ৰাজ্যসভাৰ দুখন আসনৰ বাবে মনোনয়ন দাখিল বিজেপিৰ দুই প্ৰাৰ্থীৰ
আজি মনোনয়ন দাখিল কৰিলে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে । মনোনয়ন দাখিল কৰা সময়ত তেওঁলোক দুযোজনকে সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে, যোৱা ২০ আগষ্টত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে এই দুয়োগৰাকীৰ নাম ঘোষণা কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

অসমৰ দুখন ৰাজ্যসভা আসমৰ বাবে বিজেপিৰ প্ৰাৰ্থী
ৰাজ্যসভাত খালী হৈ থকা অসমৰ দুখন আসনৰ বাবে আজি মনোনয়ন দাখিল কৰিলে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে । মনোনয়ন দাখিল কৰা সময়ত তেওঁলোক দুযোজনকে সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে, যোৱা ২০ আগষ্টত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে এই দুয়োগৰাকীৰ নাম ঘোষণা কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।
মনোনয়ন দাখিল কৰা পাছতে বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীকে শুভেচ্ছা জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘প্ৰতিটো নিৰ্বাচনতে অসমৰ ৰাইজে বিজেপি দলটোত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে । তাৰ বাবে আমি ৰাইজৰ ওপৰত চিৰকৃতজ্ঞ । সেই কাৰণে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ বাবে আমি সংকল্পবদ্ধ ।’
বিজেপিৰ প্ৰাৰ্থী দুগৰাকীক শুভেচ্ছা জনাই তেওঁ কয়, ‘অভিজ্ঞতা সম্পন্ন জেষ্ঠ নেতা ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস ডাঙৰীয়াই বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । আজি আমি দুয়োগৰাকীকে শুভেচ্ছা জনাইছো । আগন্তুক সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে দুয়োগৰাকীয়ে নিষ্ঠাৰে কাম কৰিব আৰু অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে উল্লেখ্যযোগ্য অৱদান আগবঢ়াব ।’ শেষ তেওঁ কয়, ভাল লাগিছে বৰাক-ব্ৰহ্মপুত্ৰ একাকাৰ হৈছে ।
উল্লেখ্য যে, ৰামেশ্বৰ তেলী বিজেপিৰ প্ৰাক্তন সাংসদ হোৱাৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি আহিছে । ইয়াৰ বিপৰীতে মিছন ৰঞ্জন দাসে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল । ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰে কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত অংশগ্ৰহণ কৰিছিল অমিত শ্বাহ আৰু জে পি নড্ডাই । দিল্লীত আয়োজিত এই বৈঠকতে এই দুয়োগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, অহা ৩ ছেপ্টেম্বৰত ৰাজ্যসভাত খালী হৈ থকা ১২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰতিখন আসনৰ বাবে পৃথক পৃথক নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই ফলাফল ঘোষণা কৰা হ’ব।