আজি বাথৌ পূজা, নিজৰ ইষ্ট দেৱতাক পূজা-অৰ্চনা বড়ো জনগোষ্ঠীৰ লোকৰ

বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ।

আজি বাথৌ পূজা, নিজৰ ইষ্ট দেৱতাক পূজা-অৰ্চনা বড়ো জনগোষ্ঠীৰ লোকৰ

আজি বাথৌ পূজা

Updated On: 

27 Jan 2026 | 10:50 AM

আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। তেওঁক আকাশ, পৰ্বতৰ দেৱতা আৰু জনগোষ্ঠীৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে।

বড়োসকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। তেওঁলোকে শিৱক জীৱৰ স্ৰষ্টা বুলি বিশ্বাস কৰে। বড়ো সকলে ‘সিজু’ গছক পূজা কৰে। এই গছে শিৱক প্ৰতিনিধিত্ব কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা।

বড়ো জনগোষ্ঠীৰ লোকসকলক বাথৌ পূজাৰ শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীত লিখিছে, “বড়ো সমাজৰ অতি হেঁপাহৰ উৎসৱ গৌথাৰ বাথৌ চানৰ বড়ো ভাই-ভনীসকলৰ লগতে অসমবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ৷ মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে পালন কৰা এই ভব্য উৎসৱটিত সকলোৰে কল্যাণ, সমৃদ্ধি আৰু সুখ-শান্তি কামনা কৰি বাথৌ দেৱতালৈ শতকোটি প্ৰণাম জনাই আশীৰ্বাদ বিচাৰিলোঁ ৷”

বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈৱেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়।

মূল বেদীৰ সিজু গছৰ তলতে এখন কলৰ পাত পাৰি, তাৰ ওপৰত তামোল-পাণ এযোৰা, এ আখি কল, ধূপ-ধূনা আৰু শলিতা জ্বলাই দিয়া হয়। তাতেই খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি বাথৌ মহাৰাজক আসন দিয়া হয়।মূল বেদীটোৰ পৰা বাওঁফালে আগবঢ়াই লৈ যোৱা আলিটোৰ ওপৰত সৰু সৰুকৈ কলপাত পাৰি তাৰ ওপৰত তামোল-পাণ দি, ধূপ-ধূনা জ্বলাই খেৰায়ৰ অন্যান্য দেৱ-দেৱীৰ আসন দিয়া হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...