পুনৰ উত্তৰ-পূৰ্বৰ বিদ্ৰোহীয়ে আশ্ৰয় ল’ব পাৰে বাংলাদেশত ! চুবুৰীয়া দেশখনৰ ৰাজনৈতি অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ

Bangladesh Political Crisis : মুখ্যমন্ত্ৰী শৰ্মাই কয়," বৰ্তমান বাংলাদেশৰ পৰিস্থিতি এতি চিন্তনীয় । বাংলাদেশৰ পৰা উত্তৰ-পূৰ্ব ভাৰতৰ বিদ্ৰোহী সংগঠনক নিৰ্মূল কৰাৰ ক্ষেত্ৰত শ্বেখ হাছিনা চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।" গতিকে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আশংকা প্ৰকাশ কৰি কয় যে, হাছিনাৰ পদত্যাগ আৰু তেওঁৰ চৰকাৰ পতনৰ পাছত বাংলাদেশত পুনৰ উগ্ৰপন্থীয়ে আশ্ৰয় ল'ব পাৰে ।

পুনৰ উত্তৰ-পূৰ্বৰ বিদ্ৰোহীয়ে আশ্ৰয় লব পাৰে বাংলাদেশত ! চুবুৰীয়া দেশখনৰ ৰাজনৈতি অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

07 Aug 2024 14:44 PM

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদত্যাগ আৰু চুবুৰীয়া দেশখনৰ বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতাকলৈ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও উল্লেখ কৰে যে, বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ পাছত উত্তৰ-পূৰ্বৰ বিদ্ৰোহী সংগঠনে দেশখনত আশ্ৰয় ল’বৰ বাবে সুবিধা পোৱাৰ সম্ভাৱনা আছে । তদুপৰি ভাৰত বিৰোধী সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় নিদিয়াৰ ক্ষেত্ৰত শ্বেখ হাছিনাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ওপৰতো আলোকপাত কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,” বৰ্তমান বাংলাদেশৰ পৰিস্থিতি এতি চিন্তনীয় । বাংলাদেশৰ পৰা উত্তৰ-পূৰ্বৰ বিদ্ৰোহী সংগঠনক নিৰ্মূল কৰাৰ ক্ষেত্ৰত শ্বেখ হাছিনা চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।” গতিকে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আশংকা প্ৰকাশ কৰি কয় যে, হাছিনাৰ পদত্যাগ আৰু তেওঁৰ চৰকাৰ পতনৰ পাছত বাংলাদেশত পুনৰ উগ্ৰপন্থীয়ে আশ্ৰয় ল’ব পাৰে । ইয়াৰ লগতে বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি এই উগ্ৰপন্থী সংগঠন সমূহে পুনৰবাৰ আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।


ইয়াৰ লগতে তেওঁ কয়,”শ্বেখ হাছিনা চৰকাৰে বাংলাদেশত আশ্ৰয় লোৱা উত্তৰ-পূৰ্বৰ সকলো সন্ত্ৰাসবাদী সংগঠনক আঁতৰাই দিছিল । তেওঁৰ পদত্যাগৰ পাছত দেশখনত গঠন হ’বলগীয়া নতুন চৰকাৰে যাতে পুনৰবাৰ সেই সন্ত্ৰাসবাদী সংগঠন সমূহক আশ্ৰয় নিদিয়ে তাৰ ওপৰত গুৰুত্ব দিব লাগে । এই বিষয়টোৰ লগত অসমৰ ভৱিষ্যত নিহিত হৈ আছে ।” তদুপৰি তেওঁ কয় যে, বাংলাদেশত আহিবলগীয়া নতুন চৰকাৰৰ লগত এই বিষয়ত আলোচনাৰ কৰাৰ বাবে ভাৰত চৰকাৰে নিৰন্তৰ প্ৰচেষ্টাৰ চলাব । লগতে ভাৰত চৰকাৰে আলোচনাৰ মাধ্যমৰে বাংলাদেশত উত্তৰ-পূৰ্বৰ সন্ত্ৰাসবাদী সংগঠনে যাতে ঘাটি স্থাপন কৰিব নোৱাৰে, সেই ক্ষেত্ৰত নিশ্চিত প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে, বাংলাদেশৰ এই ধৰণৰ ৰাজনৈতিক অস্থিৰতা যদি চলি থাকে, তেন্তে সীমান্তৰে অসম তথা ভাৰতলৈ বাংলাদেশৰ লোকৰ অনুপ্ৰৱেশ হোৱাৰ সম্ভাৱনা কৰা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয়,”চিন্তনীয় বিষয় এই যে, বাংলাদেশত এই ধৰণৰ পৰিস্থিতি অব্যাহত থাকিলে, বহু লোক অসম তথা ভাৰতলৈ আহিবলৈ বিচাৰিব । গতিকে এই ক্ষেত্ৰত আমি সীমা সুৰক্ষিত কৰাটো অতি প্ৰয়োজন ।”

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!