অপদস্থ গোৱালপাৰাৰ দুই অধ্যাপিকা ! উদ্বেগ প্ৰকাশ শিক্ষক সমাজৰ…
শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হ'ল শিক্ষক সমাজে। সংবাদমেলতে দুগৰাকী অধ্যাপিকাই নিজৰ নিৰাপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰে।

গোৱালপাৰা মহাবিদ্যালয় শিক্ষক গোটৰ সংবাদমেল
ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। এইলৈ সময়ে সময়ে উদ্বেগ প্ৰকাশ কৰি আহিছে সচেতন মহলে। শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হ’ল শিক্ষক সমাজে। সংবাদমেলতে দুগৰাকী অধ্যাপিকাই নিজৰ নিৰাপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰে। এখন কলেজৰ দুগৰাকী অধ্যাপিকাই এইদৰে সংবাদেমেল পাতি নিজৰ নিৰপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে সচেতন মহলে।
সংবাদমেল পাতি কেমেৰাৰ সন্মুখত উচুপি উঠিল দুয়োগৰাকী অধ্যাপিকা। সংবাদ মাধ্যমৰ আগত দুয়োগৰাকী অধ্যাপিকাই কয় যে, “গোৱালপাৰাত আমি এতিয়া নিৰপত্তাহীনতাত ভুগিছোঁ। আমি মুক্ত মনে বাহিৰত ওলাবলৈ ভয় অনুভৱ কৰিছোঁ।”
উল্লেখ যে, চলিত মাহৰ ১১ তাৰিখ শনিবাৰে গোৱালপাৰা মহাবিদ্যালয়ত নৱাগত আদৰণি সভা চলি থকা অৱস্থাত মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত এক ঘটনা সংঘটিত হৈছিল। য’ত নেকি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। উক্ত ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰা মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপিকাক একাংশ লোকে টাৰ্গেট কৰি লোৱাৰ লগতে সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হয়।
একে সময়তে গোৱালপাৰা সদৰ আৰক্ষী থানাৰ সন্মুখত তেওঁলোকৰ গাড়ীত আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হয়। অভিযোগ অনুসৰি কেৱল এয়াই নহয় অধ্যাপিকা দুগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰে একাংশ লোকে। যাক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে অধ্যাপিকা দুগৰাকীয়ে।
তেওঁলোকে কয়, “কোনে কোন মুহূৰ্তত আমাক আক্ৰমণ কৰে ইয়াক লৈ আমি এতিয়া চিন্তিত হৈ পৰিছোঁ।” সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে ইতিমধ্যে গোৱালপাৰা জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকক অভিযোগ দিয়াৰ কথা সদৰী কৰিছে অধ্যাপিকা দুগৰাকীয়ে। ইফালে, গোৱালপাৰা সদৰ থানাত মহাবিদ্যালয় শিক্ষক গোটে এই ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে।