১.৫ লাখৰো অধিক চৰকাৰী নিযুক্তি, পঢ়ক দিনটোৰ শীৰ্ষ খবৰ…

আজি ১০ জানুৱাৰী, শনিবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। চৰকাৰী নিযুক্তিৰ পৰা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচীলৈ মাত্ৰ ২ মিনিটত পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

১.৫ লাখৰো অধিক চৰকাৰী নিযুক্তি, পঢ়ক দিনটোৰ শীৰ্ষ খবৰ...
Published: 

10 Jan 2026 | 05:49 PM

বহু গুৰুত্বপূৰ্ণ খবৰে আজি শিৰোনাম দখল কৰিছে। ১.৫ লাখৰো অধিক চৰকাৰী চাকৰি প্ৰদান কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে ৰাজ্য চৰকাৰে। ২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনটোত অসমৰ কেইবাটাও স্থানত আই ই ডি উদ্ধাৰ হোৱাৰ গোচৰত আৰু ২ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল এন আই এৰ। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. বৰ্তমানৰ ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা ১.৫ লাখৰো অধিক চৰকাৰী চাকৰি প্ৰদান কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। শনিবাৰে ADRE অধীনত তৃতীয় বৰ্গৰ ৬ হাজাৰৰো অধিক পৰীক্ষাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি সৰুসজাই ষ্টেডিয়ামত তৃতীয় বৰ্গৰ ৬,৩৪৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
  2. ২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনটোত অসমৰ কেইবাটাও স্থানত আই ই ডি উদ্ধাৰ হোৱাৰ গোচৰত আৰু ২ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল এন আই এৰ। অভিযুক্ত দুজন হৈছে ভাৰ্গৱ গগৈ আৰু ছুমু গগৈ। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা, এক্সপ্ল’চিভ চাবষ্টেনচ এক্ট আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দাখিল কৰা হৈছে অভিযোগনামা। গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত দাখিল কৰা হয় এই পৰিপূৰক অভিযোগনামা।
  3. নিৰ্বাচনমুখী অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিচেম্বৰ মাহত অসম ভ্ৰমণ কৰাৰ পাছত পুনৰ অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণকালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণসূচীৰ সময়ত ১৭ জানুৱাৰীত গুৱাহাটীত বড়োসকলৰ পৰম্পৰাগত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী।
  4. ২০২৫ চনত ৰাজ্যৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী শাখাই ৩২ জন বিষয়াক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাষ্ট্ৰই জনসেৱাৰ সততাৰ ক্ষেত্ৰত আপোচ নকৰে। মুখ্যমন্ত্ৰীয়ে লিখিছে, অন্য কোনো কথা নাই, অসমে কেতিয়াও দুৰ্নীতি সহ্য নকৰে।
  5. নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড। চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই। স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহনখন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি দিয়ে। ঘটনাত হতাহত হোৱা নাই কোনো লোক। বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাহনখন।
  6. জানুৱাৰী মাহৰ শেষৰ পূৰ্বে ৰাজহুৱা হ’ব সাংসদ গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ সবিশেষ। এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে,বিষয়াসকলে কাগজ-পত্ৰ চূড়ান্ত কৰি আছে আৰু সবিশেষ “ফেব্ৰুৱাৰী মাহৰ আগতে” প্ৰকাশ কৰা হ’ব।
  7. চলিত বৰ্ষৰ এপ্ৰিল মাহত খালী হ’বলগীয়া অসমৰ তিনিওখন ৰাজ্যসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুখনত বিজেপিৰ দুই সাংসদ ভুৱনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলী আৰু আনখন আসনত বহি আছে নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞা। এই তিনিওজন ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল শেষ হ’ব এপ্ৰিলত।
  8. অসমলৈ আহিল দেশৰ প্ৰথমখন Sleeper Coach বন্দে ভাৰত ৰে’ল। কামাখ্যা ৰে’ল জংচনত বৰ্তমান ৰখোৱা হৈছে ৰে’লখন। অহা ১৭ জানুৱাৰীত আনুষ্ঠানিকভাৱে ৰে’লখনৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কামাখ্যাৰ পৰা হাওৰা জংচনলৈ চলিব এই ৰে’লখন।
  9. কাছাৰ জিলাত আৰক্ষীয়ে ৮.২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীৰ এটা দলে ১.৩৫৭ কেজি মৰ্ফিন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি এজন বিষয়াই জানিবলৈ দিছে।
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
ফেটি লিভাৰত ভুগিছে নেকি ? এই সাধাৰণ শীতকালীন পাচলি বিধে যকৃতৰ স্বাস্থ্য উন্নত কৰিব পাৰে
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ