আজি পহিলা ব’হাগ, ৰংঘৰৰ বাকৰিত আটাছুৰ উদ্যোগত সপ্তদশ ৰঙালী বিহু উদযাপন

আজিৰ কাৰ্যসূচীত মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ সভাপতি শ্ৰী বসন্ত গগৈ, প্ৰাক্তন বিধায়ক শ্ৰী কুশল দুৱৰী ডাঙৰীয়া, তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী ময়ূৰ বৰগোহাঁই, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, বিশিষ্ট সমাজসেৱক শ্ৰী সুৰুজ দিহিঙীয়াসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আজি পহিলা বহাগ, ৰংঘৰৰ বাকৰিত আটাছুৰ উদ্যোগত সপ্তদশ ৰঙালী বিহু উদযাপন

ৰংঘৰৰ বাকৰিত আটাছুৰ উদ্যোগত সপ্তদশ ৰঙালী বিহু উদযাপন

Updated On: 

15 Apr 2025 19:24 PM

আজি পহিলা ব’হাগ। ঐতিহাসিক ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছে মুকলি বিহু। পুৰাতন পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত আটাছুৰ উদ্যোগত ৰঙালী বিহু উদযাপন। ঢোল, পেঁপাৰ মাত আৰু ৰাংঢালী নাচনীৰ নাচত প্ৰাণময় হৈ পৰে ৰংঘৰ। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুস্থলীত দেখা গ’ল অসমৰ চহকী সংস্কৃতিৰ অনন্য প্ৰতিচ্ছবি।

ঐতিহাসিক তলাতল ঘৰৰ পৰা ঢোলে-দগৰে হাতীত বহাই আদৰি অনা হ’ল প্ৰতীকি স্বৰ্গদেউক।  ৰঙালীৰ ৰঙেৰে উদুলি-মুদুলি হ’ল ৰংঘৰ বাকৰি। এই পৰম্পৰা অনাদি অনন্ত কাললৈ অব্যাহত চলি থাকিব বুলি সকলোৰে বিশ্বাস। স্বৰ্গদেৱে ৰংঘৰত পদাৰ্পণ কৰি নিৰ্দেশনা প্ৰদান কৰাৰ পাছতেই আৰম্ভ হয় সাংস্কৃতিক কাৰ্যসূচীৰ।

বাপতিসাহোন ব’হাগ বিহুৰ দিনা ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ ৰংপুৰবাসী ৰাইজৰ সহযোগত সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। অনুষ্ঠানত অংশ লৈ সকলোকে বিহুৰ আন্তৰিক ওলগ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে, প্ৰথম ব’হাগৰ দিনটোত ঐতিহাসিক ৰংঘৰত উপস্থিত হোৱাতো গৌৰৱৰ ক্ষণ বুলি মন্তব্য কৰে।

আজিৰ কাৰ্যসূচীত মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ সভাপতি শ্ৰী বসন্ত গগৈ, প্ৰাক্তন বিধায়ক শ্ৰী কুশল দুৱৰী ডাঙৰীয়া, তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী ময়ূৰ বৰগোহাঁই, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, বিশিষ্ট সমাজসেৱক শ্ৰী সুৰুজ দিহিঙীয়াসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছতে বহুকেইটা হুঁচৰি দলে প্ৰদৰ্শন কৰা বিহুৱে মন আকৰ্ষণ কৰে বিহুপ্ৰেমী ৰাইজক। বিয়লিলৈ অনুষ্ঠিত মূল সংগীতানুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সংগীতানুষ্ঠান।

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ, এই ৰাশিৰ লোকসকল হ'ব লাগিব সাৱধান!
ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!