অক্টোবৰ মাহত সম্পূৰ্ণ হ’ব শ্রীশ্রীবটদ্ৰৱা থান সাংস্কৃতিক আৰু আধ্যাত্মিক প্রকল্পঃ ঘোষণা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্রীশ্রীবটদ্ৰৱা থানত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি গুৰুজনাৰ প্ৰতি সেৱা নিবেদন কৰে। মুখ্যমন্ত্রী ড° শর্মাই ঐতিহ্য বিজড়িত থানখনত পৰম্পৰাগত নীতি-নিয়মেৰে উদযাপিত দৌল উৎসৱতো অংশ গ্রহণ কৰে।

অক্টোবৰ মাহত সম্পূৰ্ণ হব শ্রীশ্রীবটদ্ৰৱা থান সাংস্কৃতিক আৰু আধ্যাত্মিক প্রকল্পঃ ঘোষণা মুখ্যমন্ত্রীৰ

বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

14 Mar 2025 22:22 PM

পবিত্র দৌলোৎসৱ উপলক্ষে আজি দিনজোৰা কাৰ্যসূচী হাতত লয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। বৈষ্ণৱ ধৰ্মৰ অতি পবিত্ৰ স্থান শ্রীশ্রীবটদ্ৰৱা থানৰ লগতে বৰপেটা ভ্ৰমণৰে দৌলোৎসৱত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটা ভ্ৰমণৰ পৰা উভতি মুখ্যমন্ত্ৰীগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্রীশ্রীবটদ্ৰৱা থানত উপস্থিত হয় আৰু ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি গুৰুজনাৰ প্ৰতি সেৱা নিবেদন কৰে। মুখ্যমন্ত্রী ড° শর্মাই ঐতিহ্য বিজড়িত থানখনত পৰম্পৰাগত নীতি-নিয়মেৰে উদযাপিত দৌল উৎসৱতো অংশ গ্রহণ কৰে।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে পবিত্র দৌল উৎসৱৰ দিনটোত শ্রীশ্রীবটদ্ৰৱা থানলৈ আহি তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে গুৰুজনাৰ প্রতি সেৱা নিবেদন কৰে। দৌল উৎসৱৰ দিনকেইটাৰ দৰে সমগ্ৰ বছৰজুৰি ৰাজ্যবাসী যাতে আনন্দৰে থাকিব পাৰে তাৰ বাবে তেওঁ সেৱা আগবঢ়ায় বুলি সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই লগতে কয় যে অসম চৰকাৰে শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ উন্নয়ন সাধন কৰি এই স্থলীক এক সাংস্কৃতিক আৰু পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ চেষ্টা চলাইছে আৰু সেই চেষ্টাৰে ৰূপায়ন কৰি থকা প্রকল্পটো অহা অক্টোবৰ মাহত সম্পূর্ণ হৈ উঠিব বুলি তেওঁ জানিবলৈ দিয়ে। এই প্রকল্পটো অক্টোবৰ মাহতে ৰাইজৰ সেৱাত উৎসৰ্গা কৰা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰূপায়ন কৰি থকা প্রকল্পটোৰ জৰিয়তে বটদ্ৰৱাক আধ্যাত্মিক কেন্দ্র, শিল্প কেন্দ্র, সাংস্কৃতিক আৰু গৱেষণা কেন্দ্র ৰূপে গঢ়ি তুলি পৰ্যটনৰ আকৰ্ষণীয় স্থানত পৰিণত কৰিবলৈ পদক্ষেপ লোৱা হৈছে। প্রকল্পটোত পৰম্পৰাগত স্থাপত্য আৰু অসমৰ সাংস্কৃতিক বৈশিষ্টসমূহৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনবৃত্তৰ চিত্ৰায়ণ আদি সামৰি লোৱা হৈছে।

প্রকল্পটোৰ ভৱনসমূহ বিভিন্ন বাদ্যযন্ত্র, নৃত্য পৰিৱেশনশৈলী আৰু জীৱনশৈলীৰ প্ৰতিকৃতিৰ ৰূপত নিৰ্মাণ কৰা হৈছে। এই উপলক্ষ্যত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু নগাঁৱৰ বিধায়ক ৰূপক শর্মাও উপস্থিত থাকে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension