জাতিৰ ইতিহাস আৰু সভ্যতাক বিকৃত ৰূপত ব্যাখ্যা কৰিছে নেকি কংগ্ৰেছে ? বিস্ফোৰক অভিযোগ দিলীপ শইকীয়াৰ

তেওঁ কংগ্ৰেছ আৰু বাওঁপন্থী দলে জাতিৰ ইতিহাস আৰু সভ্যতাৰ বিকৃত ব্যাখ্যা আগবঢ়াই দেশবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰতি মাহে প্ৰকাশিত মুখপত্ৰ অসমীয়া বিজেপি বাৰ্তাৰ নৱম বছৰৰ নৱম সংখ্যাটো আজি সোমবাৰে উন্মোচন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

জাতিৰ ইতিহাস আৰু সভ্যতাক বিকৃত ৰূপত ব্যাখ্যা কৰিছে নেকি কংগ্ৰেছে ? বিস্ফোৰক অভিযোগ দিলীপ শইকীয়াৰ

দিলীপ শইকীয়া

Updated On: 

01 Sep 2025 | 09:06 PM

কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। তেওঁ কংগ্ৰেছ আৰু বাওঁপন্থী দলে জাতিৰ ইতিহাস আৰু সভ্যতাৰ বিকৃত ব্যাখ্যা আগবঢ়াই দেশবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰতি মাহে প্ৰকাশিত মুখপত্ৰ অসমীয়া বিজেপি বাৰ্তাৰ নৱম বছৰৰ নৱম সংখ্যাটো আজি সোমবাৰে উন্মোচন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

দলৰ মুখপত্ৰৰ মাহেকীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ কয় যে, ভাৰতৰ অতীত আৰু সাহিত্য-সংস্কৃতিৰ সত্য ব্যাখ্যা উপস্থাপন কৰি বিজেপিয়ে বৌদ্ধিক নৱজাগৰণ আনিবলৈ চেষ্টা কৰি আহিছে। “বৌদ্ধিকভাৱে কংগ্ৰেছ আৰু বাওঁ শক্তিয়ে জাতিটোৰ ইতিহাস, সভ্যতা আৰু সংস্কৃতিৰ বিকৃত ব্যাখ্যাৰ জৰিয়তে দীৰ্ঘদিন ধৰি দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছে।” এই বিস্ফোৰক অভিযোগ দিলীপ শইকীয়াৰ।

তেওঁ লগতে কয়, “ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰাচীন আৰু গৌৰৱময় সাহিত্য আৰু সংস্কৃতিৰ সত্য ব্যাখ্যা উপস্থাপন কৰি সমাজত বৌদ্ধিক নৱজাগৰণৰ সূচনা কৰিবলৈ বিজেপিয়ে অবিৰত প্ৰচেষ্টা চলাইছে।” একে সময়তে বিজেপিৰ মুখপত্ৰই দলৰ আদৰ্শক সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ মাধ্যম হিচাপে কাম কৰে বুলি ৰাজ্যিক বিজেপিৰ মুৰব্বীগৰাকীয়ে কয়।

উল্লেখ্য যে, এই মাহৰ বিজেপিৰ মুপপত্ৰ বিজেপি বাৰ্তা দলৰ ৰাজ্যিক ইউনিটৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও উপলব্ধ কৰা হ’ব বুলি অসম বিজেপিৰ সভাপতিগৰাকীয়ে জানিবলৈ দিছে।

INPUT-PTI

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...