‘বন্দে মাতৰম’ৰ ১৫০ বছৰঃ ৰাজ্যত বিজেপিয়ে ল’ব বিশেষ কাৰ্যসূচী, ক’লে অধ্যক্ষ দিলীপ শইকীয়াই

আজি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত তেওঁ বন্দে মাতৰমৰ ১৫০তম বছৰ উপলক্ষে অসম বিজেপিয়ে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে সদৰী কৰিছে। সংবাদ মেলত বিজপি সভাপতিগৰাকীৰ অভিযোগ, কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিত ৰাষ্ট্ৰীয় সংগীতেও ৰেহাই পোৱা নাছিল।

‘বন্দে মাতৰম’ৰ ১৫০ বছৰঃ ৰাজ্যত বিজেপিয়ে ল’ব বিশেষ কাৰ্যসূচী, ক’লে অধ্যক্ষ দিলীপ শইকীয়াই

দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন

Updated On: 

06 Nov 2025 17:36 PM

দেশৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ৰচনাকালৰ ১৫০ তম বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে সমগ্ৰ দেশতে বিজেপিয়ে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। দেশৰ লগতে অসম বিজেপিয়েও বন্দে মাতৰমৰ ১৫০তম বছৰ উপলক্ষে কিছু কাৰ্যসূচী হাতত লৈছে। আজি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত তেওঁ বন্দে মাতৰমৰ ১৫০তম বছৰ উপলক্ষে অসম বিজেপিয়ে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে সদৰী কৰিছে।

সংবাদ মেলত বিজপি সভাপতিগৰাকীৰ অভিযোগ, কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিত ৰাষ্ট্ৰীয় সংগীতেও ৰেহাই পোৱা নাছিল। কংগ্ৰেছৰ ১৯২৩ চনৰ কাটিনৰা অধিবেশনত তদানীন্তন কংগ্ৰেছ অধ্যক্ষ মহম্মদ আলী জিন্নাৰ বিষোদগাৰৰ পিছতেই ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা সম্পূৰ্ণ সলনি হৈ গৈছিল বুলি উল্লেখ কৰে দিলীপ শইকীয়াই।

ইয়াৰ পিছতে কংগ্ৰেছ দলে বন্দে মাতৰমৰ চাৰিটা শাৰি পৰিৱেশনৰ পৰম্পৰা আৰম্ভ কৰিলে বুলিও তেওঁ দোহাৰে। আনহাতে সেই সময়ৰ কংগ্ৰেছ সভাপতি আলী জিন্নাই সনাতনী সভ্যতাৰ অনুভূতি থকাৰ বাবে বন্দে মাতৰম সংগীত বন্ধ কৰি দিয়া বুলিও অভিযোগ তোলে অসম বিজেপিৰ সভাপতিগৰাকীয়ে।

এই পৰম্পৰা বন্ধ কৰাৰ বাবে শাসকীয় বিজেপি দলে সম্পুৰ্ণ বন্দে মাতৰম পৰিৱেশন আৰম্ভ কৰিছে বুলি দিলীপ শইকীয়াই লগতে কয়। তেওঁ সদৰী কৰা মতে প্ৰথম অবস্থাত গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, শোণিতপুৰ, লক্ষীমপুৰ, কাছাৰ আৰু ধুবুৰীত ৭ নবেম্বৰত সম্পূৰ্ণ বন্দে মাতৰম পৰিৱেশন কৰা হ’ব। ইয়াৰ পিছত ৯ তাৰিখে সকলো জিলা-সমজিলাত সমুহীয়াভাৱে পৰিৱেশন হ’ব সম্পূৰ্ণ বন্দে মাতৰম।

ইফালে কংগ্ৰেছৰ এশ বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি ৰাহুল গান্ধীয়েও সুবিধা পালেই বন্দে মাতৰমক চুড়ান্ত অৱমাননা কৰে বুলিও বিজেপি সভাপতিগৰাকীয়ে দাবী কৰে। বাইহাটা চাৰিআলিত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ কাৰ্যালয়ত হোৱা এই সংবাদ মেলত দিলীপ শইকীয়াৰ লগতে বিধায়ক দিগন্ত কলিতা আৰু চুমন হৰিপ্ৰিয়াসহ দলটোৰ বহুকেইজন নেতা উপস্থিত থাকে।

গুপ্তাংগৰ সমস্যা দূৰ কৰিব পাৰে নাৰিকল তেলে, জানক উপায়!
ঘৰৰ এই ৩টা স্থানত কেতিয়াও নাৰাখিব মানী প্লাণ্ট, অন্যথা দৰিদ্ৰতাই আগুৰিব আপোনাৰ জীৱন
হাওঁফাওঁৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
যকৃত সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য! জনালে চিকিৎসকে...