কৰিমগঞ্জ ছেক্টৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক চিনাক্ত

শেহতীয়াকৈ ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ ছেক্টৰেৰে অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই থকা অৱস্থাতে চাৰি বাংলাদেশী নাগৰিকক বাধা প্ৰদান কৰে আৰক্ষীয়ে । উল্লেখ্য যে, এই বাংলাদেশী কেইজনক চিনাক্ত কৰাৰ পাছতে আৰক্ষীয়ে তৎক্ষণাত পদক্ষেপ গ্ৰহণ কৰি এই চাৰিজন বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশ কৰাত বাধা প্ৰদান কৰে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কৰিমগঞ্জ ছেক্টৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক চিনাক্ত

অনুপ্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ

Updated On: 

12 Aug 2024 | 01:25 PM

অস্থিৰ বাংলাদেশৰ পৰিস্থিতিয়ে প্ৰভাৱিত কৰিছে চুবুৰীয়া ভাৰতবৰ্ষক । বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলি যি খবৰ প্ৰকাশ পাইছে সেই খবৰকলৈ ভাৰতবৰ্ষৰ হিন্দু সমাজে উদ্বেগ প্ৰকাশ কৰিছে । ইফালে এই পৰিস্থিতি যদি অব্যাহত থাকে তেন্তে বাংলাদেশীৰ অনুপ্ৰৱেশ হোৱাৰ সম্ভাৱনাই চিন্তিত কৰি ৰাখিছে উত্তৰ-পূব অঞ্চলৰ লোকসকলক ।

মনকৰিবলগীয়া যে, বাংলাদেশ-বংগ সীমান্তৰে নিৰাপত্তাহীনতাত পৰি হাজাৰ হাজাৰ বাংলাদেশীয়ে অশ্ৰয়ৰ বাবে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰাৰো খবৰ প্ৰকাশ পাইছে । উল্লেখ কৰিব লাগিব যে, সীমান্তৰে ভাৰতবৰ্ষত প্ৰৱেশৰ বাবে চেষ্টা কৰা বাংলাদেশীক সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে(BSF)। ইয়াৰ মাজতে শেহতীয়াকৈ ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ ছেক্টৰেৰে অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই থকা অৱস্থাতে চাৰি বাংলাদেশী নাগৰিকক বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, এই বাংলাদেশী কেইজনক চিনাক্ত কৰাৰ পাছতে আৰক্ষীয়ে তৎক্ষণাত পদক্ষেপ গ্ৰহণ কৰি এই চাৰিজন বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশ কৰাত বাধা প্ৰদান কৰে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কৰিমগঞ্জ ছেক্টৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশী কেইজনৰ নাম মটিউৰ শ্বেখ,মুছিয়াৰ মোল্লাহ,তানিয়া মোল্লাহ আৰু ৰীতা মোল্লাহ । ৰাতি ১:৩০ বজাত এই লোক কেইজনে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল ।

লগতে পঢ়ক: Bangladesh Crisis: অসমৰ কৰিমগঞ্জত সীমান্ত নিৰাপত্তা বৃদ্ধি, বলৱৎ কৰা হৈছে কঠোৰ ব্যৱস্থা

ইফালে, প্ৰকাশিত খবৰ অনুসৰি, বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে সীমান্তৰে ভাৰতত অনুপ্ৰৱেশৰ বাবে চেষ্টা কৰা ১১ গৰাকী বাংলাদেশীক আটক কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । তথ্য অনুসৰি, পশ্চিম বংগ, ত্ৰিপুৰা আৰু মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰে এই বাংলাদেশী কেইজনে ভাৰতত অনুপ্ৰৱেশৰ বাবে চেষ্টা কৰিছিল ।

সীমান্তৰে অনুপ্ৰৱেশ ৰোধ আৰু বাংলাদেশৰ অস্থিৰতা যাতে ভাৰতলৈ বিয়পি নপৰে তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ভাৰত চৰকাৰে । সেই অনুসৰি ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কোনো কাৰণতে যাতে বাংলাদেশী ভাৰতৰ ভূ-খণ্ডত অনুপ্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত তীক্ষ্ণ নজৰ ৰাখিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।

লগতে পঢ়ক: বাংলাদেশৰ পৰা অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰক আহ্বান উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ

আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?