বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, সাংস্কৃতিক মহলত শোকৰ ছাঁ

চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ দীপক শর্মাৰ।  পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ।  দীর্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ।

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, সাংস্কৃতিক মহলত শোকৰ ছাঁ

বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

Updated On: 

03 Nov 2025 | 10:34 AM

ৰাজ্যবাসীৰ বাবে আন এক শোকৰ খবৰ। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই।   দীর্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শর্মা।

২১ অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ চিকিৎসাৰ নিয়া হৈছিল দীপক শর্মাক। চেন্নাইৰ ৰেলা হাস্পতালত মহাপ্ৰয়াণ ঘটে বিশিষ্ট বাঁহীবাদকগৰাকীৰ। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে।

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় মাধ্যমত বহুকেইটা জনপ্ৰিয় চেনেলত সংগীতৰ কাম কৰিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই। ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জিটিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে। জাতিংগা, লুইতক ভেটিব কোনে, জংকি পানৈত সংগীতৰ কাম কৰিছিল শিল্পীগৰাকীয়ে। ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰিত কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহীবাদক আছিল দীপক শৰ্মা।

১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই।  তেওঁৰ পিতৃ প্ৰয়াত প্ৰমোদ শৰ্মা। অসমৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেতে বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। অসুস্থতাৰ মাজতে দীপক শৰ্মালৈ আগবঢ়োৱা হৈছিল ২০২৫ বৰ্ষৰ ‘জুবিন গাৰ্গ বঁটা’ । গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মা বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। জীৱনৰ চিকিৎসাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল তেওঁ। তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত তেওঁক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব