অযোধ্যাত গুৱাহাটীৰ শ্বাহজাহানৰ নৃশংস কাণ্ড! নিৰ্মমভাৱে হত্যা কৰিলে পত্নী-পুত্ৰক

পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ কাণ্ড।  স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে পত্নী আৰু কনিষ্ঠ পুত্ৰক । ঘটনাৰ পিছতে থিতাতে আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অভিযুক্ত স্বামীৰ সন্ধান আৰম্ভ কৰা হৈছে অভিযান।

অযোধ্যাত গুৱাহাটীৰ শ্বাহজাহানৰ নৃশংস কাণ্ড! নিৰ্মমভাৱে হত্যা কৰিলে পত্নী-পুত্ৰক

নিৰ্মমভাৱে হত্যা কৰিলে পত্নী-পুত্ৰক

Updated On: 

12 Apr 2025 | 08:27 PM

দেশত সংঘটিত আন এক ডাবল মাৰ্ডাৰ কাণ্ড। চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাষাণ স্বামীয়ে হাতত প্ৰাণ হেৰুৱালে পত্নী-পুত্ৰই। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। লগতে অপৰাধ সংঘটিত কৰি পলায়ন কৰা অভিযুক্ত স্বামীৰ সন্ধানত আৰম্ভ কৰা হৈছে অভিযান। মহিলাগৰাকীৰ মূৰত চোকা অস্ত্ৰৰে কৰা আঘাত প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে।  ডিঙি চেপি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ।

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ মহানগৰ কোতৱালি অঞ্চলৰ পৰা পোহৰলৈ আহিছে এই ডাবল মাৰ্ডাৰৰ চাঞ্চল্যকৰ কাণ্ড। মূলতঃ অসমৰ গুৱাহাটীৰ বাসিন্দা শ্বাহজাহানে অযোধ্যাৰ বছা চুলতানপুৰৰ সমীপত শিৱপুৰী কলনী ৰেলপথৰ কাষতে পৰিয়ালৰ সৈতে বাস কৰিছিল। শুকুৰবাৰে নিশা পত্নীৰ সৈতে কিবা কথাক লৈ কাজিয়া হৈছিল শ্বাহজাহানৰ। তাৰ পাছতে নিশা স্বামীয়ে ১৩ বছৰীয়া ডাঙৰ পুত্ৰক ঘৰৰ বাহিৰত শুবলৈ পঠিয়াই সৰু পুত্ৰ আৰু পত্নীক নিৰ্মমভাৱে হত্যা কৰে।

অভিযুক্ত স্বামীয়ে প্ৰথমে চোকা অস্ত্ৰৰে পত্নীৰ মূৰ আৰু ডিঙিত আক্ৰমণ কৰি পিছত ডিঙি চেপি হত্যা কৰে। এই সময়ছোৱাত অভিযুক্তই পত্নীৰ কাষত শুই থকা তিনি বছৰীয়া নিৰীহ শিশুটিকো ডিঙি চেপি হত্যা কৰি হত্যা কৰে শ্বাহজাহানে। তাৰ পিছত তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে। শনিবাৰে ৰাতিপুৱা ডাঙৰ পুত্ৰই কোঠাটোত সোমাই  মাক আৰু কনিষ্ঠ ভাতৃ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। এই সকলোবোৰ দেখি আতংকিত হৈ পৰা কিশোৰটিয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰে। ইয়াৰ পিছত চুবুৰীয়াৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক এই বিষয়ে অৱগত কৰে।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে নগৰ কোতৱালি আৰক্ষীৰ লগতে কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়া সেই স্থানত উপস্থিত হয়। ইয়াৰ পিছতে এফএছএলৰ দলকো স্থানলৈ মাতি নিয়া হয়। তেওঁলোকৰ হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰমাণসমূহ সংগ্ৰহ কৰে। আৰক্ষীয়ে কোঠাটোৰ বিচনাত পৰি থকা মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত মহিলাগৰাকীৰ নাম নেছিয়া বেগম (৩৫) আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ সাহাদকাৰ(৩)। এই ঘটনাটোৰ তথ্য প্ৰদান কৰি অযোধ্যাৰ অধীক্ষক ৰাজকৰণ মাইহাৰে কয় যে, এই পৰিয়ালটোৱে যোৱা ৮ মাহ ধৰি ইয়াত বসবাস কৰি আৱৰ্জনা গোটোৱা কাম কৰি আছিল। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ মোতায়েন কৰা হৈছে আৰক্ষীৰ দল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব