নতুন নিয়ম! অহা বছৰৰ পৰা স্কুটী পাবলৈ শিক্ষাৰ্থীয়ে কিমান নম্বৰ পাব লাগিব?
বাণীকান্ত কাকতি মেধা বঁটা সন্দৰ্ভত চৰকাৰৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা ৬০ শতাংশ বা ৭৫ শতাংশ লাভ কৰা শিক্ষাৰ্থীয়ে লাভ নকৰে স্কুটী। ইয়াৰ বাবে শিক্ষাৰ্থীয়ে অত্যাধিক নম্বৰ লাভ কৰিব লাগিব। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সোমবাৰে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰে।

বাণীকান্ত মেধা বঁটা
ড০ বাণীকান্ত মেধা বঁটা সন্দৰ্ভত ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। সোমবাৰে মাজুলীত ১২ দিনৰ বিকাশৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ছাত্ৰ- ছাত্ৰীসকলৰ মাজত স্কুটী আৰু নগদ ধন বিতৰণ কৰে। তাৰ পাছতেই সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পেগুৱে কয় যে, বাণীকান্ত আঁচনিখন সংশোধন কৰা হৈছে আৰু শীঘ্ৰেই ইয়াৰ সংশোধিত ৰূপ প্ৰকাশ পাব। ইয়াৰ অধীনত অহা বছৰৰ পৰা স্কুটী লাভৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ৮০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অহা বছৰৰ পৰা ৬০ শতাংশ বা ৭৫ শতাংশ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে বাণীকান্ত মেধা বঁটা লাভ নকৰে।
ইয়াৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে,প্ৰতিখন হাইস্কুলত নতুনকৈ এজন গণিতৰ শিক্ষক নিযুক্তি দিব লাগিব। ২০২৫ চনৰ পৰা প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ত স্থাপন কৰিব ডিজেটল ক্লাছ কোঠা। ইয়াৰোপৰি শিক্ষক বদলিকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানলৈ ৩৬,০০০ শিক্ষকৰ বদলিকৰণ হৈছে। ইয়াৰোপৰি বহুসংখ্যক শিক্ষকৰ বদলিকৰণ আৰু নিয়মীয়াকৰণৰ কাম একেলগে চলি আছে, যাৰ বাবে বদলিকৰণৰ কাম বন্ধ হয়। পৰৱৰ্তী সময়ত এই সমস্যা সমাধান কৰা হ’ব।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে কেইবাটাও আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহাৰ্য বা স্কুটী আদি প্ৰদান কৰে। তাৰ ভিতৰত ড০ বাণীকান্ত কাকতি মেধা বঁটাও অন্য়তম। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলক স্কুটী প্ৰদান কৰা হয়। চলিত বৰ্ষতো এই আঁচনিৰ অধীনত ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰি থকা হৈছে।
ইয়াৰ মাজতে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে এই ডাঙৰ ঘোষণা কৰে। গতিকে এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে স্কুটী পাবলৈ হ’লে ৮০ শতাংশ নম্বৰ লাভ কৰাতো আৱশ্যক। আগন্তুক সময়ত এই সংশোধনী আঁচনিখন প্ৰকাশ কৰিব চৰকাৰে। মন কৰিলগীয়া যে, বাণীকান্ত কাকতি মেধা বঁটা সন্দৰ্ভত প্ৰায় প্ৰতিবছৰে চৰকাৰে নিয়ম সলনি কৰে। এইবাৰো চৰকাৰে নিয়ম বান্ধি দিছিল যে ৰাজ্যৰ বাহিৰত পঢ়িব যোৱা শিক্ষাৰ্থীসকলে এই বঁটা লাভ নকৰিব। ইয়াৰোপৰি যিসকল শিক্ষাৰ্থীয়ে কোচিং কৰি আছে তেওঁলোকেও স্কুটী নাপাব। স্কুটী পাবলৈ হ’লে ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা হ’ব লাগিব।
উল্লেখ্য যে, চলিত বৰ্ষৰ বাবে বঁটা প্ৰদানৰ কাম বৰ্তমান চলি আছে। ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বা আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে। এইবাৰ ৰাজ্য চৰকাৰে অসমৰ ৩,২৩,৬৪০ শিক্ষাৰ্থীলৈ চাইকেল, ৪৮,৬৭৩ স্কুটাৰ আৰু ২৬,৯৬৯ শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব।