Assam Trading Scam: DB STOCKৰ পিছত AD STOCK কেলেংকাৰী, কোটি কোটি টকা লৈ গুৱাহাটীৰ পৰা পলাল সুন্দৰী!

DB Stockৰ পাছত এইবাৰ AD Stockৰ মহালুণ্ঠন। তিনি মাহত টকা ডাবল কৰাৰ প্ৰতিশ্ৰুতিৰে লুণ্ঠন ৰাইজক। AD Stock-এ লুটিলে ৰাইজৰ কোটি কোটি টকা। কেইবাশ কোটি টকা লৈ গুৱাহাটীৰ পৰা পলাল সুন্দৰী যুৱতী।

Assam Trading Scam: DB STOCKৰ পিছত AD STOCK কেলেংকাৰী, কোটি কোটি টকা লৈ গুৱাহাটীৰ পৰা পলাল সুন্দৰী!

DB STOCKৰ পিছত AD STOCK কেলেংকাৰী, কোটি কোটি টকা লুটি পলাল সুন্দৰী!

Updated On: 

14 Nov 2024 12:12 PM

Assam online trading scam: পোহৰলৈ আহিছে ৰাজ্যৰ আন এক ট্ৰেডিং কেলেংকাৰি এইবাৰ AD ষ্টকছে লুটিলে লাখে লাখে টকা। ৩ মাহত ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে কোটি কোটি লুণ্ঠন কৰি পলাল এগৰাকী যুৱতী। কেইবাশ কোটি টকা লুটি পলাল আল্পনা দাস। হেঙেৰাবাৰীত কাৰ্যালয় খুলি সংগ্ৰহ কৰিছিল ধন।

ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ চাঞ্চল্যৰ এতিয়া মাৰ যোৱা নাই। এতিয়াৰ কাৰাগাৰৰ ভিতৰত সময় পাৰ কৰি আছে ট্ৰেডিঙৰ নাম প্ৰৱঞ্চনা কৰা বহুকেইগৰাকী অভিযুক্তই। তাৰ মাজত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ট্ৰেডিং কেলেংকাৰী। এইবাৰ AD STOCKএ লুটিলে ৰাইজৰ কোটি কোটি টকা। কেইবাশ কোটি টকা লৈ গুৱাহাটীৰ পৰা পলাল আল্পনা দাস নামৰ এগৰাকী যুৱতী। AD Stock Broking Financial Service নামেৰে হেঙেৰাবাৰীত খুলিছিল কাৰ্যালয়। বিনিয়োগকাৰীক মাহিলী ১৩% সুত দিয়াৰ প্ৰতিশ্ৰুতি দিছিল AD STOCKএ। হেঙেৰাবাৰীত কাৰ্যালয় খুলি ট্রেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিল যুৱতীগৰাকীয়ে।

তথ্য অনুসৰি প্ৰথম অৱস্থাত প্ৰায় দুবছৰ সময় বিনিয়োগকাৰীক সুত ঠিকেই দিছিল AD STOCKএ। পিছে চলিত বৰ্ষৰ জুলাইৰ পৰা বিনিয়োগকাৰীক ওভতাই দিয়া নাছিল ধন। শেষত দীপাংকৰ বৰ্মনৰ পলায়নৰ একে কায়দাৰে পলায়ন কৰে এই যুৱতীগৰাকীয়েও। কাৰ্যালয়ত তলা লগাই গুৱাহাটীৰ পৰা পলাই যায় AD Stock Broking Financial Serviceৰ লোক।

ইয়াৰ উপৰিও DB Stockৰ দৰেই বহিঃৰাজ্যৰ বহু লোকেও ধন বিনিয়োগ কৰিছিল AD Stockত। লক্ষণীয়ভাৱে এসময়ত DB Stockতে মেনেজাৰ হিচাপে কাম কৰিছিল অভিযুক্ত যুৱতীগৰাকী। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে বহু ভুক্তভোগীয়ে।পিছে  এইপৰ্যন্ত যুৱতীগৰাকীক বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে।

ইফালে আজি চুমি-বিশাল-তাৰ্কিকৰ জামিন আবেদনৰ প্ৰথমটো শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি । ইয়াৰ বাবে CBIক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ। জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বিশাল ফুকন। ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে চুমি-তাৰ্কিকো। ট্ৰেডিং কেলেংকাৰী অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছি লচুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকনৰ লগতে বহুতো।

উল্লেখ্য যে, ডি বি ষ্টকৰ নামত কেইবা হাজাৰ কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা দীপাংকৰ বৰ্মনক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ডিবি ষ্টকৰ স্বত্বাধিকাৰীগৰাকীয়ে বিগত কেইবাদিন ধৰি গোৱাত আত্মগোপন কৰি আছিল। গোৱাৰ পৰাই প্ৰৱঞ্চকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।  এচিপি অমিত মাহাতোৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে দীপাংকৰ। তাৰ পাছত গোৱাৰ পৰা অসমলৈ অনা হৈছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। ইয়াৰ পূৰ্বে দীপাংকৰৰ ১২ টাকৈ বেংক একাউন্ট জব্দ কৰিছিল আৰক্ষীয়ে। অভিযোগ অনুসৰি দীপাংকৰে প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল। দীপাংকৰৰ জালত কেৱল ৰাজ্যৰে নহয়, দেশৰ বহুলোক পৰিছিল।

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !