জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ লগত গোপন সম্পৰ্ক আছে অখিল গগৈৰ: ৰাজ্যিক বিজেপিৰ অভিযোগ

তেওঁ কয়, "এনে পৰিস্থিতিত অখিল গগৈয়ে যদি অভিযোগ নামাৰ কপি লাভ কৰিছে তেনেহ’লে অভিযুক্তকাৰীসকল অথবা তেওঁলোকৰ কতৃত্বশীল পৰিয়ালৰ লোকৰ পৰাই পাব লাগিব। গতিকে অখিল গগৈয়ে জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতে গোপন সম্পৰ্ক বজাই ৰাখিছে বুলি স্পষ্ট হৈছে৷ "

জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ লগত গোপন সম্পৰ্ক আছে অখিল গগৈৰ: ৰাজ্যিক বিজেপিৰ অভিযোগ

জুবিন গাৰ্গ হত্যাকাণ্ড

Updated On: 

17 Dec 2025 16:46 PM

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত এচ আই টিয়ে দাখিল কৰা অভিযোগনামা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মঙলবাৰে এক সংবাদমেল তথা নিশা ফেচবুক লাইভযোগে কেবাটাও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। কিন্তু অখিল গগৈৰ এই অভিযোগ সন্দৰ্ভত শাসকীয় দল বিজেপিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে ব্যাপক সমালোচনা কৰে অখিল গগৈক।

অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ সৈতে গোপন সম্পৰ্ক ৰাখিছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে ৷ উল্লেখ্য যে অখিল গগৈয়ে মঙলবাৰে ফেচবুক লাইভযোগে চি আই ডি থানাৰ ১৮/২০২৫ নং গোচৰত তদন্তকাৰী এচ আই টিয়ে আদালতত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি তেওঁ লাভ কৰা বুলি প্ৰকাশ কৰে। ফেচবুক পোষ্টত অখিল গগৈয়ে ইয়াকো কয় যে ৰাইজে বিচাৰিলে চাৰ্জশ্বীটখন ভাঙনি কৰি তেওঁ বুজাই দিব।

এই সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰগৰাকীয়ে উভতি ধৰি অখিল গগৈয়ে চাৰ্জশ্বীটৰ কপি কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন কৰে। তেওঁ লগতে কয় যে, কালি কামৰূপ মেট্ৰ’ৰ মুখ্য ন্যায়াধীশ আদালতৰ পি আৰ চি গোচৰ নং ৪০৮৪/২০২৫ গোচৰৰ হুকুম অনুযায়ী সিদ্ধাৰ্থ, শ্যামকানু প্ৰমুখ্যে ৭ জন অভিযুক্তক চি আই ডিৰ যোগেদি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈ অভিযোগ নামাৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে আৰু আদালতত উপস্থিত থকা উক্ত সাতোজন অভিযুক্তৰ কৰ্তৃত্বশীল পৰিয়ালৰ লোকক একোটাকৈ পেনড্ৰাইভত অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰিছে। গতিকে আন কোনো তৃতীয় পক্ষক এতিয়ালৈকে অভিযোগ নামাৰ প্ৰতিলিপি প্ৰদান কৰা নাই।

এনে পৰিস্থিতিত অখিল গগৈয়ে যদি অভিযোগনামাৰ কপি লাভ কৰিছে তেনেহ’লে অভিযুক্তসকল অথবা তেওঁলোকৰ কৰ্তৃত্বশীল পৰিয়ালৰ লোকৰ পৰাই পাব লাগিব বুলি কয় গোস্বামীয়ে। গতিকে অখিল গগৈয়ে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতে গোপন সম্পৰ্ক বজাই ৰাখিছে বুলি অভিযোগ কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

আনহাতে বিধায়ক অখিল গগৈয়ে বাৰে বাৰে এচ আই টিয়ে দাখিল কৰা অভিযোগনামা নস্যাৎ কৰি পৰোক্ষভাৱে অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত তেওঁলোকৰ উকীলৰ দৰে আচৰণ কৰিছে বুলি কয় বিজেপিৰ মুখপাত্ৰ গোস্বামীয়ে। লগতে এচ আই টিয়ে জুবিনৰ হত্যাকাণ্ডৰ গোচৰটো প্ৰমাণ কৰি অভিযুক্তসকলক দোষী সাব্যস্ত কৰিবৰ বাবে যুগুত কৰা চৰকাৰী সাক্ষীসকলকো বিচলিত কৰিবৰ বাবে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে বুলি মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে।

ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক...
Spam Call কেনেকৈ ব্লক কৰিব ? সহজ টিপছ জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...