অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিবলৈ কেন্দ্ৰৰ সৈতে যোগাযোগ ৰাজ্য চৰকাৰৰ : হিমন্ত

Classical language status for Assamese : আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় যে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াবলৈ ৰাজ্য চৰকাৰে অহৰহ চেষ্টা কৰি আছে । ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰৰ এই অনুৰোধ নিশ্চিতভাৱে বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰে।

অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিবলৈ কেন্দ্ৰৰ সৈতে যোগাযোগ ৰাজ্য চৰকাৰৰ :  হিমন্ত

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

01 Oct 2024 16:14 PM

অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াবলৈ ৰাজ্য চৰকাৰে অহৰহ চেষ্টা কৰি আছে বুলি জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ( Classical Language Status for Assamese)। আজি ১ অক্টোবৰ তাৰিখে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে নিয়মিয়াকৈ যোগাযোগ কৰি আছে ৰাজ্য চৰকাৰে । আজি অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই প্ৰস্তাৱটোৱে ন্যায়াধীশ বিপ্লৱ শর্মা সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলীৰ পৰাও আগবাঢ়ি গৈ অসমীয়া ভাষাৰ এক অনন্য স্থান প্ৰাপ্তিত সহায় কৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰৰ এই অনুৰোধ নিশ্চিতভাৱে বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰে।

আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,’অসমীয়া ভাষাক ক্লাচিকেল ভাষাৰ স্বীকৃতি দিয়াৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছোঁ । এই প্ৰস্তাৱটোৱে ন্যায়াধীশ বিপ্লৱ শর্মা সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলীৰ পৰাও আগবাঢ়ি গৈ অসমীয়া ভাষাৰ এক অনন্য স্থান প্ৰাপ্তিত সহায় কৰিব ।’

লগতে তেওঁ কয়,’মই নিশ্চিত যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আমাৰ এই অনুৰোধ গভীৰভাৱে বিবেচনা কৰিব।’ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰি অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?