Bharalumukh Residents Protest : গুৱাহাটীত গছ কটাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ ! মানৱ শৃংখল কাৰ্যসূচীৰে গছ কটাৰ বিৰোধিতা ভৰলুমুখবাসীৰ

মহানগৰীৰ ভৰলুমুখ অঞ্চলত ৰে’লপথৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে গছ কটাৰ কথিত পৰিকল্পনাৰ বিৰুদ্ধে আজি পুনৰ গুৱাহাটীবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। জ্যেষ্ঠ নাগৰিককে ধৰি ভৰলুমুখ অঞ্চলটোৰ প্ৰায় ১০০ জন লোকে গছৰ কাষে কাষে মানৱ শৃংখল গঢ়ি তুলি প্লেকাৰ্ড প্ৰদৰ্শনেৰে গছ কটাৰ বিৰুদ্ধে শ্লোগান দিয়ে।

Bharalumukh Residents Protest : গুৱাহাটীত গছ কটাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ ! মানৱ শৃংখল কাৰ্যসূচীৰে গছ কটাৰ বিৰোধিতা ভৰলুমুখবাসীৰ

গছ কটাৰ বিৰুদ্ধে ভৰলুমুখবাসীৰ প্ৰতিবাদ

Updated On: 

09 Nov 2024 | 07:53 PM

গুৱাহাটীৰ বাসিন্দাসকলে শনিবাৰে পুনৰ ৰাজপথলৈ ওলাই আহি মহানগৰীৰ ভৰলুমুখ অঞ্চলত ৰে’লপথৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে গছ কটাৰ কথিত পৰিকল্পনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। জ্যেষ্ঠ নাগৰিককে ধৰি ভৰলুমুখ অঞ্চলটোৰ প্ৰায় ১০০ জন লোকে গছৰ কাষে কাষে মানৱ শৃংখল গঢ়ি তুলি প্লেকাৰ্ড প্ৰদৰ্শনেৰে গছ কটাৰ বিৰুদ্ধে শ্লোগান দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এগৰাকী জ্যেষ্ঠ নাগৰিকে কয় যে,”এই গছবোৰ ভৰালুমুখ অঞ্চলৰ এটা চিহ্ন হৈ আহিছে। আমাৰ শৈশৱত ভৰলু নদীৰ পানীও পৰিষ্কাৰ আছিল, কিন্তু এতিয়া তেনেকুৱা নহয়। গছবোৰো যদি কাটি দিয়া হয়, তেন্তে ঠাইখনৰ ইতিহাসৰ কোনো লেখ-জোখ নাথাকিব।” অঞ্চলটোৰ আন এজন জ্যেষ্ঠ বাসিন্দাই লগতে কয়,”আমি দলং বা উন্নয়নৰ বিৰোধী নহয়। কিন্তু নিৰ্মাণৰ স্বাৰ্থত যাতে এই অঞ্চলৰ সৌন্দৰ্য্য আৰু সেউজীয়া ধ্বংস নহয় তাৰ বাবে নিশ্চয় বিকল্প উপায় থাকিব পাৰে।”

জ্যেষ্ঠ বাসিন্দাসকলৰ লগতে যুৱক-যুৱতীসকলেও মানৱ শৃংখল কাৰ্যসূচীৰ সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে । লগতে নিৰ্মাণ আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ আহ্বান জনাই প্লেকাৰ্ড প্ৰদৰ্শন কৰে। সেই স্থানতে এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয় । উক্ত সভাত বক্তাসকলে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সভাৰ জৰিয়তে বাসিন্দাসকলে সংশ্লিষ্ট বিভাগসমূহক কোনো দলং নিৰ্মাণৰ কাম আগবঢ়াই নিয়াৰ পূৰ্বে জনসাধাৰণৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায়।

যোৱা মাহত দীঘলীপুখুৰী অঞ্চলৰ আশে-পাশে থকা শতিকা পুৰণি গছবোৰক সুৰক্ষা দিবলৈও চহৰখনৰ জনসাধাৰণ একত্ৰিত হৈছিল । চহৰখনৰ ভিতৰতে আটাইতকৈ দীঘল ৫.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে দীঘলীপুখুৰী পাৰৰ প্ৰায় ২৫ জোপা গছ কাটি পেলোৱা হ’ব বুলি খবৰ প্ৰকাশ পাইছিল । এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়লৈকে গৈছিল ।

ইফালে, মঙলবাৰে নিশা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী অঞ্চলত উপস্থিত হৈ চৰকাৰৰ উন্নয়নমূলক কাম-কাজক লক্ষ্য কৰি একাংশ লোকে “অপ্ৰয়োজনীয় বিতৰ্ক” সৃষ্টি কৰা বুলি দাবী কৰে। লগতে গছবোৰ ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে উৰণীয়া সেতুৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?