অনলাইন প্ৰৱঞ্চনাৰে পঞ্জাবৰ ব্যৱসায়ীক ৭ কোটি টকা লুণ্ঠন, ইডিয়ে গ্ৰেপ্তাৰ কৰিলে অসমৰ মহিলাক

এছ পি অছৱাল নামৰ এই উদ্যোগপতিগৰাকীক 'ডিজিটেল এৰেষ্ট' কৌশলেৰে জালত পেলাই ৭ কোটি টকাতকৈও অধিক ধন লুণ্ঠন কৰিছিল দুৰ্বৃত্তই। এই গোচৰত এতিয়া জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ এগৰাকী মহলাক।

অনলাইন প্ৰৱঞ্চনাৰে পঞ্জাবৰ ব্যৱসায়ীক ৭ কোটি টকা লুণ্ঠন, ইডিয়ে গ্ৰেপ্তাৰ কৰিলে অসমৰ মহিলাক

ইডিয়ে গ্ৰেপ্তাৰ কৰিলে অসমৰ মহিলাক

Updated On: 

29 Dec 2025 10:47 AM

শেহতীয়া সময়ছোৱাত দেশত বহু অনলাইন প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। একাংশ প্ৰৱঞ্চকে ভিন্ন কৌশলী পন্থাৰে বলিৰ পঠা সজাই লুণ্ঠন চলাইছে সাধাৰণ লোকক। এনে এক প্ৰৱঞ্চনাৰ ফান্দত পৰি শেহতীয়াকৈ ৭ কোটি টকাতকৈও অধিক ধন হেৰুৱাইছিল পঞ্জাবৰ লুধিয়ানাৰ এগৰাকী প্ৰতিষ্ঠিত উদ্যোগপতিয়ে। এছ পি অছৱাল নামৰ এই উদ্যোগপতিগৰাকীক ‘ডিজিটেল এৰেষ্ট’ কৌশলেৰে জালত পেলাই ৭ কোটি টকাতকৈও অধিক ধন লুণ্ঠন কৰিছিল দুৰ্বৃত্তই।

এই গোচৰত এতিয়া জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ এগৰাকী মহলাক। ধৃত মহিলাগৰাকীৰ নাম ৰুমী কলিতা বুলি জানি পৰা গৈছে। প্ৰৱঞ্চনাৰ এই গোচৰত ৰুমী কলিতা কিদৰে জড়িত আছিল, ইডিয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে।

প্ৰকাশিত তথ্য মতে, এই বৃহৎ চাইবাৰ জালিয়াতিৰ ধন সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা একাউণ্ট পৰিচালনাৰ ক্ষেত্ৰত ৰুমী কলিতাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তদন্তকাৰী সংস্থাটোৰ তথ্য অনুসৰি, উদ্যোগপতিগৰাকীৰ পৰা লুণ্ঠন কৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি তাৎক্ষণিকভাৱে বিভিন্ন ভুৱা একাউণ্টলৈ প্ৰেৰণ কৰা হৈয়।

অসমৰ ৰুমী কলিতাই এই একাউণ্টসমূহৰ তথ্য প্ৰৱঞ্চকক যোগান ধৰিছিল। তথ্য যোগানৰ বিনিময়ত তেওঁ লুণ্ঠন কৰা ধনৰ এটা নিৰ্দিষ্ট শতাংশ কমিচন হিচাপে লাভ কৰিছিল। ইডিয়ে এতিয়া এই গোচৰত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আদালতে ধৃত ৰুমী কলিতা অহা ২ জানুৱাৰীলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।

তদন্তৰ সময়ত ধৃত ৰুমী কলিতা এনে অপৰাধ ঘটনাত জড়িত থকাৰ বহু প্ৰমাণ লাভ কৰা বুলি উল্লেখ কৰে। এই গোচৰত ইডিয়ে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু অসমৰ মুঠ ১১টা স্থানত তালাচী চলাইছে। ২০০২ চনৰ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

উল্লেখ্য যে প্ৰৱঞ্চকৰ দলটোৱে CBIৰ বিষয়াৰ ছদ্মবেশ ধৰি উদ্যোগপতি এছ পি অছৱালক লুণ্ঠনৰ জাল মেলিছিল। এই সময়ত দলটোৱে ভুৱা চৰকাৰী নথি-পত্ৰ ব্যৱহাৰ কৰি অছৱালক ‘ডিজিটেল এৰেষ্ট’ কৰে আৰু তেওঁক একাধিক একাউণ্টলৈ মুঠ ৭ কোটি টকা স্থানান্তৰ কৰিবলৈ বাধ্য কৰে।

এই বৃহৎ ধনৰাশিৰ ৫.২৪ কোটি টকা ইতিমধ্যে উদ্ধাৰ কৰি ঘূৰাই দিয়া হৈছে। আনহাতে বাকী ধনখিনি শ্ৰমিক বা ডেলিভাৰী কৰ্মীৰ নামত খোলা ভুৱা একাউণ্টৰ জৰিয়তে নগদ ৰূপত উলিয়াই লোৱা হৈছিল অথবা আন একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল বুলি তথ্য প্ৰকাশ পাইছে। সম্প্ৰতি এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

ডালিমৰ এনে আশ্চৰ্যকৰ উপকাৰী গুণৰ বিষয়ে জানেনে? শীতৰ সময়ত হৈ পৰিব মহৌষধ
শীতকালত কিয় বৃদ্ধি পায় চুগাৰৰ মাত্ৰা? কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানক...
হাতলৈ ধন অহাৰ পূৰ্বে মানুহে লাভ কৰে এইসমূহ সংকেত, জানক...
যাদুকৰী গুণেৰে ভৰপূৰ ব্ৰকলি, শীতৰ সময়ত আপোনাৰ দেহক এইদৰে দিয়ে সুৰক্ষা
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...