
তেওঁ লগতে অভিযোগ কৰে যে, ঐতিহাসিকভাৱে কংগ্ৰেছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অপমানিত কৰি আহিছে। ১৯৬২ চনত জৱাহৰলাল নেহেৰুৱে চীনা সৈন্যৰ ওচৰত আত্মসমৰ্পন কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলক চীন দেশৰ ওচৰত গতাই দিছিল। ১৯৭১ চনত ইন্দিৰা গান্ধিয়ে পাকিস্তানৰ পৰা পূৱ-পাকিস্তানক খণ্ডিত কৰি বাংলাদেশ গঠন কৰাৰ ফলশ্ৰুতিত অসমলৈ ৪০ লাখ বাংলাদেশী আমদানী কৰিলে বুলি অভিযোগ উত্থাপন কৰে জয়ন্ত কুমাৰ গোস্বামীয়ে।
আনহাতে তেওঁ অভিযোগ কৰে যে,”অসম চুক্তিক জাপি দি ৰাজীৱ গান্ধীয়ে নাগৰিকত্বৰ কাট অফ ইয়েৰ ১৯৫১ ৰ সলনি অসমৰ ক্ষেত্ৰত ১৯৭১ চন বলৱৎ কৰি অসমত বসবাস কৰা অবৈধ বাংলাদেশী মিঞাক নাগৰিকত্ব প্রদান কৰিলে। বর্তমান কংগ্ৰেছৰ নেতা ৰাহুল গান্ধিয়ে ‘ভাৰত জৰো’ যাত্ৰাৰ সময়ত ভাৰতবৰ্ষ খনৰ ভৌগলিক প্রতিচ্ছবি বর্ণনা দিওতে ভাৰতবৰ্ষৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাদ দিছিল।”
তদুপৰি কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে আজি অসমে অবৈধ মিঞাৰ বোজা লোৱাৰ ফলত অসমখন অর্থনৈতিকভাৱে বহু পিছুৱাই গ’ল বুলি দাবী কৰে বিজেপিৰ মুখপাত্র জয়ন্ত গোস্বামীয়ে।\