কেৱল সৰু-সুৰা ঠিকাৰ লোভত দেশখনক যাতে বিক্ৰী নকৰেঃ ৰবি শৰ্মা

ৰবি শৰ্মাৰ মতে, চৰকাৰ এখনে যেতিয়া কাম কৰিব নেৱাৰে তেতিয়া মিছা কথা মাতে। এইবোৰ কৈয়ে থাকিব আৰু চলিয়েই থাকিব। মই কব বিচাৰিছোঁ, চোৰৰ অভাৱ নাই! কাৰোৱাৰ ঘৰত অভাৱ হ'ব আৰু চোৰ সৃষ্টি হ'ব। অভাৱে চোৰ সৃষ্টি কৰে, কিন্তু গৰাকী সদায় সচেতন হোৱাৰ প্ৰয়োজন।

কেৱল সৰু-সুৰা ঠিকাৰ লোভত দেশখনক যাতে বিক্ৰী নকৰেঃ ৰবি শৰ্মা

অসমৰ জনপ্ৰিয় অভিনেতাৰ তালিকাত শীৰ্ষত ৰবি শৰ্মা।

Updated On: 

27 May 2024 | 02:16 PM

অসমৰ জনপ্ৰিয় অভিনেতাৰ তালিকাত শীৰ্ষত ৰবি শৰ্মা। সকলোৱে ৰবি শৰ্মাৰ অভিনয়ৰ উপৰিও স্পষ্ট কথনশৈলীকো ভাল পায়। এইবাৰ অভিনেতাজনে জনসাধাৰণৰ সজাগতাৰ ওপৰত বহুতো কথা কৈছে।

ৰবি শৰ্মাই কৈছে, গণতান্ত্ৰিক অধিকাৰ যদি আমি ভালকৈ সাব্যস্ত কৰিব পাৰোঁ, গণতান্ত্ৰিক শক্তি ভালকৈ প্ৰয়োগ কৰিলে কোনেও আমাক ঠগিব নোৱাৰে। সংবিধানৰ মতে,৫ বছৰ দিয়া হয় এটা ৰাজনৈতিক দলক, ভাল কাম নকৰিলে চৰকাৰ সলনি কৰিবও পাৰোঁ। কেৱল সৰু-সুৰা এটা-দুটা ঠিকাৰ লোভত দেশখনক যাতে বিক্ৰী নকৰে।

ৰবি শৰ্মাৰ মতে, চৰকাৰ এখনে যেতিয়া কাম কৰিব নোৱাৰে তেতিয়া মিছা কথা মাতে। এইবোৰ কৈয়ে থাকিব আৰু চলিয়েই থাকিব। মই কব বিচাৰিছোঁ, চোৰৰ অভাৱ নাই! কাৰোৱাৰ ঘৰত অভাৱ হ’ব আৰু চোৰ সৃষ্টি হ’ব। অভাৱে চোৰ সৃষ্টি কৰে, কিন্তু গৰাকী সদায় সচেতন হোৱাৰ প্ৰয়োজন। নিজে সজাগ হ’লে কোনেও আমাক ঠগিব নোৱাৰে, চৰকাৰেও নোৱাৰে। ইয়াত শিক্ষা-দিক্ষাৰ কথা আছে, আইনখন জানিব লাগে, সংবিধানৰ কথা জানিব লাগে।

মদ্যপান কৰি গাড়ী চলোৱাটো ঠিক নহয়। আজিকালি বাৰু বহুতে নচলোৱা হ’ল। এইটো কাৰণে নহয় যে সুৰা পান কৰি গাড়ী চলালে বিপদ হ’ব পাৰে, এইটো কাৰণে মানিছে যে ধৰা পৰিলে তেওঁলোকে ফাইন দিব লাগিব। আনহাতে সুৰাৰ দাম বৃদ্ধিকলৈও মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...