মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া, কোনে সংঘটিত কৰে এই ঘটনা?

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপ শইকীয়াক। আঘাতপ্ৰাপ্ত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া, কোনে সংঘটিত কৰে এই ঘটনা?

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া

Updated On: 

31 Aug 2025 | 08:10 AM

পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা। এইবাৰ লক্ষ্যত নাগালেণ্ডৰ এটা ব্যক্তিগত টিভি চেনেলত কৰ্মৰত ৰ সাংবাদিক দীপ শইকীয়া। আহত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শনিবাৰে সংঘটিত হয় এই ঘটনা। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত Flower festival ৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তেওঁ। উভতি অহাৰ পথত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপক।

দীপ শইকীয়াৰ দেহত লাগিছে দুটাকৈ গুলী। তথ্যনুসৰি হাত আৰু ভৰিত গুলী লাগিছে। লগে লগে ৰাইজে কৰায়ত্ত কৰে গুলীচালনা কৰা দুৰ্বৃত্তক। আহত সাংবাদিকজনৰ ঘৰ হৈছে মৰিয়নিত।

সংবাদ মাধ্যমৰ আগত মাতৃয়ে কয়, ‘যিয়ে গুলীচালনা কৰিছিল তেওঁক ধৰা হৈছে। দীপলৈ লক্ষ্য কৰি লোৱা নাছিল এয়া চৰাই মৰা গুলীহে আছিল বুলি কৈছে। কিন্তু এয়া কিমান সঁচা আমি নাজানো। ঘটনাটো হৈয়ে গ’ল কিন্তু এতিয়া ভগৱানে সোনকালে সুস্থ কৰি তাক ঘৰলৈ ঘুৰাই আনক।’

উল্লেখ্য যে, কিছুদিন পুৰ্বে সাংবাদিক দীপ শইকীয়াক নাগালেণ্ডৰ উপ মূখ্যমন্ত্ৰী Y PETON এ মুকলিকৈ ভাবুকি প্ৰদান কৰিছিল।

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...