“চিৰদিন অমৰ হৈ থাকক”, ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে

নিজৰ কৰ্তব্য পালন কৰি BLO তফিজ উদ্দিনে জুবিনৰ ঘৰলৈ প্ৰত্যেকজন সদস্যৰ তথ্য সংগ্ৰহ কৰিলে। কিন্তু নিয়ম অনুসৰি মৃত্যু হোৱাৰ বাবে প্ৰাণৰ জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ কৰ্তন কৰিব লাগে। পিছে সেই সময়তে থমকি ৰ'ল BLO তফিজ উদ্দিন।

চিৰদিন অমৰ হৈ থাকক, ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে
Published: 

01 Dec 2025 | 11:29 PM

“চিৰদিন অমৰ হৈ থাকক! আত্মাই চিৰশান্তি লাভ কৰক!” ভোটাৰ তালিকাৰ পৰা অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম কৰ্তন কৰিবলৈ গৈ এইদৰে লিখিলে BLO য়ে। উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ বাবে গৈছিল BLO।

নিজৰ কৰ্তব্য পালন কৰি BLO তফিজ উদ্দিনে জুবিনৰ ঘৰলৈ প্ৰত্যেকজন সদস্যৰ তথ্য সংগ্ৰহ কৰিলে। কিন্তু নিয়ম অনুসৰি মৃত্যু হোৱাৰ বাবে প্ৰাণৰ জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ কৰ্তন কৰিব লাগে। পিছে সেই সময়তে থমকি ৰ’ল BLO তফিজ উদ্দিন। কোনখন হাতেৰে চিৰ দিনৰ বাবে ভোটাৰ তালিকাৰ জুবিন গাৰ্গৰ নাম কৰ্তন কৰে BLO তফিজ উদ্দিনে। সেই মুহূৰ্তটো তেওঁৰ বাবে হয়তো অতি কঠিন আছিল।

জুবিন গাৰ্গ যে আমাৰ মাজত নাই মানি ল’ব নোৱাৰিলেও, সেয়াই সত্য । নিজৰ দায়িত্ব পালন কৰি BLO তফিজ উদ্দিনে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত লিখিলে এইদৰে, “চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক।” BLO গৰাকীক ধন্যবাদ জনাই এই কথা সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে জুবিনৰ ভগ্নী পামি বৰঠাকুৰে।

উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ যোৱা জুবিন গাৰ্গৰ সাগৰত সাতুৰি থকা অৱস্থাত মৃত্যু হয়। ১৯ ছেপ্টেম্বৰত হোৱা এই মৃত্যু ঘটনা আজিও ৰহস্যৰ আৱৰ্তত। ইফালে, তেওঁৰ মৃত্যুৰ ঘটনাৰ গোচৰত তদন্ত চলাই আছে CIDৰ SIT য়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...