আজিৰ দিনটোত ক’ত কি ঘটিল? পলকতে পঢ়ক ৯ টা শীৰ্ষ খবৰ…

আজি ২ জানুৱাৰী। আজিৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। মাত্ৰ ২ মিনিটত পঢ়ক ৰাজ্য, দেশ-বিদেশৰ ৯টা শীৰ্ষ খবৰ।

আজিৰ দিনটোত কত কি ঘটিল? পলকতে পঢ়ক ৯ টা শীৰ্ষ খবৰ...
Published: 

02 Jan 2026 20:12 PM

বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিমাহে ১,৫০০ টকাকৈ লাভ কৰিব উদাসীন ভকতসকলে। অসম চৰকাৰে গঠন কৰিব অষ্টম দৰমহা আয়োগ। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. নতুন বছৰৰ দ্বিতীয় দিনটোত অসম চৰকাৰে প্ৰৱৰ্তন কৰিলে আন এখন আঁচনি। উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিৰ অধীনত প্ৰতিমাহে ১,৫০০ টকাকৈ লাভ কৰিব উদাসীন ভকতসকলে। আজি লোকসেৱা ভৱনত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকত আৰ্থিক সাহাৰ্য লাভ কৰিব।
  2. অসম চৰকাৰে গঠন কৰিব অষ্টম দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ পদাংক অনুকৰণ কৰি নিজাকৈ অষ্টম দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য হ’ব অসম। ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক এই নবগঠিত আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ পূৰ্বে ২০১৫ চনত অসমে অন্তিমবাৰৰ বাবে দৰমহা আয়োগ গঠন কৰিছিল।
  3. নগাঁও জিলাৰ যমুনামুখ মৌদাংগা সংৰক্ষিত বনাঞ্চলত ২ জানুৱাৰীত ডবকা প্ৰশাসনে আৰম্ভ কৰে বৃহৎ উচ্ছেদ অভিযান। কিন্তু AIUDF ৰ নেতা বিলাল উদ্দিনে এই অভিযানত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলায়। বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি অহা প্ৰায় ৬ হাজাৰ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি পুনৰ উদ্ধাৰৰ বাবে চলোৱা হৈছে এই উচ্ছেদ অভিযান। এই অভিযানৰ ফলত প্ৰায় ১২৫০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।
  4. বিহু আৰু ঝুমুৰ নৃত্যৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ আন এক বৃহৎ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। বিশ্ববাসীৰ সন্মুখত এইবাৰ বড়ো জনজাতিৰ গৌৰৱময় লোকনৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। শিল্পী দিৱসৰ দিনটোতে, অৰ্থাৎ অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
  5. অপাৰধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিছে গুৱাহাটী আৰক্ষীয়ে। ২০২৫ চনৰ ভিতৰত গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত মুঠ ৫,৭৮৬ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত ৭,৪১২ টা আৰু ২০২৩ চনত ৯,৩৯৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। বছৰৰ শেষলৈকে মুঠ ২,৮৮২ টা গোচৰ বিচাৰাধীন হৈ আছে। মহানগৰ আৰক্ষীয়ে জনাইছে এই তথ্য।
  6. কামৰূপ ক্ষেত্ৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভায়েকৰ প্ৰহাৰত প্ৰাণ গ’ল ককায়েকৰ। দুই ভাতৃয়ে ইটাৰে মৰিয়াই মৰিয়াই হত্যা কৰে জ্যেষ্ঠ ভাতৃক। অতি সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত হয় এই কৰুণ ঘটনা।
  7. ২০২৬ৰ নিৰ্বাচনৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে কংগ্ৰেছ দলে। আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক যুটীয় অভিৱৰ্তন। এই অনুষ্ঠানত গৌৰৱ গগৈয়ে কয় যে এইবাৰ নিৰ্বাচনী যুঁজ ৰাজনৈতিক দলৰ মাজত নহয়, অসমৰ জনতা আৰু এজন ৰজাৰ মাজত হ’ব। নাম উল্লেখ নকৰাকৈয়ে গৌৰৱ গগৈয়ে ধনবল-বাহুবল, সাম্প্ৰদায়িক বক্তব্যৰে ৰজাজনে শাসন কৰি থকা বুলি উল্লেখ কৰে।
  8. গঠন হ’ল জুবিন গাৰ্গ ন্যাস। এক সংবাদমেলযোগে আজি এই কথা জনালে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। লগতে খাৰঘূলিস্থিত শিল্পীগৰাকীৰ বাসগৃহটোও জুবিন গাৰ্গ ন্যাসক দান কৰে গৰিমা শইকীয়াই। সংবাদমেলত গৰিমা শইকীয়া গাৰ্গৰ সৈতে উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ আশাত আজিও অপেক্ষা কৰি ৰৈছে পৰিয়ালটোৱে।
  9. কাৰ্বি আংলঙত কেইদিনমান পূৰ্বে সংঘটিত ডাইনী হত্যাৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত ১৮ গৰাকীকৈ অভিযুক্ত। এটি দম্পতীক ডাইনীৰ সন্দেহত জ্বলাই দিছিল গাঁওবাসীয়ে। তাৰ পাছতেই আৰক্ষীয়ে চলাইছিল অভিযান। অৱশেষত পুৰুষ-মহিলাসহ আটক কৰা হয় ১৮ গৰাকীক।
শীতত অসহ্যকৰ গাঁঠিৰ বিষ কেনেকৈ কৰিব দূৰ, জানক টিপচ!
আলুৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক, খাবলৈ এৰি কৰিব এই কাম!
উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা
কংগ্ৰেছৰ প্ৰতিটো টিকটৰ দাম ৩ ৰ পৰা ৪ কোটি: মুখ্যমন্ত্ৰী
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...