পহলগাম আক্ৰমণকলৈ ‘আপত্তিজনক’ ফেচবুক পোষ্টৰ বাবে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰক আটক

সামাজিক মাধ্যমত আপত্তিজনক আৰু সাম্প্ৰদায়িকভাৱে উচটনিমূলক মন্তব্য় প্ৰকাশ কৰাৰ অভিযোগৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে এজন অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰক আটক কৰিছে । শুকুৰবাৰে এই কথা জানিবলৈ দিছে এগৰাকী আৰক্ষীৰ বিষয়াই ।

পহলগাম আক্ৰমণকলৈ ‘আপত্তিজনক’ ফেচবুক পোষ্টৰ বাবে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰক আটক

অসম বিশ্ববিদ্য়ালয়

Published: 

25 Apr 2025 15:29 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক আৰু সাম্প্ৰদায়িকভাৱে উচটনিমূলক মন্তব্য় প্ৰকাশ কৰাৰ অভিযোগৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে এজন অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰক আটক কৰিছে । শুকুৰবাৰে এই কথা জানিবলৈ দিছে এগৰাকী আৰক্ষীৰ বিষয়াই । জানিব পৰা মতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম বিশ্ববিদ্যালয়ৰ শাখাই দাখিল কৰা এজাহাৰ ভিত্তিত ছাত্ৰজনক আটক কৰে আৰক্ষীয়ে ।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰজনক আটক কৰে আৰক্ষীয়ে । আৰক্ষীৰ বিষয়াগৰাকীয়ে কয়, “বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে আৰু সময়ত তেওঁক আদালতত হাজিৰ কৰা হ’ব। আমি বিষয়টোৰ তদন্ত কৰি আছো। এবিভিপিৰ সূত্ৰই জনোৱা মতে, ভাৰ্চিটিত কম্পিউটাৰ বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ছাত্ৰজনে বুধবাৰে ফেচবুকত এটা পোষ্ট কৰিছিল । এই পোষ্টটোত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে এবিভিপিৰ সদস্যকে ধৰি কিছুমান ব্যক্তিৰ বিৰুদ্ধে গালি-গালাজ আৰু অপমানজনক ভাষা ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হয়।

উল্লেখ্য যে, এই পোষ্টটো বৰ্তমান সামাজিক মাধ্যমত উপলব্ধ নহয় । একে সময়তে ছাত্ৰজনে পিছৰ আন এটা পোষ্টত ক্ষমা বিচাৰে । তেওঁ দাবী কৰে যে, তেওঁৰ কাকো ব্যক্তিগতভাৱে আঘাত কৰাৰ উদ্দেশ্য নাছিল।

ইফালে, বিৰোধী দল AIUDFৰ বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ পক্ষ লোৱা অভিযোগত দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। একেসময়তে ছ’চিয়েল মিডিয়াকে ধৰি কোনো উপায়েৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰাৰ কোনো প্ৰচেষ্টা সহ্য কৰা নহ’ব বুলি উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্য়মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই । এনে ব্যক্তিৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা আছে বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক