মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া, কোনে সংঘটিত কৰে এই ঘটনা?

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপ শইকীয়াক। আঘাতপ্ৰাপ্ত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া, কোনে সংঘটিত কৰে এই ঘটনা?

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া

Updated On: 

31 Aug 2025 08:10 AM

পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা। এইবাৰ লক্ষ্যত নাগালেণ্ডৰ এটা ব্যক্তিগত টিভি চেনেলত কৰ্মৰত ৰ সাংবাদিক দীপ শইকীয়া। আহত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শনিবাৰে সংঘটিত হয় এই ঘটনা। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত Flower festival ৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তেওঁ। উভতি অহাৰ পথত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপক।

দীপ শইকীয়াৰ দেহত লাগিছে দুটাকৈ গুলী। তথ্যনুসৰি হাত আৰু ভৰিত গুলী লাগিছে। লগে লগে ৰাইজে কৰায়ত্ত কৰে গুলীচালনা কৰা দুৰ্বৃত্তক। আহত সাংবাদিকজনৰ ঘৰ হৈছে মৰিয়নিত।

সংবাদ মাধ্যমৰ আগত মাতৃয়ে কয়, ‘যিয়ে গুলীচালনা কৰিছিল তেওঁক ধৰা হৈছে। দীপলৈ লক্ষ্য কৰি লোৱা নাছিল এয়া চৰাই মৰা গুলীহে আছিল বুলি কৈছে। কিন্তু এয়া কিমান সঁচা আমি নাজানো। ঘটনাটো হৈয়ে গ’ল কিন্তু এতিয়া ভগৱানে সোনকালে সুস্থ কৰি তাক ঘৰলৈ ঘুৰাই আনক।’

উল্লেখ্য যে, কিছুদিন পুৰ্বে সাংবাদিক দীপ শইকীয়াক নাগালেণ্ডৰ উপ মূখ্যমন্ত্ৰী Y PETON এ মুকলিকৈ ভাবুকি প্ৰদান কৰিছিল।

 

 

 

পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...