বিজেপিৰ শাসনত ‘নিশ্চিন্ত’ হৈছে অসমৰ বাংলাভাষী হিন্দু, শিলচৰত আশ্বাসবাণী মুখ্যমন্ত্ৰীৰ

আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰাৰ লগতে হিন্দু বাংলাভাষী লোকৰ বিৰুদ্ধে নতুন নাগৰিকত্বৰ গোচৰো বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ স্পষ্টকৈ কয়। সমান্তৰালকৈ তেওঁৰ চৰকাৰে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ প্ৰচেষ্টাও বিফল কৰি আহিছে বুলি দাবী কৰে মুখ্যমন্ত বিশ্ব শৰ্মাই।

বিজেপিৰ শাসনত ‘নিশ্চিন্ত’ হৈছে অসমৰ বাংলাভাষী হিন্দু, শিলচৰত আশ্বাসবাণী মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

01 Sep 2025 | 12:51 PM

বিজেপিৰ বিগত ১০ বছৰীয়া শাসনকালত অসমৰ বাংলাভাষী হিন্দুসকলে সৰ্বাধিক নিশ্চিন্ত অনুভৱ কৰিছে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে শিলচৰ ভ্ৰমণৰ সময়ত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। লগতে অসমৰ বাংলাভাষী লোকসকলে সন্মুখীন হোৱা সকলো সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ দোহাই দি পূৰ্বৰ কোনো চৰকাৰে তেওঁৰ দৰে কাম কৰা নাই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমীয়া আৰু বাংলাভাষী লোকৰ মাজৰ সকলো সমস্যা দূৰ হোৱা বুলিও হিমন্ত বিশ্ব শৰ্মাই দৃঢ় দাবী কৰে। তেওঁস্পষ্ট মত, “হিন্দুসকলে নিজকে নিজৰ ধৰ্মৰ দ্বাৰা চিনাক্ত কৰে, ভাষাৰ দ্বাৰা নহয়।” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হিন্দু বঙালী লোকসকলে সন্মুখীন হোৱা সকলো সমস্যা এটা এটাকৈ সমাধান কৰা হৈছে বুলিও দোহাৰে।

আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰাৰ লগতে হিন্দু বাংলাভাষী লোকৰ বিৰুদ্ধে নতুন নাগৰিকত্বৰ গোচৰো বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ স্পষ্টকৈ কয়। সমান্তৰালকৈ তেওঁৰ চৰকাৰে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ প্ৰচেষ্টাও বিফল কৰি আহিছে বুলি দাবী কৰে মুখ্যমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক আন্তঃৰাষ্ট্ৰীয় সীমান্তত এইপৰ্যন্ত কিমানজন অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱা হৈছে বুলি এক প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত তেওঁ সময় আহিলে সঠিক হিচাপ দিয়া হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে ত্ৰিপুৰা, ডাউকী, মানকাছাৰ বা শ্ৰীভূমিৰ মাজেৰে বাংলাদেশীয়ে প্ৰৱেশৰ চেষ্টা কৰে যদিও নিৰাপত্তা বাহিনীয়ে তেওঁলোকক উভতাই পঠিয়াইছে বুলিও মন্তব্য কৰে।

ৰাজ্যত যাতে নতুনকৈ অনুপ্ৰৱেশ ঘটিব নোৱাৰে, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। ইফালে সীমান্ত পাৰ হোৱাত বাংলাদেশীক সহায় কৰা বহু মধ্যভোগীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। দুৰ্ভাগ্যজনক ইয়াৰে বহু হিন্দু লোক বুলিও ক্ষোভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতেৰ বিজেপি নেতা অমিত মালব্যই বাংলা ভাষাক লৈ দিয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। বাংলা ভাষা কেতিয়াও বাংলাদেশী ভাষা হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ লগতে মালব্যই কি কৈছে তাতকৈ নৰেন্দ্ৰ মোদীয়ে কি কয় সেয়াহে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

বিজেপিয়ে বাংলা ভাষাৰ ওপৰত ইমান গুৰুত্ব দিয়াৰ পিছত বাংলা ভাষাৰ বিৰুদ্ধে কেনেকৈ কথা ক’ব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে মোদী চৰকাৰে বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ দিশটোও আঙুলিয়াই দিয়ে। ‘বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা ভাষাক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰে’- এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব