Assam HS Result 2025 LIVE: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক
ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ অফিচিয়েল ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আজি ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবছাইটত উপলব্ধ হ’ল কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। এই বছৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ দুটা শ্বিফটত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। ২৯ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল ব্যৱহাৰিক পৰীক্ষা।
LIVE NEWS & UPDATES
-
ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক
তিনিওটা শাখাতে উত্তীৰ্ণৰ ক্ষেত্ৰত দেখা গ’ল ছাত্ৰীৰ আধিপত্য । সৰ্বমুঠ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.০৫ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮১.৪২ শতাংশ । ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৪.৩৭ শতাংশ অধিক । ইফালে বিগত বৰ্ষৰ ফলাফলক তুলনা কৰিলে যোৱা বৰ্ষতকৈ ফলাফল নিম্নগামী হোৱা দেখা গৈছে ।
-
বিত্তীমুখী শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ
বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ। ১,২০২ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৮০২ গৰাকী পৰীক্ষাৰ্থী। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.৫৩ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৩৯ শতাংশ।
-
-
উত্তীৰ্ণ শিক্ষাৰ্থীক শুভেচ্ছা জনাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ পোষ্ট
HSত উত্তীৰ্ণ শিক্ষাৰ্থীক শুভেচ্ছা জনাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। মুখ্যমন্ত্ৰীয়ে লিখিছে, “২০২৫ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ তোমালোকৰ ভৱিষ্যৎ উজ্জ্বল তথা কৃতকাৰ্যতাৰে ভৰি পৰক, সেয়াও অন্তৰেৰে কামনা কৰিলোঁ৷ শিক্ষা জীৱনত আৰু বহুদূৰ বাট অতিক্ৰমি একো একোজন সফল নাগৰিক হোৱা সেয়াই মনেৰে বিচাৰিছোঁ৷”তেওঁ লিখিছে, “লগতে মনে বিচৰা ধৰণে ফলাফল লাভ কৰিব নোৱৰাসকলে হতাশ নহৈ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েৰে সন্মুখৰ সময়ক মোকাবিলা কৰা৷ জীৱনত বিভিন্ন সুযোগে অপেক্ষা কৰে৷ এদিন তোমালোকৰো ভাল হ’ব৷ সন্মুখৰ দিনবোৰ সকলোৰে ভাল হওক, পোহৰৰ হওক৷”Congratulations to all the students who have successfully cleared the HS exams. Your sincerity and hardwork have paid off and I wish you the best for your future endeavours.
To all those who could not clear it this time, remember you can always RESTART & achieve your goals. pic.twitter.com/x8zXwiY1NJ
— Himanta Biswa Sarma (@himantabiswa) April 30, 2025
-
১০০% উত্তীৰ্ণৰ হাৰেৰে উজলিল নগাঁৱৰ কনচেপ্ট চিনিয়ৰ ছেকেণ্ডেৰী স্কুল
আজি ঘোষণা হ’ল HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। নগাঁৱত ১০০% উত্তীৰ্ণৰ হাৰেৰে উজলিল নগাঁৱৰ কনচেপ্ট চিনিয়ৰ ছেকেণ্ডেৰী স্কুল।
-
শিক্ষাৰ্থীসকলক শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ফলাফল ঘোষণাক লৈ সামাজিক মাধ্যমত পোষ্ট কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে, “উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ত উত্তীৰ্ণ সমূহ ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনালোঁ। জীৱনৰ বাটত তোমালোক সদায়ে সফল হোৱা আৰু মনে বিচৰাধৰণে আগুৱাই যোৱা। অদম্য মনোবল, সাহস, অনুশীলনৰ মাধ্যমেৰে জীৱনটো সুন্দৰকৈ সজাই ল’বা বুলি আশা কৰিলোঁ।”লগতে তেওঁ লিখিছে, “যিসকলে আশা কৰাধৰণে ফলাফল লাভ নকৰিলে তেওঁলোকে মনোবল নেহেৰুৱাই পুনৰ ন উদ্যম আৰু পৰিকল্পনাৰে সাজু হোৱা, তাৰেই আশা কৰি শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক।”Congratulations and best wishes to all students who passed the Assam HS Final Exam 2025.
May you move ahead with determination and shape a bright future for yourself.
To those who didn’t get the expected results, don’t lose heart. Come back stronger with renewed resolve and…
— Sarbananda Sonowal (@sarbanandsonwal) April 30, 2025
-
বৃত্তিমুখী শাখাত হাইলাকান্দি জিলাৰ শোচনীয় ফলাফল
বৃত্তিমুখী শাখাত শোচনীয় ফলাফল হাইলাকান্দি জিলাৰ। বৃত্তিমুখী শাখাত হাইলাকান্দিত উত্তীৰ্ণৰ হাৰ ২৯.২৭%।
-
বিজ্ঞান আৰু বাণিজ্য শাখাত নিম্নস্থানত ডিমা হাছাও
বিজ্ঞান আৰু বাণিজ্য শাখাত ডিমা হাছাওৰ আটাইতকৈ শোচনীয় প্ৰদৰ্শন। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৫৬.২৭% আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৪৬.৬০%।
-
কাছাৰ জিলাৰ শোচনীয় প্ৰদৰ্শন
কলা শাখাত আটাইতকৈ শোচনীয় প্ৰদৰ্শন দেখুৱাইছে কাছাৰ জিলাই। কলা শাখাত কাছাৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৫৮.৯৬ শতাংশ ।
-
শিক্ষামন্ত্ৰীয়ে জনালে শুভেচ্ছা
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পোষ্ট। শিক্ষামন্ত্ৰীয়ে লিখিছে, “আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষাৰ্থীকে অভিনন্দন জনাইছোঁ।”
লগতে লিখিছে, “যিসকল পৰীক্ষাৰ্থী সফল নহ’ল, তেওঁলোক নিৰাশ হ’ব নালাগে। সকলোৱে আগন্তুক পৰীক্ষাৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি আৰম্ভ কৰি সফলতা অৰ্জন কৰাৰ আশা ৰাখিছোঁ।”
ASSEB has declared the results for Higher Secondary in Arts, Science, Commerce, and Vocational courses today. Congratulations to those who have been successful, and best wishes for your future endeavors.
✅ Arts: Total appeared – 2,26,756; First Division – 49,577; Total passed –…
— Ranoj Pegu (@ranojpeguassam) April 30, 2025
-
বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বিজ্ঞান শাখাৰ শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং জিলা। পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।
-
বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমৰা
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাৰ শীৰ্ষত আছে দক্ষিণ শালমৰা। দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী, শ্রীভূমি জিলা কেউখন জিলাৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।
-
বাণিজ্য শাখাত প্রথম বিভাগত উত্তীর্ণ হৈছে ৬,৫১৯ গৰাকী
বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী ১৭৭৪৬ গৰাকী।মুঠ উত্তীৰ্ণৰ সংখ্যা ১৪৫৮৪ গৰাকী। প্রথম বিভাগত উত্তীর্ণ হৈছে ৬,৫১৯ গৰাকী শিক্ষাৰ্থী। দ্বিতীয় বিভাগত ৫,৭৬০ গৰাকী আৰু তৃতীয় বিভাগত ২,৩০৫ গৰাকী শিক্ষাৰ্থী উত্তীর্ণ হৈছে।
-
বিজ্ঞান শাখাত ২৫,৮২৭ গৰাকী উত্তীর্ণ প্রথম বিভাগত
বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ৫৬৯০৯ গৰাকী। মুঠ উত্তীৰ্ণ হৈছে ৪৮৩০৯ গৰাকী। ২৫,৮২৭ গৰাকী শিক্ষাৰ্থী উত্তীর্ণ হৈছে প্রথম বিভাগত। দ্বিতীয় বিভাগত ১৯,২৮৬ গৰাকী আৰু তৃতীয় বিভাগত উত্তীর্ণ ৩,১৯৬ গৰাকী।
-
কলা শাখাত প্ৰথম বিভাগত উত্তীর্ণ হৈছে ৪৯,৫৭৭ গৰাকী
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ পৰীক্ষাৰ্থী ২২৬৭৫৬ গৰাকী। মুঠ উত্তীৰ্ণ হৈছে ১৮৩৭৪৫ গৰাকী।৪৯,৫৭৭ গৰাকী প্ৰথম বিভাগত উত্তীর্ণ হৈছে। দ্বিতীয় বিভাগত উত্তীর্ণ হৈছে ৮০,৬৫০ গৰাকী । আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৩,৫১৮ গৰাকী।
-
কলা শাখাৰ শীৰ্ষত বাক্সা জিলা
কলা শাখাৰ শীৰ্ষত বাক্সা জিলা। বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ। বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা। পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমৰা। দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী, শ্রীভূমি জিলা কেউখন জিলাৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।
-
বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ
বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ। বাণিজ্য শাখাত মুঠ অৱতীৰ্ণ হৈছিল ১৭,৭৪৬ গৰাকী। ১৪,৫৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হৈছে বাণিজ্য শাখাত। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৪.৩৯ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৪ শতাংশ।
-
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ। বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ হৈছিল ৫৬,৯০৯ গৰাকী ছাত্ৰ-ছাত্ৰী। ৪৮,৩০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হৈছে বিজ্ঞান শাখাত । ছাত্ৰ উত্তীৰ্ণৰ হাৰ ৮৪.৩৯ আৰু ছাত্ৰী উত্তীৰ্ণৰ হাৰ ৮৫.৫৪ শতাংশ।
-
কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ
এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। কলা শাখাত মুঠ অৱতীৰ্ণ হৈছিল ২,২৬,৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী। উত্তীর্ণ হৈছে ১ লাখ ৮৩ হাজাৰ ৭৪৫ গৰাকী পৰীক্ষার্থী। ছাত্ৰ উত্তীৰ্ণৰ হাৰ ৭৮.৪২ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮২.৯৬ শতাংশ।
-
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবছাইটত উপলব্ধ হ’ল কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। অনলাইনযোগে মুঠ ১২টা ৱেবছাইটত ফলাফল চাব পাৰিব শিক্ষাৰ্থীসকলে।
-
‘UPOLOBDHA’তো চাব পাৰিব ফলাফল
এণ্ড্ৰইড এপ ‘UPOLOBDHA’তো চাব পাৰিব ফলাফল। গুগল প্লে’ ষ্ট’ৰৰ পৰা এই এপ ডাউনলোড কৰিব লাগিব।
-
বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব মাৰ্কশ্বীট
পিছত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয়ৰ পৰা তেওঁলোকৰ মূল দ্বাদশ শ্ৰেণীৰ নম্বৰ শ্বীট সংগ্ৰহ কৰিব লাগিব। অনলাইন মাৰ্কশ্বীটখন ছাত্ৰ-ছাত্ৰীয়ে কেৱল কলেজত নামভৰ্তিৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। মাৰ্ক শ্বীটত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত তথ্যৰ লগতে বিভিন্ন বিষয়ত লাভ কৰা নম্বৰৰ তথ্য থাকিব।
-
এছএমএছৰ জৰিয়তেও ফলাফল চাব পাৰিব
- আপোনাৰ ফোনত মেছেজিং এপটো খুলিব।
- নতুন মেছেজ লিখক: ASSAM12<space>Roll Number.
- ৫৬২৬৩ নম্বৰত এছএমএছ প্ৰেৰণ কৰক।
- ফলাফল একে নম্বৰলৈ টেক্সট মেছেজ হিচাপে প্ৰেৰণ কৰা হ’ব।
-
১২টা ৱেবছাইটত ফলাফল
অনলাইনযোগে মুঠ ১২টা ৱেবছাইটত ফলাফল চাব পাৰিব শিক্ষাৰ্থীসকলে
- ahsec.assam.gov.in
- assamresult.in
- assamjobalerts.com
- indiaresults.com
- schools9.com
- results.shiksha 24.in
- iresults.in
- iresults.net
- vidyavision.com
- jagranjosh.com
- ndtv.com
- indianexpress.com
-
মুঠ শিক্ষাৰ্থী ৩০২৪২০ গৰাকী
এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। কলা শাখাত ২,৩০,০৯১জন, বিজ্ঞান শাখাত ৫৭,৭২৪ জন আৰু বাণিজ্য ১৭,৮৬৯ জন শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।
-
আজি ৯ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
৩০ এপ্ৰিল, বুধবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।