এঘন্টাৰ বাবে অন্ধকাৰত ডুবিব ৰাজ্য, চৰকাৰৰ আহ্বান

Earth Hour 2025: মাৰ্চ মাহৰ শেষৰ শনিবাৰে 'ধৰিত্ৰী ঘণ্টা' পালন কৰা হয়। এই দিনটোত স্থানীয় সময় অনুসৰি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হয়। এই সময়ত অপ্ৰয়োজনীয় কামত বিজুলী ব্যৱহাৰ নকৰিবলৈ জনোৱা হয় আহ্বান।

এঘন্টাৰ বাবে অন্ধকাৰত ডুবিব ৰাজ্য, চৰকাৰৰ আহ্বান

ধৰিত্ৰী ঘণ্টা

Published: 

21 Mar 2025 12:52 PM

জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় ‘ধৰিত্ৰী ঘণ্টা’। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মানুহক উৎসাহিত কৰাৰ লক্ষ্যৰে পালন কৰা আৰ্থ আৱাৰ বা ‘ধৰিত্ৰী ঘণ্টা’ হৈছে এক বিশ্বব্যাপী পদক্ষেপ।  মাৰ্চ মাহৰ শেষৰ শনিবাৰে ‘ধৰিত্ৰী ঘণ্টা’ পালন কৰা হয়। এই দিনটোত স্থানীয় সময় অনুসৰি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হয়। এই সময়ত অপ্ৰয়োজনীয় কামত বিজুলী ব্যৱহাৰ নকৰিবলৈ জনোৱা হয় আহ্বান। এই কাৰ্যকলাপে গোলকীয় উষ্ণতা বৃদ্ধি, বাসস্থান ধ্বংস, আৰু অস্থায়ী শক্তি ব্যৱহাৰৰ দৰে জৰুৰী পৰিৱেশজনিত সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক।

আৰ্থ আৱাৰৰ অৰ্থ ইয়াৰ সামূহিক বাৰ্তাত নিহিত হৈ আছে – যে প্ৰতিটো সৰু কাম যিমানেই তুচ্ছ যেন নালাগিলেও বিশ্বব্যাপী আন্দোলনত অৰিহণা যোগাব পাৰে। আৰ্থ আৱাৰৰ উদ্দেশ্য হৈছে বহনক্ষম জীৱন-যাপনৰ প্ৰতি অধিক দায়িত্ববোধৰ সৃষ্টি কৰা। এই উদ্দেশ্য আগত লৈ শক্তি ব্যৱহাৰৰ প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ বহুতো দেশৰ চৰকাৰ আৰু কোম্পানীয়ে স্বেচ্ছাই তেওঁলোকৰ ভৱন, সচিবালয়, বিভিন্ন স্মাৰকৰ উপৰি জনসাধাৰণে স্বেচ্ছাই এঘণ্টাৰ বাবে তেওঁলোকৰ অপ্ৰয়োজনীয় লাইট বন্ধ কৰি ধৰিত্ৰী ঘণ্টাত অংশগ্ৰহণ কৰে । এইবাৰ ২২ মাৰ্চ শনিবাৰে নিশা নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ বিশ্বজুৰি পালন কৰা হ’ব ‘ধৰিত্ৰী ঘণ্টা’।

এই উপলক্ষে ‘ধৰিত্ৰী ঘণ্টা’ পালনৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। জলবায়ু পৰিৱর্তন আৰু শক্তি সংৰক্ষণৰ সম্পর্কে সজাগতা বৃদ্ধিৰ বাবে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (WWF-India)ৰ উদ্যোগত আয়োজিত আর্থ আৱাৰ ২০২৫ত অসম চৰকাৰে সকলো নাগৰিককে অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। ২০২৫ চনৰ ২২ মাৰ্চ শনিবাৰে নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ সমগ্ৰ অসমৰ ব্যক্তি, ব্যৱসায়ী, প্ৰতিষ্ঠানসমূহক পৰিৱেশ বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক হিচাপে ইংগিত হিচাপে সকলো অপ্ৰয়োজনীয় লাইট বন্ধ কৰিবলৈ উৎসাহিত কৰা হৈছে। য’ত কোৱা হৈছে- ‘পৃথিৱীৰ কল্যাণৰ বাবে আপুনি দিয়ক ৬০ মিনিট। নিশা ৮.৩০ বজাৰ পৰা ৯.৩০লৈ অপ্রয়োজনীয় লাইটসমূহ বন্ধ ৰাখক’।

এই বাৰ্ষিক পদক্ষেপে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা আৰু শক্তি-দক্ষ পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ প্ৰতীক হিচাপে কাম কৰে। বিদ্যুৎ সংৰক্ষণৰ দৰে সৰু সৰু কামে সামূহিকভাৱে অধিক বহনক্ষম ভৱিষ্যতৰ বাবে অৰিহণা যোগাব পাৰে বুলি ভাবিয়েে অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। নাগৰিকসকলক সজাগতা বিস্তাৰ আৰু আৰ্থ আৱাৰত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়।  যাৰ ফলত বিশ্ব পৰিৱেশ প্ৰচেষ্টাৰ প্ৰতি অসমৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিব।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?